নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া

১। চমু উত্তৰ লিখা –

(ক) বিধানসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে?

উত্তৰঃ বিধানসভাৰ সদস্যসকলক একোটা বিধানসভা সমষ্টিৰ ভোটাৰসকলে নিৰ্বাচিত কৰে।

(খ) শাসক দল মানে কি?

উত্তৰঃ চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোক শাসক দল বোলে।

(গ) দেশত মধ্যকালীন নির্বাচন কেতিয়া হয়?

উত্তৰঃ চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে বিশেষ কাৰণত চৰকাৰ ভংগ হ’লে দেশত মধ্যকালীন নির্বাচন অনুষ্ঠিত হয়।

(ঘ) ৰাজ্য বিধানসভাৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰঃ ৰাজ্য বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰ।

(ঙ) দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা?

উত্তৰঃ দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ’ল-

(i) ভাৰতীয় জনতা পাৰ্টী । আৰু

(ii) ভাৰতীয় জাতীয় কংগ্ৰেছ।

(চ) অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা।

উত্তৰঃ অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম হ’ল- অসম গণ পৰিষদ।

২। উত্তৰ লিখা —

(ক) ভাৰতৰ নিৰ্বাচনী প্রক্রিয়াটো কেনেধৰণৰ? বৰ্ণনা কৰা।

উত্তৰঃ নির্বাচন অনুষ্ঠিত কৰিবলৈ কিছুমান বিশেষ প্রক্রিয়া আছে। ভাৰতবৰ্ষত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্রপতিয়ে কেন্দ্ৰত এখন নির্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে। মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্রপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নির্বাচনী আয়োগ গঠন কৰা হয়। নির্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্রস্তুত কৰে। নির্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ তাৰিখ, মনোনয়নপত্ৰ পৰীক্ষা আৰু প্রত্যাহাৰৰ তাৰিখ, নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নির্ধাৰণ কৰে। নির্বাচনী আয়োগৰ নীতি-নিদের্শনাসমূহ কঠোৰ। নির্বাচন অনুষ্ঠিত হ’বলগীয়া ঠাইত নির্দিষ্ট সময়ৰ বাবে আয়োগে কেতবোৰ নির্বাচনী আচৰণবিধি বলৱৎ কৰে যাতে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘাকাৰীৰ ওপৰত আয়োগে বিহিত ব্যৱস্থা ল’ব পাৰে। নির্বাচনী আয়োগে নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজ দলৰ প্ৰাৰ্থীক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ মনোনীত কৰে।

(খ) গণতন্ত্ৰত ৰাজনৈতিক দলৰ কাৰ্যাবলীসমূহ কি কি?

উত্তৰঃ গণতন্ত্ৰত ৰাজনৈতিক দলৰ প্ৰধান কাৰ্যসমূহ এনেধৰণৰ:

ক) নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা।

খ) জনসাধাৰণৰ মাজত ৰাজনৈতিক চেতনা জাগ্ৰত কৰা।

গ) জনমত গঠন কৰা।

ঘ) চৰকাৰ গঠন কৰি দেশখন সুচাৰুৰূপে পৰিচালনা কৰা।

(গ) গণতন্ত্ৰত বিৰোধী দলে কেনেকৈ চৰকাৰক নিয়ন্ত্ৰণ কৰে ?

উত্তৰঃ উত্তৰঃ গণতন্ত্ৰত বিৰোধী দলে তলত দিয়া ধৰণেৰে চৰকাৰক নিয়ন্ত্ৰণ কৰে—

(i) ৰাজনৈতিক সচেতনতা জগাই তুলি মুক্ত আৰু প্রতিযোগিতামূলক নির্বাচন অনুষ্ঠিত কৰাত সহায় কৰে।

(ii) চৰকাৰে যদি জনকল্যাণমূলক আঁচনি কাৰ্যকৰী নকৰে তেন্তে বিৰোধী দলে তাৰ সমালোচনা কৰি আঁচনিসমূহ কাৰ্যৰণৰ বাবে সুস্থ জনমত গঠন কৰে।

(iii) আইন প্ৰণয়নৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ আগবঢ়ায়।

(iv) প্রয়োজন সাপেক্ষে দোষ-ত্রুটি আঙুলিয়াই দিয়ে।

(ঘ) গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে নে? যুক্তি দর্শোৱা।

উত্তৰঃ গণতন্ত্ৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে।

কাৰণ –

(i) নির্বাচন জনসাধাৰণৰ মত প্ৰকাশৰ এক গুৰুত্বপূৰ্ণ মাধ্যম।

(ii) নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অনুষ্ঠিত নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণে চৰকাৰক নিজৰ নিয়ণন্ত্ৰণত ৰাখিব পাৰে, অন্যথা শাসকীয় দল স্বেচ্চাচাৰী হ’ব।

(iii) নির্বাচনে জনগণৰ ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰে।

(iv) নিৰ্বাচনৰ জৰিয়তে নাগৰিকে দেশৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিবলৈ সুবিধা পায়।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা —

(ক) ভাৰতৰ উপ-ৰাষ্ট্রপতি প্রত্যক্ষ / পৰোক্ষভাৱে নির্বাচিত হয়।

উত্তৰঃ পৰোক্ষভাৱে।

(খ) লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৫ / ১২৬ জন।

উত্তৰঃ ৫৪৫জন।

(গ) তেলেগু দেশম পার্টী এটা আঞ্চলিক / ৰাষ্ট্ৰীয় দল।

উত্তৰঃ আঞ্চলিক দল।

(ঘ) মুখ্যমন্ত্ৰীক ৰাজ্যপাল / ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে।

উত্তৰঃ ৰাজ্যপাল।

(ঙ) বিধানসভাৰ কার্যকাল ৭ / ৫ বছৰ।

উত্তৰঃ ৫ বছৰ

৪। চমুটোকা লিখা —

(ক) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ

উত্তৰঃ ভাৰতবৰ্ষত ১৮ বছৰ বয়সৰ ওপৰৰ সকলো নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে। ইয়াত ধৰ্ম, বর্ণ, ভাষা, লিংগ, ধনী, দুখীয়া নির্বিশেষে নির্দিষ্ট বয়সপ্রাপ্ত সকলো লোকে ভোটাধিকাৰ লাভ কৰে বাবে ইয়াক সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়।

(খ) নির্বাচনী আয়োগ

উত্তৰঃ ভাৰতত বিভিন্ন নিৰ্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰত এখন নিৰ্বাচনী আয়োগ গঠন কৰি দিয়ে। এই আয়োগত এজন মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন নিৰ্বাচনী আয়ুক্ত থাকে। মুখ্য নিৰ্বাচনী আয়ুক্তজনক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতো একোখন ৰাজ্যিক নিৰ্বাচনী আয়োগ গঠন কৰা হয়। নিৰ্বাচনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচী প্ৰস্তুত কৰে। নিৰ্বাচনৰ বাবে মনোনয়নপত্র দাখিলৰ তাৰিখ, মনোনয়নপত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ তাৰিখ, নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ তাৰিখো আয়োগে নির্ধাৰণ কৰে।

(গ) ৰাজনৈতিক দল

উত্তৰঃ গণতন্ত্ৰৰ এক অন্যতম অংগ হ’ল ৰাজনৈতিক দল। গণতান্ত্রিক পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ’লে ভোটাৰসকল যিদৰে অপৰিহাৰ্য ঠিক তেনেদৰে ৰাজনৈতিক দলসমূহো অপৰিহাৰ্য। বিশেষকৈ প্রতিনিধিত্বমূলক গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আমাৰ দেশত নিৰ্দিষ্ট আদৰ্শৰ ভিত্তিত প্রতিষ্ঠিত বহুকেইটা ৰাজনৈতিক দল আছে। তাৰে কিছুমান ৰাষ্ট্ৰীয় দল আৰু কিছুমান আঞ্চলিক দল। নিজস্ব মতাদর্শক প্রাধান্য দি দেশব্যাপী থকা সংগঠনৰ ভিত্তিত সাধাৰণতে একো একোটা ৰাজনৈতিক দল গঢ়ি উঠে। এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দল হিচাপে মর্যাদা লাভ কৰিবলৈ হ’লে নির্বাচনী আয়োগৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰি তিনিখন বা ততোধিক ৰাজ্যৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে পঞ্জীয়নভুক্ত হ’ব লাগে।

Scroll to Top