প্ৰাকৃতিক দুৰ্যোগ
মৌখিক কাৰ্য-
১। বাৰিষা বৰষুণত বানপানী সৃষ্টি হোৱা অসমৰ দুখন নদীৰ নাম কোৱা।
উত্তৰঃ বাৰিষা বৰষুণত বানপানী সৃষ্টি হোৱা অসমৰ দুখন নদীৰ নাম হৈছে-
(ক) ব্ৰহ্মপুত্ৰ নদী আৰু
(খ) বৰাক নদী
২। তিনিটা প্রাকৃতিক দুৰ্যোগৰ নাম কোৱা।
উত্তৰঃ তিনিটা প্ৰাকৃতিক দুৰ্যোগৰ নাম-
(ক) ভূমিকম্প
(খ) বানপানী
(গ) ধুমুহা।
৩। খৰাং বুলিলে কি বুজা?
উত্তৰঃ বহুদিন ধৰি বৰষুণ নোহোৱাৰ বাবে নদ-নদী, জলাশয়, পুখুৰী, কুঁৱা আদিত পানী শুকাই বাম হৈ পৰে আৰু ভূস্তৰৰ পানী বহু তললৈ নামি যায়। ইয়াৰ ফলত খেতি পথাৰৰ মাটি ফাটি যায়, খোৱা পানীৰ অভাব হয় তেতিয়া প্ৰকৃতিৰ এনে অৱস্থাটোক খৰাং বোলা হয়।
৪। বানপানী আৰু খৰাঙৰ মাজত পার্থক্য কি?
উত্তৰঃ ক) বানপানী অত্যধিক পৰিমাণে হোৱা বৰষুণৰ ফলত হয়। আনহাতে, খৰাং বৰষুণৰ অভাৱত হয়।
খ) বানপানী হ’লে নদ – নদী, জলাশয় আদি পানীৰে উপচি পৰে । আনহাতে, খৰাং হ’লে নদ – নদী, জলাশয় আদিৰ পানী শুকাই যায়।
৫। ধৰি লোৱা তুমি এখন নিকেতনৰ প্ৰধানাচাৰ্য। তোমাৰ নিকেতনত বানপানী সোমাইছে। তুমি ল’ৰা-ছোৱালীৰ নিৰাপত্তাৰ বাবে কি ব্য়ৱস্থা হাতত ল’বা?