আমাৰ আহাৰ

প্ৰশ্নাৱলী- 

(১) আমি কিয় আহাৰ খাওঁ ?

উত্তৰঃ আমি জীয়াই থাকিবলৈ আহাৰ খাওঁ । আহাৰৰ পৰাই আমি বিভিন্ন কাম কৰিবলৈ শক্তি পাওঁ। পুষ্টিকৰ আহাৰে আমাৰ শৰীৰ ঠিকমতে গঠন আৰু বৃদ্ধি হোৱাত সহায় কৰে। আহাৰ অবিহনে দেহত নানা ৰোগ হ’ব পাৰে।

(২) পুষ্টিকৰ বস্তু কোনবোৰ ?

উত্তৰঃ পুষ্টিকৰ বস্তু হ’ল প্ৰ’টিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বী।

(৩) আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ কি কি?

উত্তৰঃ আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ হ’ল- প্ৰ’টিন, কাৰ্ব’হাইড্রেট আৰু চৰ্বী।

(৪) আমাৰ আহাৰত কিয় প্ৰ’টিন থকা উচিত?

উত্তৰঃ প্ৰ’টিনে আমাৰ শৰীৰৰ সকলো অংশ যেনে- চুলি, তেজ, ছাল, হাড়, মাংসপেশী ইত্যাদিবোৰ গঠনৰ বাবে প্রয়োজনীয় বস্তু যোগান ধৰে।

(৫) কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ কি?

উত্তৰঃ কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ হ’ল- ভিটামিন বা খাদ্যপ্ৰাণ আৰু খনিজ পদার্থ।

(৬) সুষম আহাৰ কি?

উত্তৰঃ বয়স আৰু শৰীৰৰ অৱস্থা অনুসৰি পুষ্টিকৰ বস্তুবোৰ ঠিক জোখত থকা আহাৰকে সুষম আহাৰ বোলে।

(৭) কেঁচুৱা আৰু বাঢ়ি আহা ল’ৰা-ছোৱালীৰ আহাৰ কেনে হোৱা উচিত?

উত্তৰঃ কেঁচুৱা আৰু বাঢ়ি অহা ল’ৰা- ছোৱালীৰ আহাৰত প্ৰ’টিন, ভিটামিন আদি পুষ্টিকৰ বস্তুবোৰ বয়সীয়া মানুহে খোৱা আহাৰতকৈ বেছি পৰিমানে থকা উচিত।

(৮) শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম লিখা ।

উত্তৰঃ শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম হ’ল- ছ’ডিয়াম, পটেছিয়াম, আইৰণ বা লো, আয়’ডিন, কেলছিয়াম ইত্য়াদি।

Scroll to Top