অসমৰ ভূগোল
১। অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যা ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখা।
উত্তৰঃ অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ অৰ্থাৎ প্রায় ৭৮,৪৩৮ বর্গ কি.মি. মাটিকালি সামৰি লৈছে। ভাৰতৰ লোকপিয়ল ২০১১ চনৰ তথ্যমতে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.৬ শতাংশ লোকে অসমত বাস কৰি আছে। অসমৰ মুঠ জনসংখ্যা হৈছে ৩১২.০৫ লাখ আৰু ইয়াৰে ১৫৯.৩৯ লাখ পুৰুষ আৰু ১৫২.৬৬ লাখ মহিলা।
২। অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা।
উত্তৰঃ অসমৰ শিক্ষিতৰ হাৰ ২০০১ চনত আছিল ৬৩.২৫ শতাংশ আৰু ২০১১ চনত ৭২.১৯ শতাংশলৈ বৃদ্ধি হয়।
৩। ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
উত্তৰঃ ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে অসমত ৭খন প্ৰথম শ্ৰেণীৰ আৰু ৬ খন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে।
প্ৰথম শ্ৰেণীৰ চহৰঃ গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনিচুকীয়া, তেজপুৰ।
দ্বিতীয় শ্ৰেণীৰ চহৰঃ ধুবুৰী, ডিফু, উত্তৰ লখিমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ, গোৱালপাৰা।
৪। ১৯০১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা।
৫। ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা।
Updated on: 28/10/2025