ভাৰতীয় গণতন্ত্ৰ
১। অতি চমু উত্তৰৰ প্ৰশ্ন-
১। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?
উত্তৰঃ ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্রমিক দল জয়ী হৈছিল।
২। “ কেবিনেট মিছন” ভাৰতলৈ কেতিয়া আহিছিল?
উত্তৰঃ “ কেবিনেট মিছন” ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল।
৩। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰঃ সংবিধান সভাৰ প্ৰথম সভাপতি ড° সচ্চিদানন্দ সিনহা আছিল।
৪। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি?
উত্তৰঃ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ’ল- ড° বি. আৰ. আম্বেদকাৰ।
৫। “ সমাজবাদী আৰু “ ধৰ্মনিৰপেক্ষ” শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল?
উত্তৰঃ সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে “ সমাজবাদী ” আৰু ধৰ্মনিৰপেক্ষ” শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছিল।
৬। ইংৰাজী “ Federation ” শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?
উত্তৰঃ ইংৰাজী “ Federation ” শব্দটো লেটিন শব্দ “ Foedus ” ৰ পৰা আহিছে।
৭। “ যুক্তৰাষ্ট্ৰৰ গৃহভূমি” বুলি কাক কোৱা হয়।
উত্তৰঃ “ যুক্তৰাষ্ট্ৰৰ গৃহভূমি” বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয়।
৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
উত্তৰঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই।
৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
উত্তৰঃ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে।
চমু উত্তৰৰ প্ৰশ্ন-
১) ব্ৰিটিছ চৰকাৰে “কেবিনেট মিছন”ক কিয় ভাৰতলৈ পঠাইছিল?
উত্তৰঃ ভাৰতবর্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে কেবিনেট মিছনক ভাৰতবৰ্ষত পঠিওৱা হৈছিল।
২। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইনৰ অনুসৰি ভিত্তিত চলিছিল আৰু আইনখন ব্রিটিছ সংসদে প্রস্তুত কৰিছিল।
৩। প্ৰস্তাৱনাত “ আমি ভাৰতীয় জনসাধাৰণে” বুলি কিয় উল্লেখ কৰা হৈছে?
উত্তৰঃ প্রস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।
৪। “সাৰ্বভৌম” মানে কি?
উত্তৰঃ সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা। অর্থাৎ বাহ্যিকভাবে ভাৰতবর্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবর্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়।
৫। কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত “ সমাজবাদী” আৰু “ ধৰ্মনিৰপেক্ষ” শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে?
উত্তৰঃ ১৯৭৬ চনৰ ১৮ ডিচেম্বৰত হোৱা সংবিধানৰ ৪২ তম সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত “ সমাজবাদী” আৰু “ ধৰ্মনিৰপেক্ষ” শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল।
৬। ‘অৰ্ধ যুক্তৰাষ্ট্ৰ’ কাক বোলে?
উত্তৰঃ যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যৰ লগতে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও দেখা যায় তাক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বোলে।
৭। কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।
দীঘল উত্তৰৰ প্ৰশ্ন-
১। ভাৰতবৰ্ষত সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।
২। “সার্বভৌম”, “সমাজবাদী”, “ধৰ্মনিৰপেক্ষ”, “গণতান্ত্ৰিক” আৰু “ গণৰাজ্য ” বুলিলে কি বুজা বহলাই লিখা।
৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা।
৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।
Updated on: 28/10/2025