আমি অসুস্থ হওঁ কিয়?

প্ৰশ্নাৱলী-

1. সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় দুটা ব্যৱস্থা হৈছে:

(ক) পুষ্টিকৰ তথা সুষম আহাৰ গ্ৰহণ কৰা।

(খ) ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰা।

2. ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা হ’ল-

(ক) সুষম আহাৰ গ্ৰহণ কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা।

(খ) পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়ম মানি স্বাস্থ্যবিধি অনুসৰণ কৰা।

3. ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ? কিয়?

প্ৰশ্নাৱলী-

1. যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্র এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি? কিয় যাবা বা নাযাবা?

2. তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে? যদি পৰে কিয়?

  • যদি তুমি জন্দিচত ভোগা,
  • যদি তোমাৰ ওকনি হয়,
  • যদি তোমাৰ শালমইনা হয়।

উত্তৰঃ  জণ্ডিচ হৈছে এনে এটা ৰোগ যি আমাৰ স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ পেলাব পাৰে, কিয়নো ই আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ অৰ্থাৎ যকৃতক আক্ৰান্ত কৰে। এই ৰোগটো এটা ক্ৰণিক ৰোগ।

প্ৰশ্নাৱলী-

1. আমি অসুস্থ হ’লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয়?

উত্তৰঃ  অসুস্থ হ’লে স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয়, কাৰণ অসুস্থতাৰ সময়ত শৰীৰ দুৰ্বল হৈ পৰে আৰু হজম ব্যৱস্থাই সঠিকভাৱে কাম নকৰে। সেয়েহে এই সময়ছোৱাত সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰা উচিত আৰু পুষ্টিসমৃদ্ধ খাদ্যও খোৱাৰ পৰামৰ্শ দিয়া হয়। বেমাৰ বা সংক্ৰমণৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। সেইবাবে সোনকালে সুস্থ হ’বলৈ সাধাৰণ আৰু পুষ্টিকৰ খাদ্য  খাদ্যবলৈ দিয়া হয়।

2. কি কি প্ৰক্ৰিয়াৰদ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয়?

উত্তৰঃ 

3. তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছা?

4. অসংক্ৰাম্যকৰণ কি?

5. তোমালোকৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্রত অসংক্ৰাম্যকৰণৰ কি কি ব্যৱস্থা আছে? তোমালোকৰ অঞ্চলত কি কি ৰোগৰ প্ৰভুত্ব বেছি?

অনুশীলনী-

1. যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল?

(a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিবৰ্তন হৈছিল?

(b) বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচাৰা?

2. এজন চিকিৎসক/নাৰ্চ/স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে?

3. তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা। ৰোগসমূহ নিবাৰণৰ কাৰণে কর্তৃপক্ষলৈ তিনিটা পৰামৰ্শ আগবঢ়োৱা।

4. এটা শিশুৱে তাৰ পৰিচৰ্য্যাক অসুস্থতাৰ বিষয়ে একো ক’ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে-

(a) শিশুটো অসুস্থ হৈছে?

(b) কি কাৰণে অসুস্থ হৈছে?

5. তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব-

(a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে।

(b) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আই (Chicken Pox) ত ভোগা ৰোগীক পৰিচৰ্য্যা কৰে।

(c) মেলেৰিয়া ৰোগত আক্রান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোনে থকা অৱস্থাত মাজু আইত আক্রান্ত ৰোগীক পৰিচৰ্য্যা কৰে।

6. তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা-

(a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা।

(b) যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা।

(c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্রান্ত হয়। কিয়?

Updated on- 27/010/2025

Scroll to Top