ভাৰতৰ ৰাজনৈতিক দল
অতি চমু উত্তৰৰ প্ৰশ্ন-
(১) একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ’ল চীন দেশ।
(২) আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ’ল দ্বি – দলীয় ব্যৱস্থা।
(৩) ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ’ল –
(ক) সংগঠন
(খ) নীতি, আদৰ্শ আৰু আঁচনি ।
(৪) ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা ।
উত্তৰঃ ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা হ’ল –
(ক) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা।
(৫) অসমৰ এটা আঞ্চলিক দলটো কি?
উত্তৰঃ অসমৰ এটা আঞ্চলিক দলটো হ’ল – অসম গণ পৰিষদ ( AGP)।
(৬) ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি?
উত্তৰঃ ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ’ল – ঝাৰখণ্ড মুক্তি মর্চা।
(৭) ইউ পি এ (UPA )ৰ সম্পূৰ্ণ অৰ্থ লিখা ।
উত্তৰঃ ইউ পি এ (UPA)ৰ সম্পূৰ্ণ অৰ্থ হ’ল – সংযুক্ত গণতান্ত্ৰিক মৰ্চা (United progressive Alliance)।
(৮) ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো?
উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ’ল – ভাৰতীয় জাতীয় কংগ্ৰেছ (১৮৮৫)।
(৯) কাৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ‘চিয়েচন‘ গঠন হৈছিল?
উত্তৰঃ ১৮৭৬ চনতএছ এন বেনাৰ্জীৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ’চিয়েচন’ গঠন হৈছিল।
(১০) ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰঃ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী আছিল।
চমু উত্তৰৰ প্ৰশ্ন-
১. ভাৰতবৰ্ষৰ দলীয় ব্য়ৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য় কি ?
উত্তৰঃ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল-
ক) সংগঠন,
খ) নীতি-আদৰ্শ আৰু আঁচনি,
গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা,
ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান।
(২) গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগ?
উত্তৰঃ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বি – দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগ। দ্বি-দলীয় ব্যৱস্থা থকা গণতন্ত্র অধিক সুস্থিৰ আৰু সবল। বহুদলীয় ব্যৱস্থা থকা গণতন্ত্রত সঘনাই সৃষ্টি হ’ব পৰা ৰাজনৈতিক সংকট দ্বি-দলীয় ব্যৱস্থাত দেখা নাযায়।
(৩) ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা।
উত্তৰঃ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ’ল –
(ক) সংগঠন
(খ) নীতি-আদৰ্শ আৰু আঁচনি
(গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা
(ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান।
(৪) পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা ।
উত্তৰঃ পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ’ল –
(ক) অসম গণ পৰিষদ (অসম)
(খ) আকলি দল (পাঞ্জাৱ)
(গ) শিৱসেনা (মহাৰাষ্ট্ৰ)
(ঘ) তেলেগু দেশম (অন্ধ্ৰপ্ৰদেশ) আৰু
(ঙ) ঝাৰখণ্ড মুক্তি মর্চা (ঝাৰখণ্ড)।
(৫) মৰ্চা চৰকাৰ বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয়।
দীঘল উত্তৰৰ প্ৰশ্ন-
(১) সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?
উত্তৰঃ যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয়।
মৰ্চাত যোগ দিয়া দলবিলাকৰ আদর্শ ভিন্ন হ’লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বার্থ আৰু আদর্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোঁট বন্ধনত আৱদ্ধ হয়।
২) সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা।
উত্তৰঃ সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ তলত উল্লেখ কৰা হ’ল-
(ক) পৰিস্থিতি আৰু সময় সাপেক্ষেঃ মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে। পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্ৰয়োজন।
(খ) জাতীয় ঐক্য সংহতি ৰক্ষাঃ মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি-আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে। ফলত জাতীয় ঐক্য-সংহতি বৃদ্ধি হয়।
সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা দোষ তলত উল্লেখ কৰা হ’লঃ
(ক) দুৰ্বল চৰকাৰঃ মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয়। অংশ গ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিব লগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে।
(খ) দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতাঃ মৰ্চা চৰকাৰ স্থায়ীত্বৰ ক্ষেত্ৰত দুৰ্বল হোৱা বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কাৰ্যকৰী কৰাত জটিলতাৰ উদ্ভৱ হয়।
(৩) গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা।
উত্তৰঃ গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকাবোৰ হ’ল –
(ক) জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে।
(খ) শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা।
(গ) চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পর্যবেক্ষণ কৰি প্ৰয়োজন হ’লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা।
(ঘ) জনসাধাৰণৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা।
(ঙ) প্রয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।
(চ) জনমত গঠন কৰা।
(ছ) চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা।
(জ) জনগণক ৰাজনৈতিক শিক্ষা প্রদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।
(ঝ) জনমতৰ প্ৰতি চৰকাৰক সজাগ, দায়বদ্ধ আৰু জবাবদিহী কৰা।
(ঞ) চৰকাৰে যাতে স্বেচ্চাচাৰীভাৱে শাসন চলাব নোৱাৰে সেইক্ষেত্ৰত চোকা নজৰ বখা।
(ট) প্রয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজক গতিশীলতা প্রদান কৰা।
(৪) আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা।
উত্তৰঃ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা হ’ল –
(ক) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি
(খ) দেশখনৰ বিভিন্ন ভাষিক আৰু ধর্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা,
(গ) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ,
(ঘ) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কর্তৃত্ব লাভৰ প্ৰচেষ্টা,
(ঙ) সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ,
(চ) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা আদি।
(৫) গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা।
উত্তৰঃ প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান-ধাৰণাৰ জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একচত্ৰী শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হ’ল আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল, ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে।
(৬) ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা।
উত্তৰঃ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ’ল –
(ক) সংগঠন
(খ) নীতি-আদৰ্শ আৰু আঁচনি
(গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা
(ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান।
ৰাজনৈতিক দলৰ কাৰ্যাৱলী সমূহ হ’ল –
(ক) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা
(খ) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা
(গ) জনমত গঠন কৰা
(ঘ) জনমত সু-সংগঠিত ৰূপ দিয়া।
(৭) সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা।
উত্তৰঃ সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰা কাৰণকেইটা হ’ল –
(ক) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি,
(খ) একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্রাস,
(গ) এটা নির্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ’বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়।
(ঘ) চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।