আমাৰ দেশ

১। উত্তৰ লিখা –

(ক) ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম।

উত্তৰঃ ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হ’ল- নেপাল, ভুটান আৰু চীন দেশ। পূব দিশত ম্যানমাৰ, পশ্চিম আৰু উত্তৰ- পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে। দক্ষিণৰ শেষস্থানৰ কাষত শ্ৰীলংকা অৱস্থিত।

(খ) ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম।

উত্তৰঃ ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম হ’ল- ৰে’ল পৰিবহণ ব্যৱস্থা,পথ পৰিবহণ ব্যৱস্থা, জল পৰিবহণ ব্যৱস্থা, ৰছী-পৰিবহণ ব্যৱস্থা।

(গ) ভাৰতৰ চাৰিখন প্রধান নৈৰ নাম।

উত্তৰঃ ভাৰতৰ চাৰিখন প্রধান নৈ হ’ল— গংগা নদী, ব্ৰহ্মপুত্র নদী, যমুনা নদী, গোদাবৰী নদী।

(ঘ) ভাৰতৰ দুটা পৰ্বতৰ নাম।

উত্তৰঃ ভাৰতৰ দুটা পৰ্বতৰ নাম হ’ল– হিমালয় পর্বত, অৰাৱৰ্ল্লী পৰ্বতমালা।

(ঙ) ভাৰতবৰ্ষৰ কেন্দ্রীয় শাসিত অঞ্চলকেইটাৰ নাম।

উত্তৰঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম হ’ল- আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদ্‌ ৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ,দিল্লী, জম্মু আৰু কাশ্মীৰ লাক্ষাদ্বীপ, পুড়ুচেৰী, চণ্ডীগড়, লাডাখ।

(চ) আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি?

উত্তৰঃ আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা।

উত্তৰঃ

‘ক’

‘খ’

ছিকিম

গেংটক

তামিলনাডু

চেন্নাই

হাৰিয়ানা

চণ্ডীগড়

ঝাৰখণ্ড

ৰাঁচী

মহাৰাষ্ট্ৰ

মুম্বাই

৪। খালী ঠাই পূৰ কৰা –

(ক) ভাৰতত ______________ খন ৰাজ্য আছে।

উত্তৰঃ ভাৰতত ২৮ খন ৰাজ্য আছে।

(খ) গুৱাহাটী আৰু দিল্লীৰ মাজত ______________ চনৰপৰা বিমান চলাচল আৰম্ভ হয়।

উত্তৰঃ গুৱাহাটী আৰু দিল্লীৰ মাজত ১৯৮১ চনৰপৰা বিমান চলাচল আৰম্ভ হয়।

(গ) ভাৰতত মুঠ _______________ টা প্রধান জাহাজ বন্দৰ আছে।

উত্তৰঃ ভাৰতত মুঠ ১২ টা প্রধান জাহাজ বন্দৰ আছে।

(ঘ) _____________ ভাৰতৰ ৰাজধানী।

উত্তৰঃ নতুন দিল্লী ভাৰতৰ ৰাজধানী।

৪। ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা।

উত্তৰঃ  আমাৰ দেশখনৰ নাম ভাৰত। ই এখন অতি প্রাচীন দেশ। প্রাচীনকালত ‘ভৰত’ নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল । ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ, যাক ‘লেটিন’ ভাষাত ‘ইন্দাজ’ বুলি কোৱা হয়, সেই ‘ইন্দাজ’ শব্দৰপৰাই ইংৰাজীত ইণ্ডিয়া হয় বুলি কোনো কোনোৱে কয়।

৫। ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা?

উত্তৰঃ ভাৰতবৰ্ষৰ দৰে বিকাশশীল দেশত ৰাষ্ট্ৰীয় সংহতিৰ গুৰুত্ব অসীম। জাতি, বর্ণ, ভাষা, ধর্ম নির্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সম্ভাৱ দেখুওৱা হয়, সেয়েই হৈছে ৰাষ্ট্ৰীয় সংহতি।

৬। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা।

Scroll to Top