সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ
অনুশীলনী – ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা-
(ক) পৰিয়াল বুলিলে কি বুজা?
উত্তৰঃ পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক গোট । এটি পৰিয়ালত একেটা ঘৰতে বাস কৰা অভিভাৱক, সন্তান আৰু আন কিছুমান আত্মীয়-স্বজন থাকে।
(খ) পৰিয়াল এটাত সদস্য কি কি প্ৰকাৰে যোগ হয়?
উত্তৰঃ পৰিয়াল এটাত সদস্য জন্মসূত্রে, বিবাহসূত্ৰে আৰু দত্তকসূত্রে জৰিয়তে যোগ হয়।
(গ) পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে?
উত্তৰঃ পৰিয়াল এটাত সদস্যসকলে শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে ইজনে সিজনক সহায়-সহযোগ কৰিব লাগে, জন্মৰ পৰা আদৰ-যত্ন কৰি সন্তানক প্রয়োজনীয় শিক্ষা প্রদান কৰিব লাগে, সামাজিক প্রাণী হিচাপে গঢ় দিয়াত সহায় কৰিব লাগে আৰু জ্যেষ্ঠজনৰ বেমাৰ-আজাৰত কনিষ্ঠসকলে যতন লব লাগে ।
(ঘ) ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে?
২. পৰিয়ালৰ পৰা আমি কি কি পাওঁ?
উত্তৰঃ পৰিয়ালৰ পৰা আমি আবেগিক সমৰ্থন, জীৱনৰ মূল্যবোধ, আৰু প্ৰয়োজনীয় সহায়-সহযোগিতা লাভ কৰোঁ।
অনুশীলনী – ২
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) প্ৰতিৱেশী মানে কি?
উত্তৰঃ আমাৰ ওচৰে-পাজৰে বসবাস কৰা পৰিয়ালসমূহকে আমি প্ৰতিৱেশী বুলি কওঁ।
(খ) ৰাইজ বুলিলে কি বুজা?
উত্তৰঃ ৰাইজ বুলি ক’লে আমাৰ প্ৰতিৱেশীসকল, গাঁৱৰ বাসিন্দাসকল বা দুই-তিনিখন গাঁৱৰ লোকসকলক একেলগে বুজো।
(গ) ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱ উল্লেখ কৰা।
উত্তৰঃ (ক) ভোগালী বিহুৰ উৰুকা ভেলাঘৰ সজা (খ) নামঘৰৰ ভাওনা।
(ঘ) সামূহিক গোটৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ সামূহিক গোটৰ এটা উদাহৰণ হ’ল- (ক) চহৰৰ আৱাসিক কল্যাণ সমিতি।
২. সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিৱেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা।
উত্তৰঃ সমাজ এখন পৰিচালিত হবলৈ প্ৰতিৱেশীসকলৰ মাজত সুস্থ সম্পৰ্ক থকা আৱশ্যক। পৰিয়ালৰ পিছত প্ৰতিৱেশীসকলেই দ্বিতীয় সামাজিক গোটৰ সৃষ্টি কৰে। কোনো গাঁও বা একোটা অঞ্চলৰ সমূহীয়া সম্পত্তি, যেনে, ৰাস্তা-ঘাট, পুখুৰী, ৰাজহুৱা উপাসনা গৃহ, শিক্ষানুষ্ঠান আদি কেৱল এটা পৰিয়ালৰে নহয়, সেই ঠাইত থকা সমাজৰ প্ৰতিগৰাকী সদস্যৰ উমৈহতীয় সম্পদ। তেনে ক্ষেত্ৰত সমূহীয়া সিদ্ধান্ত লোৱা বা পৰিচালনা কৰা আদি কামত সকলোৰে সহযোগিতা থকাটো দৰকাৰ। প্ৰতিৱেশীসকলৰ মাজত থকা সমতা, একতা, উদাৰতা আৰু সহযোগিতাৰ মনোভাৱে সমাজখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।
৩. অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা।
উত্তৰঃ অসমৰ সমাজ জীৱনত ‘ৰাইজ’ এক গুৰুত্বপূৰ্ণ উপাদান। চৰকাৰ বা আইন-ব্যৱস্থাৰ আৰম্ভণিৰ আগৰেপৰা ৰাইজে অসমৰ সমাজৰ ৰীতি-নীতিৰ অভিভাৱক হিচাপে দায়িত্ব লৈ আহিছে। এখন গাঁৱৰ উমৈহতীয়া সম্পদৰ ৰক্ষণাবেক্ষণ, উৎসৱ-পার্বণ উদ্যাপন, আপদ-বিপদ আৰু সুখৰ সময়ত গাঁৱৰ মানুহক ৰাইজে সহযোগিতা আগবঢ়োৱাৰ পৰম্পৰা অতীতৰেপৰা চলি আহিছে।