বাগিচালৈ যাওঁ বলা

১। উত্তৰ লিখা-

(ক) এবিধ আৰোহীলতাৰ নাম ।

উত্তৰঃ এবিধ আৰোহীলতাৰ নাম হ’ল- ভেদাইলতা ।

(খ) চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম ।

উত্তৰঃ চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম হ’ল- আম, কঠাল, জামু আৰু আঁহত।

(গ) দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম।

উত্তৰঃ দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম হ’ল- ডালিম আৰু জেতুকা।

(ঘ) বাৰিষা কালত হোৱা দুবিধ শাক-পাচলিৰ নাম।

উত্তৰঃ বাৰিষা কালত হোৱা দুবিধ শাক-পাচলিৰ নাম হ’ল- জিকা আৰু ভেণ্ডি।

(ঙ) অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম।

উত্তৰঃ অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ’ল- বনচোম আৰু তিতাচপা।

২। খালী ঠাই পূৰ কৰা –

(ক) গছে _____________ৰ দ্বাৰা পানী শুহি লয়।

উত্তৰঃ গছে শিপাৰ দ্বাৰা পানী শুহি লয়।

(খ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি ________________তৈয়াৰ কৰে।

উত্তৰঃ মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌ-চাক তৈয়াৰ কৰে।

(গ) কপৌ ফুল _________________কালত ফুলে।

উত্তৰঃ কপৌ ফুল বসন্ত কালত ফুলে।

(ঘ) পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ’ল ______________|

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ’ল বাঁহ গছ।

(ঙ) ডালিম ___________ জাতীয় উদ্ভিদ।

উত্তৰঃ ডালিম গুল্মজাতীয়  জাতীয় উদ্ভিদ।

৩। শুদ্ধ শব্দটোত ‘√’ চিন দিয়া-

(ক) বাঁহ গছ গুল্ম / বৃক্ষ / তৃণজাতীয় উদ্ভিদ।

উত্তৰঃ বাঁহ গছ তৃণজাতীয় উদ্ভিদ।

(খ) বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান / কোমল/ ফোঁপোলা।

উত্তৰঃ বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ বৰ টান।

(গ) উদ্ভিদে গা-গছ/শিপাৰে মাটিৰপৰা পানী শোষণ কৰে।

উত্তৰঃ উদ্ভিদে শিপাৰে মাটিৰপৰা পানী শোষণ কৰে।

(ঘ) উদ্ভিদৰ গা-গছ / শিপাৰপৰা ডাল-পাত ওলায়।

উত্তৰঃ উদ্ভিদৰ গা-গছ পৰা ডাল-পাত ওলায়।

(ঙ) ছালকুঁৱৰী তৃণ/ গুল্মজাতীয় উদ্ভিদ।

উত্তৰঃ ছালকুঁৱৰী তৃণ উদ্ভিদ

৪। আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ ৪ টা ।

(ক) বৃক্ষজাতীয়

(স) গুল্মজাতীয়

(গ) লতাজাতীয়

(ঘ) তৃণজাতীয়

৫। এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশবোৰৰ নাম লিখা।

উত্তৰঃ নিজে কৰিবা।

৬। ‘গছ-গছনি সংৰক্ষণ’ৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে শ্ল’গান লিখি পোষ্টাৰ তৈয়াৰ কৰা।

উত্তৰঃ নিজে কৰিবা।

Scroll to Top