আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান ভূমিকা
১) চমু উত্তৰ লিখাঃ
(ক) দেশৰ আর্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে ?
উত্তৰঃ দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি, কাৰ্যসূচী আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকাৰী কৰে। ইয়াৰ উপৰিও চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্যান্য সংস্থা, বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানসমূহে দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম কাজ কৰে।
(খ) অর্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম হল – ৰাস্তা, ঘাট, দলং, গৃহ, যাতায়ত, যোগাযোগ, জলসিঞ্চন, খোৱাপানী, .চিকিৎসালয়, বিজুলী আৰু টেলিফোনৰ যোগান ইত্যাদি ।
(গ) বিত্তীয় অনুষ্ঠান-প্রতিষ্ঠান কাক বোলে?
উত্তৰঃ যিবিলাক প্রতিষ্ঠানে হ্রস্ব, মধ্য আৰু দীর্ঘকালীন ঋণ দি মানুহক উৎপাদনশীল আৰু আত্মনিৰ্ভৰশীল কৰে, সেইবোৰকে বিত্তীয় অনুষ্ঠান বোলে।
(ঘ) বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া।
উত্তৰঃ বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ হ’ল—
১) ব্যক্তি বা প্রতিষ্ঠানৰ পৰা ধন জমা ৰাখে ।
২) ব্যক্তি বা প্রতিষ্ঠানক ঋণ প্রদান কৰে।
(ঙ) আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায় ?
উত্তৰঃ আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া নামেৰে জনা যায়।
(চ) নেডফিৰ সাহায্যত উৎপাদিত সামগ্রীসমূহ কত বিক্ৰী কৰা হয়?
উত্তৰঃ নেডফিৰ সাহায্যত উৎপাদিত সামগ্রীসমূহ গুৱাহাটীৰ আমবাৰীত থকা নেডফি হাটত বিক্ৰী কৰা হয়।
২) বহলাই আলোচনা কৰা-
(ক) আর্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদান।
উত্তৰঃ দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰী আৰু ব্যক্তিগতভাৱে গঠন কৰা বিভিন্ন বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভিতৰত বেংক হৈছে আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান। অৰ্থনৈতিক উন্নয়নৰ বাবে কিছুমান মৌলিক সা-সুবিধাৰ প্ৰয়োজন হয় যিবোৰ সা-সুবিধা বেংকে যোগান ধৰিব পাৰে। কিছুমান বেংকে নিৰ্ধাৰিত নীতি-নিয়মৰ ভিত্তিত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকক ইয়াৰ গ্ৰাহক হোৱাৰ সুবিধা প্ৰদান কৰে। গ্ৰাহকসকলক সঞ্চয়কাৰী বা আমানতকাৰী বুলিও কোৱা হয়। তেওঁলোকে নিজৰ ধন বেংকত সঞ্চয় কৰে। সঞ্চয়ৰ প্ৰতি আগ্ৰহ জন্মাবলৈ বেংকে গ্ৰাহকসকলক বিভিন্ন ধৰণৰ সঞ্চয় আঁচনি আগবঢ়ায়। সঞ্চিত ধনৰ ওপৰত বেংকে সময়ে সময়ে গ্ৰাহকসকলক সুদ প্ৰদান কৰে। গ্ৰাহকসকলৰ দ্বাৰা সঞ্চিত ধন বেংকে জনসাধাৰণক বিভিন্ন কাৰণত ঋণ হিচাপে আগবঢ়ায়।
(খ) উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অঞ্চলটোৰ সামগ্রিক উন্নয়নৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে ১৯৭১ চনত উত্তৰ-পূব পৰিষদ নামৰ অনুষ্ঠানটো গঠন কৰে।
এই অনুষ্ঠানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হৈছে:
১। সুসংহত আঞ্চলিক পৰিকল্পনাৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে যথাসম্ভৱ প্রচেষ্টা গ্রহণ কৰা।
২। সুষম আঞ্চলিক উন্নয়নৰ জৰিয়তে আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰা আৰু অসমতা দূৰ কৰা।
৩। উত্তৰ-পূব ভাৰতৰ ৰাজ্যবিলাকৰ মাজত সহযোগিতা, সুসংহত প্রচেষ্টা আৰু ঐক্য বৃদ্ধি কৰা।
৪। অংশীদাৰ ৰাজ্যবিলাকৰ আন্তঃগাঁথনিমূলক ব্যৱস্থাবোৰৰ উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱা।
৫। উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক সম্পদৰ ওপৰত প্ৰণালীবদ্ধ জৰীপ কার্য সম্পাদন কৰা আৰু তাৰ লগতে সেই সম্পদৰ ভিত্তিত গ্ৰহণ কৰিবলগীয়া বিভিন্ন প্রকল্প আৰু আঁচনিৰ উপকাৰিতা আৰু যথার্থতা নিৰ্ণয়ৰ বাবে জৰীপ চলোৱা।
আনহাতে উত্তৰ-পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহায্য আগবঢ়োৱাৰ নিমিত্তে ১৯৯৫ চনত উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম বা নেফি নামৰ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে। ইয়াৰ প্ৰধান কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ক্ষুদ্র উদ্যোগ, কুটিৰ উদ্যোগ, হস্ত-তাঁত আৰু বস্ত্ৰ উদ্যোগ, আত্মসহায়ক গোট আদিৰ উৎপাদিত বস্তু বিক্ৰীৰ বাবে এই নিগমে সা-সুবিধা আগবঢ়ায়।
নেফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্রতিপালন কৰাত সহায় কৰে। নেফ্ৰিৰ মুখ্য কাম হ’ল অঞ্চলটোৰ সম্পদসমূহ ব্যৱহাৰ কৰি উৎপাদনমুখী কামত সহযোগ কৰা আৰু জনসাধাৰণৰ অৰ্থনৈতিক উন্নতি সাধন কৰা।
(গ) আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ।
উত্তৰঃ আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হল—
১। আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা।
২। উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্রতিষ্ঠানৰপৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা।
৩। গোটৰ সদস্যসকলে সমূহীয়াভাৱে অর্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা।
৪। গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা।
৫। গ্রাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজকে নিজে সহায় কৰাৰ মানসিকতা গ্ৰহণ কৰা।
৬। ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰা আৰু সমূহীয়া ঋণ পোৱাত সহায় কৰা আদি।
৩) চমু টোকা লিখা-
ক) সমবায় বেংক
উত্তৰঃ আমাৰ দেশত গ্রাম্য অঞ্চলত বসতি কৰা দুখীয়া শ্রেণী লোকসকলক মহাজন শ্ৰেণীৰ লোকসকলৰ শোষণৰপৰা উদ্ধাৰ কৰিবলৈ আৰু কম সুদৰ হাৰত সেই শ্ৰেণীৰ লোকৰ বাবে ঋণ সহজলভ্য কৰাৰ উদ্দেশ্যে সমবায় বেংক ব্যৱস্থাৰ সূচনা কৰা হৈছিল। সমবায় বেংক ব্যৱস্থাটো আমাৰ দেশত তিনি খলপীয়াঃ- ক) শীর্ষ পর্যায়ত প্রত্যেক ৰাজ্যতে ৰাজ্যিক সমবায় বেংক, খ) জিলা পর্যায়ত একোটাকৈ কেন্দ্রীয় সমবায় বেংক আৰু, গ) তৃণমূল পর্যায়ত গ্রামাঞ্চলত কৃষিভিত্তিক সমবায় সমিতিসমূহে কাৰ্য সম্পাদন কৰে।সমবায় বেংকে কম সুদত দুখীয়া কৃষক, শিপিনী, ক্ষুদ্ৰ উদ্যোগী আদিলৈ উৎপাদনমুখী কামৰ বাবে হ্ৰস্বম্যাদী ঋণৰ যোগান ধৰে।
খ) নাবাৰ্ড
উত্তৰঃ দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্য আগত ৰাখি আমাৰ চৰকাৰে ১৯৮২ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (NABARD) নামৰ এটি বিত্তীয় প্রতিষ্ঠান স্থাপন কৰে। এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্রাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি, প্রকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে। এই ঋণসমূহ হ্রস্বকালীন আৰু দীর্ঘকালীন হিচাপে আগবঢ়োৱা হয়। সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্রামীন বিকাশ বেংক, বাণিজ্যিক বংকসমূহক নাবার্ডে ঋণ প্রদান কৰে।গ্রামীণ ঋণ সৰবৰাহৰ বাবে নাবার্ডে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্রতিনিধি হিচাপে কাম কৰে ।
গ) কেন্দ্ৰীয় বেংক
উত্তৰঃ দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বা শীর্ষস্থানীয় বেংকটোৱেই হ’ল কেন্দ্ৰীয় বেংক। ৰিজার্ভ বেংকই হৈছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংক। ১৯৩৫ চনত এই বেংক স্থাপন কৰা হয়। আমি ব্যৱহাৰ কৰা কাগজী মুদ্রা ছপা কৰাৰ একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকৰহে থাকে। কেন্দ্ৰীয় বেংকৰ বাহিৰে আন কোনো বেংকে কাগজী মুদ্রা ছপাব নোৱাৰে। কেন্দ্ৰীয় বেংক দেশৰ সৰ্বোচ্চ আৰু শীৰ্ষতম বিত্তীয় প্রতিষ্ঠান। কেন্দ্রীয় বেংক হ’ল বেংকসমূহৰ বেংক। আনবোৰ বেংকৰ হিচাপ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। আমাৰ দেশৰ বাণিজ্যিক বেংকসমূহে ভাৰতীয় ৰিজার্ভ বেংকৰ এজেন্ট হিচাপে কাম কৰে।
ঘ) আত্মসহায়ক গোট
উত্তৰঃ আত্মসহায়ক গোট হৈছে উৎপাদনমূলক কামত নিয়োজিত হৈ আর্থিকভাৱে স্বাৱলম্বী হ’ব বিচৰা জনসাধাৰণৰ এটা গোট যি সকল অর্থনৈতিকভারে সচ্ছল নহয়। সাধাৰণতে ১০ ৰ পৰা ২০ জন সদস্যক লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি। এই গোটৰ মূল লক্ষ্য হৈছে গোটৰ সদস্যসকলৰ দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ একগোট হৈ কাম কৰাৰ প্ৰয়াস। আর্থিকভাবে পিছপৰা আৰু কৰ্মসংস্থাপন নোহোৱা শ্ৰেণীৰ লোকে এই ধৰণৰ গোট গঠন কৰি বেংক, নেডফি আদি বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লাভ কৰে । আত্মসহায়ক গোটে কর্মসংস্থানহীন যুৱক-যুৱতীসকলক বিভিন্ন ধৰণৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত সহায় কৰে । তদুপৰি এই গোটৰ জৰিয়তে গাওঁ অঞ্চলৰ দৰিদ্র সীমাৰোখাৰ তলৰ লোকসকলে হাঁহ কুকুৰা পালন, কাপোৰ বোৱা, চিলাই কৰা ফুলৰ খেতি কৰা আদি আঁচনি গ্ৰহণ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি ল’ব পাৰে ǀ
৪। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—
(ক) বৰ্ধিত জনমূৰি আয়ে দেশৰ উন্নয়নত অন্তৰায়ৰ সৃষ্টি কৰে।
উত্তৰঃ অশুদ্ধ।
(খ) ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগখণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়।
উত্তৰঃ শুদ্ধ।
(গ) আত্মসহায়ক গোটে কেন্দ্ৰীয় বেংকত চেভিং বেংক একাউণ্ট খুলিব লাগে।
উত্তৰঃ অশুদ্ধ।
(ঘ) নেড্ফিৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত।
উত্তৰঃ অশুদ্ধ।
(ঙ) আর্থিকভাৱে সচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হ’ব পাৰে।
উত্তৰঃ অশুদ্ধ।