গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

১) চমু উত্তৰ লিখা-

(ক) গ্রাহক সজাগতাৰ আৱশ্যকতা আছেনে? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা।

উত্তৰঃ গ্ৰাহক সজাগতাৰ আৱশ্যকতা আছে।

১) গ্রাহক সজাগ আৰু সচেতন নহলে আর্থিকভাৱে লোকচান হ’ব পাৰে।

২) বিক্রেতাৰ দ্বাৰা প্ৰতাৰিত হৈ ম্যাদ উকলি যোৱা সা-সামগ্ৰীৰ ক্ৰয় কৰিলে গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব পাৰে।

(খ) গ্রাহকক শোষণ কৰাৰ কৌশলসমূহ কি কি?

উত্তৰঃ গ্রাহকক শোষণ কৰাৰ কেইটামান কৌশলৰসমূহ হ’ল-

১) বস্তুৰ ওজন সঠিকভাৱে নকৰা।

২) ভেজাল বস্তু বিক্ৰী কৰা।

৩) সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা।

৪) প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা।

৫) মানসূচক চিহ্নসমূহ নকল কৰা।

৬। বস্তু বা সেৱা উপযুক্ত মানবিশিষ্ট নোহোৱা।

৭। ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া।

৮। নামী-দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুৱহু নকল কৰা ।

(গ) গ্রাহক হিচাপে তোমাৰ কৰ্তব্য কি? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত?

উত্তৰঃ গ্রাহক হিচাপে বস্তু বা সেৱা ক্ৰয় কৰাৰ সময়ত আমি কিছুমান সাৱধানতা অবলম্বন কৰিব লাগে। তলত গ্রাহকে

ল’বলগীয়া কেতবোৰ সাৱধানতাৰ বিষয়ে উল্লেখ কৰা হ’ল-
1) বস্তু বা সেৱা ক্ৰয় কৰাতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পর্কে নিশ্চিত হব লাগে ।

2) বস্তুৰ ওজন বা জোখ লওতে জোখ-মাখৰ আহিলা (যেনে দগা-পাল্লা, মিটাৰ কাঠি আদি) সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা।

3) যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ বিচৰা ।

4) বিভিন্ন ক্ষেত্ৰৰ উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে- এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ’ আদি চিহ্ন ক্ৰয় কৰা সামগ্রীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা।

5) দীর্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্রেতাৰ পৰা গেৰাণ্টি বা ৱাৰেন্টি কার্ড বিচৰা।

6) পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ, ম্যাদ উকলা তাৰিখ, MRP (সর্বোচ্চ খুচুৰা মূল্য) লক্ষ্য কৰা আদি।

(ঘ) গ্ৰাহকৰ অধিকাৰ মানে কি? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা।

(ঙ) চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।

২। চমু টোকা লিখা—

(ক) গ্ৰাহক সুৰক্ষা আইন।

(খ) গ্রাহক সজাগতাঃ

গ) গ্রাহক প্ৰতাৰণা(ঘ) গ্ৰাহকৰ অধিকাৰ

(ঙ) গ্রাহক আদালত

৩। শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা

(ক) গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্রযোজ্য ।

উত্তৰঃ অশুদ্ধ।

(খ) গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্র ৰাষ্ট্ৰ যিখনে আইন প্রণয়ন কৰিছে।

উত্তৰঃ শুদ্ধ।

(গ) শোষণৰ বলি হোৱা গ্রাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰামত গোচৰ তৰিব লাগে।

উত্তৰঃ শুদ্ধ।

(ঘ) কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্রাহক সুৰক্ষা আইন প্রযোজ্য।

উত্তৰঃ অশুদ্ধ।

(ঙ) কৃষিজাত সামগ্ৰীৰ মানবিশিষ্টতাৰ প্রমাণ হিচাপে হলমার্ক চিহ্ন ব্যৱহাৰ কৰা হয়।

উত্তৰঃ অশুদ্ধ।

(চ) বিক্রেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ।

উত্তৰঃ শুদ্ধ।

Scroll to Top