আজৰি সময়ৰ সদব্যৱহাৰ

১। উত্তৰ লিখা-

(ক) আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম-

উত্তৰঃ ‘বুঢ়ী আই সাধু’।  

(খ) তুমি ভালপোৱা দুটা খেলৰ নাম-

উত্তৰঃ লুডু আৰু মাৰ্বল। 

(গ) তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা বিধৰ নাম-

উত্তৰঃ হিমা দাস আৰু তেওঁ খেলা খেলবিধৰ নাম হ’ল- দৌৰ। 

(ঘ) তুমি জনা এখন শিশু আলোচনীৰ নাম-

উত্তৰঃ সফুৰা।

(ঙ) তুমি খেলা কিছুমান খেলৰ নাম-

উত্তৰঃ লুডু,মাৰ্বল, কেৰম, ভেকুলী জাঁপ দিয়া, দবা, ফুটবল আৰু ক্ৰিকেট। 

(চ) দুবিধ যোগাযোগৰ মাধ্য়মৰ নাম-

উত্তৰঃ মবাইল আৰু ৰেডিঅ।

২। শুদ্ধ উত্তৰটোত ‘√’ চিন দিয়া- 

(ক) আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে। 

উত্তৰঃ শুদ্ধ।

খ) আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুত কথা শিকিব পাৰি। 

উত্তৰঃ শুদ্ধ।

(গ) পুথিভঁৰালৰপৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি। 

উত্তৰঃ অশুদ্ধ ।

৩। খালী ঠাই পূৰ কৰা- 

(ক) সময় _______ ধন। 

উত্তৰঃ অমূল্য়।

(খ) সময়বোৰ অবাবত ________ কৰিব নালাগে। 

উত্তৰঃ নষ্ট

(গ) বাতৰি কাকত পঢ়ি বহুত _______ জানিব পাৰি। 

উত্তৰঃ দেশ – বিদেশৰ কথা। 

(ঘ) নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যি সময় পোৱা  যায় সেয়াই হ’ল ________ । 

উত্তৰঃ আজৰি সময়। 

৪। বাতৰি কাকত, আলোচনী আদি পঢ়িলে কি কি লাভ হয় লিখা।

উত্তৰঃ বহুত নজনা কথা জানিব পাৰি। দেশ – বিদেশৰ খবৰ জানিব পাৰোঁ। 

৫। দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাক লৈ দুটাকৈ বাক্য় লিখা-

(ক) খেল-ধেমালি।

উত্তৰঃ (ক) খেল-ধেমালি

(i) খেল-ধেমালিয়ে আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ৰাখে।

(ii) খেল-ধেমালিত অংশগ্ৰহণ কৰিলে দলত কাম কৰাৰ মনোভাৱ গঢ়ি উঠে।

(খ) বাতৰি কাকত

(i) বাতৰি কাকতৰ জৰিয়তে আমি দেশ-বিদেশৰ খবৰ জানিব পাৰো।

(ii) প্ৰতিদিনে বাতৰি কাকত পঢ়াৰ অভ্যাস কৰিলে আমাৰ জ্ঞান বৃদ্ধি হয়।

(গ) ৰেডিঅ’

(i) ৰেডিঅ’ত আমি গান, বাতৰি, নাটক আদি শুনি আনন্দ লাভ কৰিব পাৰো।

(ii) ৰেডিঅ’ হৈছে তথ্য লাভৰ এক পুৰণি আৰু জনপ্ৰিয় মাধ্যম।

(ঘ) ম’বাইল ফোন

(i) ম’বাইল ফোনৰ সহায়ত আমি সহজে নিজৰ বন্ধু-বান্ধৱৰ লগত যোগাযোগ কৰিব পাৰো।

(ii) ম’বাইল ফোনৰ মাধ্যমেৰে আমি ইণ্টাৰনেট ব্যৱহাৰ কৰি বিভিন্ন তথ্য লাভ কৰিব পাৰো। 

Scroll to Top