সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
১) চমু উত্তৰ লিখা-
ক) সংবিধান বুলিলে কি বুজা ?
উত্তৰঃ ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি-নিয়ম আৰু আইন-কানুনসমূহকে সামগ্রিকভাবে সংবিধান বুলি কোৱা হয়।
খ) সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে?
উত্তৰঃ সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধান সংশোধন প্রক্রিয়া বোলে ।
গ) নেপালত কোন চনত গণতন্ত্র প্রতিষ্ঠিত হয় ?
উত্তৰঃ নেপালত ২০০৮ চনত গণতন্ত্র প্রতিষ্ঠিত হয়।
ঘ) লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম হ’ল- ভাৰত, ৰাছিয়া আৰু চুইজাৰলেণ্ড।
২) চমু টোকা লিখা-
নমনীয় সংবিধান, অলিখিত সংবিধান, ক্ষমতা বিভাজন
নমনীয় সংবিধানঃ প্রয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি। এনেধৰণৰ সহজতে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে । এনে সংবিধান লিখিত বা অলিখিতও হব পাৰে। যেনে- ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধনো কৰিব পাৰি।
অলিখিত সংবিধানঃ সংবিধান যাৰ কোনো-লিখিত ৰূপ নাই। এনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। বিভিন্ন সময়ত প্রচলিত প্ৰথা-পদ্ধতি, ৰীতি-নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে। এই সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে।
ক্ষমতা বিভাজনঃ সংবিধানে চৰকাৰৰ ক্ষমতা আৰু কাৰ্যাৱলী নিয়ন্ত্ৰণ কৰে। চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতি সমূহ সংবিধানতেই লিপিবদ্ধ আছে। যদি চৰকাৰে ক্ষমতা অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে তাক নিয়ন্ত্ৰণ কৰা ব্যৱস্থা থাকে।
৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(ক) ইংলেণ্ডৰ সংবিধান লিখিত / অলিখিত |
উত্তৰঃ ইংলেণ্ডৰ সংবিধান অলিখিত।
(খ) ভাৰতৰ সংবিধান অনমনীয়/নমনীয় আৰু অনমনীয়ৰ সংমিশ্রণ।
উত্তৰঃ ভাৰতৰ সংবিধান নমনীয় আৰু অনমনীয়ৰ সংমিশ্রণ।
(গ) কার্যপালিকাই / বিধানমণ্ডলে / ন্যায়পালিকই দেশৰ আইনসমূহ প্ৰস্তুত কৰে ।
উত্তৰঃ কাৰ্যপালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে ।
৪) সংবিধান কেই প্ৰকাৰৰ আৰু কি কি বাখ্যা কৰা ।
উত্তৰঃ সংবিধান চাৰি প্ৰকাৰৰ। যেনে- লিখিত সংবিধান, অলিখিত সংবিধান, নমনীয় সংবিধান আৰু অনমনীয় সংবিধান।
লিখিত সংবিধানঃ যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয়। লিখিত সংবিধান স্পষ্ট আৰু নির্দিষ্ট। লিখিত সংবিধানত ক্ষমতাৰ বিভাজন, নাগৰিকৰ অধিকাৰ আদিৰ স্পষ্ট উল্লেখ থাকে।
অলিখিত সংবিধান: সংবিধান যাৰ কোনো লিখিত ৰূপ নাই। এনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। বিভিন্ন সময়ত প্ৰচলিত প্ৰথা-পদ্ধতি, ৰীতি-নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে। এই সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে।
নমনীয় সংবিধানঃ অলিখিত সংবিধান প্রয়োজন সাপেক্ষে সাধাৰণ আইন প্রণয়নৰ দ্বাৰা সংবিধান সংশোধন সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে।নমনীয় সংবিধান লিখিত বা অলিখিত হ’ব পাৰে।
অনমনীয় সংবিধানঃ কিছুমান সংবিধান সংশোধন কৰিবলৈ হ’লে বিশেষ পদ্ধতিৰ প্ৰয়োজন হয়। এই বিশেষ পদ্ধতিটো অতি জটিল আৰু সহজে সংশোধন কৰিব নোৱাৰি। এনে ধৰণৰ সংবিধানক অনমনীয় সংবিধান বুলি কোৱা হয়। অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল। অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।
৫। উত্তৰ লিখা –
(ক) লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য।
উত্তৰঃ
লিখিত সংবিধান | অলিখিত সংবিধান |
লিখিত সংবিধান লিখিত বা দস্তাবেজ ৰূপত থাকে । | অলিখিত সংবিধান লিখিত ৰূপত নাথাকে। |
লিখিত সংবিধান স্পষ্ট আৰু নির্দিষ্ট । | অলিখিত সংবিধান অস্পষ্ট আৰু অনির্দিষ্ট। |
(খ) অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট ।
উত্তৰঃ অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য হ’ল–
(i) অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল।
(ii) অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।
৬। ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে’ – যুক্তিসহ আলোচনা কৰা।
উত্তৰঃ সংবিধান হৈছে ৰাষ্ট্ৰৰ আধাৰশিলা। সংবিধান নোহোৱাকৈ ৰাষ্ট্র এখনৰ কল্পনা কৰিব নোৱাৰি।
এখন ৰাষ্ট্ৰত বিভিন্ন সম্প্রদায়, জাতি-উপজাতি আৰু ভাষা-সংস্কৃতিব মানুহে বসবাস কৰে। সকলো মানুহৰে মনোভাব আৰু চিন্তাধাৰা একে নহয়। ভিন্নতা থাকিলেও ৰাষ্ট্রখন সুকলমে পৰিচালিত কৰিবৰ বাবে সেই ৰাষ্ট্ৰৰ সংবিধানে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।
দেশৰ নাগৰিকসকলৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাক সুৰক্ষা দিয়াত সংবিধান এখনে উল্লেখযোগ্য ভূমিকা গ্রহণ কৰে। নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ কাৰণেও কিছুমান অধিকাৰৰ একান্ত প্রয়োজন। এই অধিকাৰ আমাক সংবিধানেই প্রদান কৰে।
এখন গণতান্ত্রিক দেশৰ শাসন ব্যৱস্থাত নাগৰিকে প্রত্যক্ষ বা পৰোক্ষভাৱে তেওঁৰ পছন্দৰ নেতাক নিৰ্বাচন কৰি চৰকাৰ পৰিচালনা কৰাৰ দায়িত্বও সংবিধানে প্রদান কৰিছে। এই নির্বাচন প্রক্রিয়া কেনে হ’ব আৰু কোনে নির্বাচন পৰিচালনা কৰিব সেই সম্পর্কেও সংবিধানত উল্লেখ থাকে।
সংবিধানে চৰকাৰৰ ক্ষমতাও নিয়ন্ত্রণ কৰে। চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা ঠিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্রয়োগ কৰিব সেয়াও নিশ্চিত কৰে। চৰকাৰৰ ক্ষমতা, কার্যাবলী আৰু নিয়ন্ত্রণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ কৰা আছে। যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰে তাক নিয়ন্ত্রণ কৰিব পৰাৰ ব্যৱস্থা থাকে।
সংবিধানে ৰাষ্ট্র এখনক সুপৰিকল্পিতভাবে পৰিচালনা কৰাত সহায় কৰে।
৭। তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্থানত বহুওৱা— ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড।
নমনীয় | অনমনীয় | নমনীয় আৰু অনমনীয়ৰ সংমিশ্রণ |
ইংলেণ্ড। | আমেৰিকা যুক্তৰাষ্ট্ৰ | ভাৰত |