মৌলিক অধিকাৰ
১। চমু উত্তৰ দিয়া-
(ক) মৌলিক অধিকাৰ বুলিলে কি বুজা ?
উত্তৰঃ নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলা হয়।
(খ) কোন দেশত প্রথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল।
(গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে?
উত্তৰঃ সংবিধানৰ তৃতীয় অধ্যায়ত, ১৪ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে ।
(ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয়?
উত্তৰঃ ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বিলোপ কৰা হয়।
(ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয় ?
উত্তৰঃ ২০০৯ চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়।
২। খালী ঠাই পূৰ কৰা-
(ক) অস্পৃশ্যতা এক সামাজিক ব্যাধি।
(খ) ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ।
(গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ।
(ঘ) মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(ক) দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে নোৱাৰে।
উত্তৰঃ নোৱাৰে।
(খ) মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে নোৱাৰে।
উত্তৰঃ পাৰে।
(গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰপৰা বনুৱালৈকে সকলো সমান হয়/নহয়।
উত্তৰঃ হয়।
(ঘ) চৰকাৰী সাহায্যপ্রাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্র-ছাত্রীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে নোৱাৰে।
উত্তৰঃ পাৰে।
(ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব পাৰে৷ নোৱাৰে।
উত্তৰঃ পাৰে।
৪। সংবিধানত মৌলিক অধিকাৰসমূহ অন্তর্ভুক্ত কৰাৰ কাৰণ কি লিখা।
উত্তৰঃ সংবিধানত মৌলিক অধিকাৰ অন্তভুৰ্ক্ত কৰাৰ কাৰণবোৰ হৈছে-
(i) মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয়।
(ii) মৌলিক অধিকাৰৰ মাজেদি এখন ৰাষ্ট্ৰৰ পৰিচয় পোৱা যায়।
(iii) মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ ক্ষেত্রত কোনো বৈষম্য নথকাৰ বাবে জাতি, ধর্ম, ভাষা, বর্ণ নির্বিশেষে নাৰী-পুৰুষ উভয়ে এই অধিকাৰসমূহ সমানে উপভোগ কৰিব পাৰে।