উষ্ণতা আৰু ইয়াৰ জোখ
1. কাষৰ চিত্ৰৰ থাৰ্ম’মিটাৰে দেখুওৱা সঠিক পাঠটো কি?
(a) 15.0°C
(b) 36.0°C
(c) 25.0°C
(d) 32.0°C
উত্তৰঃ (c) 25.0°C
2. ক্লিনিকেল থাৰ্ম’মিটাৰৰ পৰিসৰ কিমান?
(a) 35.0°C to 42.0°C
(b) 32.0°C to 45.0°C
(c) -10.0°C to 110.0°C
(d) 10.0°C to 100.0°C
উত্তৰঃ (a) 35.0°C to 42.0°C
3. মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান?
(a) 98.6°C
(b) 34.0°C
(c) 37.0°C
(d) 37.0°F
উত্তৰঃ (c) 37.0°C
4. খালী ঠাই পূৰ কৰা।
(a) কোনো বস্তুৰ উত্তাপ তাৰ ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।
উত্তৰঃ কোনো বস্তুৰ উত্তাপ তাৰ উষ্ণতাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।
(b) উত্তলা পানীৰ উষ্ণতা থার্ম মিটাৰেৰে জুখিব নোৱাৰি।
উত্তৰঃ উত্তলা পানীৰ উষ্ণতা ক্লিনিকেল থার্ম মিটাৰেৰে জুখিব নোৱাৰি।
(c) উষ্ণতা জোখা হয় ডিগ্রী
উত্তৰঃ উষ্ণতা জোখা হয় ডিগ্রী চেলচিয়াছত।
5. ‘ক’ অংশৰ সৈতে ‘খ’ অংশ মিলোৱা-
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
(i) উষ্ণতাৰ এছ আই একক | (d) কেলভিন |
(ii) মানব শৰীৰৰ স্বাভাৱিক উষ্ণতা | (c) 37°C বা 98.6 °F |
(iii) পৰীক্ষাগাৰৰ থাৰ্মমিটাৰৰ পৰিসৰ | (b) -10°C to 110°C |
(iv) উতলা পানীৰ উষ্ণতা | (a) 100°C |
6. পৰীক্ষাগাৰৰ থাৰ্ম’মিটাৰ আৰু ক্লিনিকেল থার্ম’মিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা।
উত্তৰঃ সাদৃশ্যঃ
(i) দুয়োটাকে উষ্ণতা মাপিবলৈ ব্যৱহাৰ কৰা হয়।
(ii) দুয়োটা কাঁচেৰে গঠিত আৰু ইয়াৰ এটা দীঘল সংকীর্ণ নলী থাকে।
(iii) পৰীক্ষাগাৰৰ থার্ম’মিটাৰ আৰু ক্লিনিকেল থার্মমিটাৰ উভয়তে ডিগ্রী চেলচিয়াছত স্কেল থাকে ।
(iv) দুয়োটাৰে ভিতৰত পাৰা থাকে, যি উষ্ণতাৰ লগে লগে প্ৰসাৰিত বা সংকুচিত হয়।
বৈসাদৃশ্যঃ
(i) পৰীক্ষাগাৰৰ থাৰ্মমিটাৰ উষ্ণতাৰ পৰিসৰ প্ৰায় −10∘C ৰ পৰা 110 ∘C লৈকে, কিন্তু ক্লিনিকেল থাৰ্মমিটাৰ উষ্ণতাৰ পৰিসৰ সীমিত প্ৰায় 35∘C ৰ পৰা 42∘C লৈকে।
(ii) পৰীক্ষাগাৰৰ থাৰ্মমিটাৰত কোনো ক্ৰিংক বা সংকোচন নাথাকে, যাৰ ফলত পাৰা সহজে ওপৰলৈ উঠে বা তললৈ নামে। ক্লিনিকেল থাৰ্মমিটাৰত পাৰা বাল্বৰ ওচৰত এটা সৰু ক্ৰিংক বা সংকোচন থাকে,যিয়ে পাৰাৰ স্তৰক নিজে নিজে নামি যোৱাত বাধা দিয়ে।
7. আমি কিয় পৰীক্ষাগাৰৰ থার্ম’মিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ?
উত্তৰঃ পৰীক্ষাগাৰৰ থার্ম’মিটাৰ ব্যৱহাৰ কৰি মানুহৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰি কাৰণ পৰীক্ষাগাৰৰ থাৰ্মমিটাৰত কিংক বা সংকোচন নাই। ক্লিনিকেল থাৰ্মমিটাৰৰ বাল্বৰ ওচৰত এটা সৰু সংকোচন থাকে যিয়ে পাৰাক তললৈ ওভতি যোৱাত বাধা দিয়ে। পৰীক্ষাগাৰৰ থাৰ্মমিটাৰত কিংক নথকাৰ বাবে শৰীৰৰ পৰা উলিয়াই আনিলেই পাৰা তৎক্ষণাৎ তললৈ নামি যায়, ফলত সঠিক পঢ়া পোৱা নাযায়।