দৈৰ্ঘ্যৰ জোখ আৰু গতি

1. স্তম্ভ। ৰ প্ৰতিটো বস্তু স্তম্ভ ৷৷ ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা।

স্তম্ভ I     

 স্তম্ভ II

a) অট্টালিকাৰ উচ্চতা

  (i) cm

b) দুখন চহৰৰ মাজৰ দূৰত্ব 

  (ii) m

c) পেঞ্চিলৰ দৈর্ঘ্য   

 (iii) mm

d) বহীৰ বেধ

(iv) km

উত্তৰঃ

স্তম্ভ I  

  স্তম্ভ II

 a) অট্টালিকাৰ উচ্চতা  

(ii) m

  b) দুখন চহৰৰ মাজৰ দূৰত্ব

(iv) km

 c) পেঞ্চিলৰ দৈর্ঘ্য    

(i) cm

d) বহীৰ বেধ 

(iii) mm

2. তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্রী (স্কেল অথবা ফিটা)

ব্যৱহাৰ কৰি নিৰ্দ্ধাৰণ কৰা হয়?

(a) এটা অট্টালিকাৰ উচ্চতা।

উত্তৰঃ ফিটা।

(b) পেঞ্চিলৰ দৈৰ্ঘ্য।

উত্তৰঃ স্কেল।

(c) পেপাৰ ক্লিপৰ দৈর্ঘ্য।

উত্তৰঃ স্কেল।

(d) গছৰ গা-গছৰ ঘেৰ।

উত্তৰঃ ফিটা।

(e) এডাল ৰবৰৰ প্ৰস্থ।

উত্তৰঃ স্কেল।

(f) ফুটবল খেলপথাৰৰ দৈর্ঘ্য।

উত্তৰঃ ফিটা।

3. সঁচা নে মিছা?

(ক) ১ মিটাৰ = ১০০ চে.মি.

উত্তৰঃ সঁচা।

(খ) ৫০০০ মিটাৰ = ৫ চে.মি.

উত্তৰঃ মিছা।

(গ) ২০০০ মিটাৰ = ২ চে.মি.

উত্তৰঃ মিছা।

(d) ঘড়ীৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ।

উত্তৰঃ মিছা।

(e) সৰলৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয়।

উত্তৰঃ মিছা।

4. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটো প্ৰৰ্যাবৃত্ত গতিৰ উদাহৰণ?

(a) পথেৰে গতি কৰা এখন বাছ।

(b) এটা ঘড়ীৰ দোলকৰ দোলন।

(c) এটা সৰি পৰা বল।

(d) এজন খোজকাঢ়ি যোৱা মানুহ।

উত্তৰঃ (b) এটা ঘড়ীৰ দোলকৰ দোলন।

(ii) তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ?

(a) গতিশীল অৱস্থাত থকা দোলনা এখন।

(b) এখন চলন্ত বেল।

(c) চলি থকা চিলিং ফেনৰ ব্লেড।

(d) গতিশীল চাইকেল এখন।

উত্তৰঃ (c) চলি থকা চিলিং ফেনৰ ব্লেড।

5. তলত দিয়াবোৰ পৰিৱৰ্তন কৰা।

(a) 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ।

উত্তৰঃ 0.25. মিটাৰ।

(b) 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ।

উত্তৰঃ 7500 মিটাৰ।

(c) 3 মিটাৰৰ পৰা চেন্টিমিটাৰলৈ।

উত্তৰঃ 300 চেন্টিমিটাৰ।

(d) 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ।

উত্তৰঃ 1250. মিলিমিটাৰ।

6. তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ, ইয়াক কিল’মিটাৰলৈ ৰূপান্তৰ কৰা।

উত্তৰঃ আমি জানো যে,

1000 মিটাৰ =  1 কি.মি

গতিকে 2০০০মিটাৰ = 2 কি.মি.

7. এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে- পেঞ্চিল, কলম, জ্যামিতি বাকচ আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা। প্ৰতিটো দৈর্ঘ্য মিলিমিটাৰ আৰু চেন্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা।

উত্তৰ:

 বস্তু    

দৈৰ্ঘ্য (মিলিমিটাৰ)

  দৈৰ্ঘ্য (চেন্টিমিটাৰ)

পেঞ্চিল

140

14

কলম

130

13

জ্যামিতি বাকচ

200

20

ৰবৰ

40

5

স্কেল

300

30

৪. তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পর্যবেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা। 10 চেন্টিমিটাৰতকৈ কম, 10 চেন্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক। তোমাৰ পৰ্যবেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা।

উত্তৰঃ 10 cm তকৈ কম দৈর্ঘ্যৰ বস্তুঃ পেঞ্চিল, চক, ৰবৰ আদি।

10 cm ৰ পৰা 1m দৈর্ঘ্যৰ ভিতৰত থকা বস্তুঃ কিতাপ, বহী,জ্যামিতি বাকচ, স্কেল আদি ।

1 m  তকৈ অধিক দৈর্ঘ্যৰ বস্তুঃ ডেস্ক, টেবুল  চকী, দুৱাৰ আদি।

9. তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ’বলৈ কোৱা। বেৰত সিহঁতৰ উচ্চতা চিহ্নিত কৰা। এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্ৰতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেন্টিমিটাৰত প্ৰকাশ কৰা।

10. তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা। ৰৈখিক, বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা।

উত্তৰঃ ৰৈখিক গতিঃ

(ক) পথত সৰলকৈ চলন্ত গাড়ী

(খ)  পোন পথত খোজ কাঢ়ি যোৱা মানুহ।

বৃত্তাকাৰ গতিঃ

(ক) চলি থকা চিলিং ফেনৰ ব্লেড
(খ) ঘড়ীৰ কাটা ঘূৰি থকা অৱস্থা।

দোলন গতিঃ

(ক) ঘড়ীৰ দোলক

(খ) লৰা-ছোৱালীয়ে দুলনী দি থকা অৱস্থা।

Scroll to Top