জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ
শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-
1. তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়?
(a) গছ
(b) চাইকেল
(c) শিশু
(d) পখিলা
উত্তৰঃ (b) চাইকেল
2. বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন?
(a) পোহৰ
(b) প্রয়োজনীয় উষ্ণতা
(c) সাৰ
(d) পানী
উত্তৰঃ (b) প্রয়োজনীয় উষ্ণতা
3. মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে?
(a) ফান
(b) ডেউকা
(c) নেজ
(d) ঠেং
উত্তৰঃ (a) ফান
4. তলৰ কোনবিধ প্রাণী মাটি আৰু পানী উভয়তে থাকিব পাবে?
(a) মাছ
(b) ভেকুলী
(c) শিয়াল
(d) তিমি মাছ
উত্তৰঃ (b) ভেকুলী
5. তলত দিয়া কোনবিধ গছৰ পাত স্পর্শ কৰিলে জাপ খাই যায়?
(a) আমলখি
(b) সূৰ্যমুখী ফুল
(c) লাজুকী লতা
(d) কলচী উদ্ভিদ
উত্তৰঃ (c) লাজুকী লতা
6. মহে ক’ত কণী পাৰে?
(a) বন্ধ পানীত
(b) পাতৰ তলত
(c) মাটিত
(d) নদীত
উত্তৰঃ (a) বন্ধ পানীত
7. লালুকীৰ গাত তলৰ কোনটো দেখা যায়?
(a) ঠেং আৰু জলক্লোম
(b) নেজ আৰু জলক্লোম
(c) হাঁওফাঁও আৰু নেজ
(d) কেবল জলক্লোম
উত্তৰঃ (a) ঠেং আৰু জলক্লোম
8. A স্তম্ভৰ লগত B স্তম্ভ মিলোৱা-
উত্তৰঃ
স্তম্ভ- A | স্তম্ভ- B |
(a) ফুল ফুলা | (iv) উদ্ভিদৰ চলন |
(b) ৰেচন | (iii) গাৰ পৰা ওলোৱা পানী আৰু বর্জনীয় দ্রব্য |
(c) কাণ্ড | (ii) ওপৰলৈ বাঢ়ে |
(d) শ্বাস-প্রশ্বাস | (i) দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান-প্রদান |
9. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা-
(a) বীজৰ ভিতৰত থকা সৰু _______________ ৰ পৰাই এজোপা পূর্ণাঙ্গ গছ হয়।
উত্তৰঃ বীজৰ ভিতৰত থকা সৰু ভ্ৰণৰ পৰাই এজোপা পূর্ণাঙ্গ গছ হয়।
(b) সকলো জীৱই ______________ প্ৰতি সঁহাৰি জনায়।
উত্তৰঃ সকলো জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়।
(c) ______________পূৰ্ণাঙ্গ মহলৈ পৰিৱৰ্তন হয়।
উত্তৰঃ কণী পূর্ণাঙ্গ মহলৈ পৰিৱৰ্তন হয়।
(d) চৰাই উৰিব পাৰে, ই হৈছে ______________ ৰ এটা বৈশিষ্ট্য।
উত্তৰঃ চৰাই উৰিব পাৰে, ই হৈছে জীৱ ৰ এটা বৈশিষ্ট্য।
(e) সময়ৰ লগে লগে জীৱৰ _______________ হয়।
উত্তৰঃ সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয়।
(f) মহে ____________ আৰু _____________ বেমাৰৰ বীজাণু কঢ়িযায়।
উত্তৰঃ মহে ডেংগু আৰু মেলেৰিয়া বেমাৰৰ বীজাণু কঢ়িযায়।
(g) ভেকুলী এবিধ ________________ প্রাণী।
উত্তৰঃ ভেকুলী এবিধ উভচৰ প্ৰাণী।
10. ভেকুলীৰ জীৱন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ ক্ৰমত লিখা।
(a) কণী – লালুকী – পোৱালি ভেকুলী – ভেকুলী।
(b) পোৱালি ভেকুলী – ভেকুলী – লালুকী – কণী।
(c) কণী – পোৱালি ভেকুলী – লালুকী – ভেকুলী।
(d) লালুকী – পোৱালি ভেকুলী – কণী – ভেকুলী।
উত্তৰঃ (a) কণী – লালুকী – পোৱালি ভেকুলী – ভেকুলী।
11. পূর্ণাঙ্গ ভেকুলীয়ে কিহৰ সহায়ত উশাহ-নিশাহ লয়? হাওঁফাওঁ নে জলক্লোম?
উত্তৰঃ পূর্ণাঙ্গ ভেকুলীয়ে হাঁওফাঁও সহায়ত উশাহ-নিশাহ লয় ।
12. জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি কি?
উত্তৰঃ সকলো জীৱৰ মূল তিনিটা বৈশিষ্ট্য হ’ল চলন, বৃদ্ধি আৰু শ্বাস-প্রশ্বাস।
13. বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ স্বত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়?
উত্তৰঃ বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কাৰণ গাড়ীৰ শ্বাস-প্ৰশ্বাস বৃদ্ধি, খাদ্য গ্ৰহণ, প্ৰজনন নহয় ।
14. জীৱৰ বাবে বংশবৃদ্ধিৰ কিয় প্রয়োজন?
উত্তৰঃ জীৱৰ বাবে বংশ বৃদ্ধিৰ প্ৰয়োজন কাৰণ – ই এটা প্ৰজাতিৰ ধাৰাবাহিকতাক নিশ্চিত কৰে।
15. ভেকুলীৰ জীৱনচক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা।
উত্তৰঃ ভেকুলীৰ জীৱনচক্ৰৰ বিভিন্ন স্তৰসমূহৰ নাম হ’ল কণী, লালুকী, পোৱালি ভেকুলী আৰু ভেকুলী।
16. মহৰ জীৱনচক্ৰৰ ছবি আঁকা।
উত্তৰঃ
মহৰ জীৱনচক্ৰ