বতৰ আৰু জলবায়ু

1. অতি চমুকৈ উত্তৰ দিয়া-

(a) বতৰ কাক বোলে?

উত্তৰঃ বায়ুমণ্ডলৰ উষ্ণতা, আর্দ্রতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদিয়ে কোনো এখন ঠাইৰ বায়ুমণ্ডলত দৈনন্দিন যি অৱস্থাৰ সৃষ্টি কৰে তাক সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়।

(b) জলবায়ু কাক বোলে?

উত্তৰঃ কোলো এখন ঠাইৰ বতৰৰ দীৰ্ঘম্যাদী পৰিৱেশকে ঠাইখনৰ জলবায়ু বোলা হয়।

(c) বতৰৰ তিনিটা কাৰকৰ নাম লিখা।

উত্তৰঃ বতৰৰ তিনিটা কাৰক হ’ল উষ্ণতা, আৰ্দ্ৰতা আৰু বৰষুণৰ পৰিমাণ।

(d) জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকৈইটা কি কি?

উত্তৰঃ. জলবায়ুৰ ভিত্তিত অসমত বছৰটোক চাৰিটা ঋতুত ভাগ কৰিব পাৰি। সেয়া হ’ল- গ্ৰীষ্ম, বর্ষা, শৰৎ আৰু শীতকাল

2. বতৰ আৰু জলবায়ুৰ মাজত পার্থক্য লিখা।

উত্তৰঃ i) বতৰ হ্ৰস্বম্যাদী পৰিঘটনা, কিন্তু জলবায়ু এক দীর্ঘম্যাদী পৰিঘটনা।

ii) বতৰ সঘনাই সলনি হয়, কিন্তু জলবায়ু সঘনাই পৰিৱৰ্তন নহয়।

3. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক’ত অৱস্থিত?

(a) উত্তৰ মেৰু।

(b) দক্ষিণ মেৰু।

(c) বিষুৱীয়।

(d) বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ।

উত্তৰঃ (d) বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ।

(ii) কোনবিধ খাৰিফ শস্য?

(ক) ধান।

(b) সৰিয়হ।

(গ) আলু।

(ঘ) ঘেহু।

উত্তৰঃ (ক) ধান।

4. খালী ঠাই পূৰ কৰা-

(a) কোনো এটা অঞ্চলৰ দীৰ্ঘসময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ _________ বোলে।

উত্তৰঃ কোনো এটা অঞ্চলৰ দীৰ্ঘসময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ জলবায়ু বোলে।

(b) ___________ মৌচুমী বতাহৰ বাবে বর্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

Scroll to Top