অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান

উত্তৰ লিখা-

(ক) অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল?

উত্তৰঃ অসমত ওঠৰ শতিকাৰ মাজ ভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল।

(খ) স্বর্গদেউ লক্ষ্মী সিংহৰ পাছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ পাছত আহোমৰ ৰাজপাটত স্বৰ্গদেউ লক্ষ্মী সিংহৰ পুত্ৰ গৌৰীনাথ সিংহই আৰোহণ কৰিছিল।

(গ) কেপ্তেইন ৱেলছৰ অসম আগমণৰ সময়ত বৃটিছ গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰঃ কেপ্তেইন ৱেলছৰ অসম আগমণৰ সময়ত বৃটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছ আছিল।

(ঘ) আহোমসকলৰ শেষ ৰজাজন কোন আছিল?

উত্তৰঃ আহোমসকলৰ শেষ ৰজাজন পোৰন্দৰ সিংহ আছিল।

(ঙ) কিমান খ্রীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত ২৪ ফ্ৰেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।

২। ক্রমানুসাৰে সজোৱা—

(ক) মোৱামৰীয়া প্ৰথম বিদ্রোহ।

(খ) মানৰ দ্বিতীয় আক্রমণ।

(গ) কেপ্তেইন ৱেলছৰ অসম আগমন।

(ঘ) ইয়াণ্ডাবু সন্ধি।

(ঙ) মানৰ তৃতীয় আক্রমণ।

উত্তৰঃ (ক) মোৱামৰীয়া প্ৰথম বিদ্রোহ।

(গ) কেপ্তেইন ৱেলছৰ অসম আগমন।

(খ) মানৰ দ্বিতীয় আক্রমণ।

(ঙ) মানৰ তৃতীয় আক্রমণ।

(ঘ) ইয়াণ্ডাবু সন্ধি।

৩। শুদ্ধ / অশুদ্ধ বাছি উলিওৱা-

(ক) অসমত হোৱা মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ লৰ্ড কৰ্ণৱালিছ অসমলৈ আহিছিল।

উত্তৰঃ অশুদ্ধ ।

(খ) কীৰ্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল।

উত্তৰঃ অশুদ্ধ ।

(গ) মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বডৌপায়া।

উত্তৰঃ শুদ্ধ ।

(ঘ) ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে বৃটিছে আৰাকান, টেনাচেৰিম আৰু য়েহ লাভ কৰিছিল।

উত্তৰঃ শুদ্ধ ।

৪। চমু উত্তৰ দিয়াঃ (৫০ টা মান শব্দৰ ভিতৰত)

(ক) প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি?

উত্তৰঃ ওঠৰ শতিকাৰ মাজ ভাগত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালৰপৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থান হোৱা বুলি কোৱা হয়। কিয়নো এওঁৰ দিনৰপৰাই হিন্দু ধর্ম মতে শ দাহ কৰাৰ নিয়ম কৰা হৈছিল আৰু আহোমসকলৰ দেওধাই পণ্ডিতৰ নিয়ম ত্যাগ কৰি ব্ৰাহ্মণ্য নিয়ম মতে পূজা-অৰ্চনা কৰা হৈছিল। সেই সময়ত অসমত বৈষ্ণৱ পন্থী মহন্তসকলো সমাজৰ উচ্চ স্তৰৰ লোক হিচাপে বিবেচিত আছিল। এদিন লক্ষ্মী সিংহ স্বৰ্গদেউৰ ৰাজসভাত থকা কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামৰ বিতর্কিত, ঘোৰ শাক্তপন্থী বিষয়াই চেগ বুজি মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে। ইয়াতে মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্রপাত ঘটে।

(খ) মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি?

উত্তৰঃ মানৰ দ্বিতীয় আক্ৰমণৰ পিছত ৰজা আলুমিঙ্গিয়ে চন্দ্ৰকান্তক ৰজা পাতে যদিও মিঙ্গিমাহা তিলোৱা নামৰ ব্যক্তি এজনক সেনাপতি পাতি কিছু মানসেনা এৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে । চন্দ্রকান্ত সিংহ ৰজা হ’ল যদিও প্রকৃত পক্ষে মান সেনাপতি মিঙ্গিমাহায়েহে অসম দেশ শাসন কৰিছিল। মানৰ অতপালি দিনে দিনে বাঢ়ি গৈছিল । চন্দ্রকান্ত সিংহ লাহে লাহে মানসকলৰ বিৰোধী হৈ উঠিছিল। এনে সময়তে অসমত থকা মানসেনাপতি ব্রহ্মদেশলৈ উভতি যাওঁতে চন্দ্রকান্ত সিংহই মানসকল যাতে পুনৰ ঘূৰি আহিব নোৱাৰে তাৰ বাবে মান অসমলৈ অহা পথটো বন্ধ কৰাৰ যো-জা কৰোঁতে মানৰ নতুন ৰজা বাগ্যিদোৱাই সৈন্য-সামন্তৰে আহি তৃতীয়বাৰ আহোম ৰাজ্য আক্রমণ কৰি অসমীয়া সৈন্যক পৰাজিত কৰিছিল ।

(গ) ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি?

উত্তৰঃ (ⅰ) ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান, টেনাচেৰিম আৰু য়েহ এৰি দিছিল।

(ii) দ্বিতীয়তে মানসকলে অসম, কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্রুতি দিয়ে।

৫। চমু টোকা লিখাঃ

(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা

(খ) পূর্ণানন্দ বুঢ়াগোহাঁই

(গ) বদনচন্দ্ৰ বৰফুকন

উত্তৰঃ (ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱাঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজসভাত থকা এজন বিতর্কিত বিষয়া আছিলা৷ তেওঁ ঘোৰ শাক্তপন্থী আছিল। সুযোগ বুজি মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰিছিল আৰু ইয়াতে মহন্তসকল অতি ক্ষুন্ন হয় আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটে।

(খ) পূর্ণানন্দ বুঢ়াগোহাঁইঃ ঘনশ্যাম বৰবৰুৱাৰ মৃত্যুৰ পিছত ঘনশ্যাম বৰবৰুৱাৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোঁহাই স্বৰ্গদেউ গৌৰীনাথ সিংহৰ শাসনকালত বুঢ়াগোঁহাই  পদত অধিষ্ঠিত হয়। অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষতা আৰু  বুদ্ধিৰ বলত তেওঁ আহোম ৰাজবংশৰ প্ৰৱল প্ৰতাপী বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কম বয়সীয়া আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত পূৰ্ণানন্দ বুঢ়াগোঁহাই য়ে দেশৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিছিল। পূৰ্ণানন্দ বুঢ়াগোঁহাই য়ে কৌশলেৰে মোৱামৰীয়াসকলৰ দ্বিতীয় বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত হোৱা ক্ষমতাকেন্দ্ৰিক বিবাদে মানসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল ।

(গ) বদনচন্দ্ৰ বৰফুকনঃ আহোম ৰাজবংশৰ এজন উচ্চ প্রদস্থ বিষয়া আছিল বদনচন্দ্ৰ বৰফুকন। তেওঁ বৰ ক্ষমতালোভী ব্যক্তি আছিল। আহোম ৰাজবংশৰ উচ্চ বিষয়া পূর্ণানন্দ বুঢ়াগোঁহাইৰ বদন চন্দ্ৰ বৰফুকনৰ লগত হোৱা ক্ষমতাকেন্দ্রিক বিবাদে মানসকলক অসমলৈ আমন্ত্রণ জনাইছিল। বদনচন্দ্ৰ বৰফুকন পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ হত্যাৰ ষড়যন্ত্ৰও কৰিছিল। পিছত ধৰা পৰাৰ ভয়ত প্রথমে কলিকতালৈ গৈ ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় বিচাৰে। তাত কাৰো সহায় নাপায় ম্যানমাৰলৈ গৈ ৰজা বডৌপায়াৰ শৰণপন্ন হয় আৰু তেওঁৰ লগত মিলি অসম আক্ৰমণ কৰে।

৬। কেপ্তেইন ৱেলছ কোন আছিল? তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হ’ল?

উত্তৰঃ কেপ্তেইন ৱেলছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বৃটিছ বিষয়া আছিল। তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ সম-সাময়িক অসমৰ ৰাজনৈতিক, অর্থনীতি আৰু সামাজিক অৱস্থাৰ ওপৰত এটি বিৱৰণ লিখি থৈ গৈছে । তেওঁ মোৱামৰীয়া বিদ্রোহ দমনৰ উদ্দেশ্যে অসমলৈ আহিছিল । তেওঁ অসমলৈ আহি বিদ্রোহীসকলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে। ইয়াৰ পিছত কেপ্তেইন ৱেলছে দৰঙী ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্রোহ দমন কৰে। ক্রমান্বয়ে কেপ্তেইন ৱেলছে নামনি আৰু উজনি অসমৰ বিদ্রোহ দমন কৰি গৌৰীনাথ সিংহক আহোমৰ শাসনভাৰ গতাই দিয়ে।

৭। ‘পূর্ণানন্দ বুঢ়াগোঁহাই আৰু বদনচন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দন্দই অসমলৈ মান অহাত সহায় কৰিছিল’—কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা।

উত্তৰঃ মানৰ অসম আক্ৰমণৰ মূলতে আছিল আহোমৰ উচ্চপদস্থ বিষয়া বদনচন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ মাজৰ ক্ষমতাৰ দন্দ। এই সময়ত আহোম ৰাজপাটত বহিছিল কোমল বয়সীয়া চন্দ্রকান্ত সিংহ। চন্দ্রকান্ত সিংহ ৰাজপাটত বহিছিল যদিও প্রকৃত শাসনভাৰ পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ হাতত আছিল। অন্য হাতেদি বদন চন্দ্র বৰফুকন আছিল বৰ ক্ষমতালোভী ব্যক্তি। তেওঁ আনকি পুর্ণানন্দ বুঢ়াগোঁহাইক হত্যা কৰাৰ ষড়যন্ত্রও ৰচনা কৰিছিল । বুঢ়াগোঁহায়ে বদন চন্দ্ৰ বৰফুকনৰ এনেবোৰ কার্যকলাপত অসন্তুষ্ট হৈ তেওঁক ধৰি আনিবলৈ পৰ্বতীয়া বৰফুকনক পঠিয়াইছিল। বদন চন্দ্ৰ বৰফুকনে আগতীয়াকৈ এই বাতৰি পাই কলিকতালৈ পলাই যায়। কলিকতাত উপস্থিত হৈ তেওঁ বুঢ়াগোঁহাইৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় বিচাৰিলে। কিন্তু কোম্পানীয়ে সহায় কৰিবলৈ অমান্তি হোৱাত বদন চন্দ্র বৰফুকন ব্রহ্মদেশত উপস্থিত হয়। বদন চন্দ্ৰ বৰফুকনে অসমত ক্ষমতাৰ অপপ্রয়োগ হোৱা বুলি ব্রহ্মদেশৰ ৰজা বডৌপায়াৰ সহায় বিচৰাত মানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে।

৮। ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত ইংৰাজসকলে কিয় গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল? তোমাৰ মতামত দাঙি ধৰা।

উত্তৰঃ পৰ্বত,পাহাৰ, ভৈয়াম, নদী উপত্যকা আদিৰ সমাহাৰ থকা অসমৰ অসমান ভূখণ্ড বা ভৌগোলিক অৱস্থা বিদেশী জাতি এটাৰ বাবে সিমান বোধগম্য নাছিল। ভাৰতত শাসনৰ বাঘজৰী নিজ হাতত লোৱাৰ লগে লগে অসমৰ অফুৰন্তৰ খনিজ সম্পদৰ প্ৰতি ইংৰাজসকলে দৃষ্টি ৰাখিছিল। আহোম ৰাজবংশৰ বিপদৰ সময়ত স্বৰ্গদেউসকলে উপায়হীন হৈ ইংৰাজক সহায়ৰ বাবে অনুৰোধ জনাইছিল। বিভিন্ন সময়ত স্বৰ্গদেউ সকলৰ পৰা আমন্ত্ৰণ পাই ইংৰাজসকল অসমলৈ ঢপলীয়াই আহিছিল আৰু তলে তলে নিজৰ বাবে সুবিধাজনক স্থানবোৰ লাহে লাহে দখল কৰিবলৈ লৈছিল। যিবোৰ অঞ্চলত যাতায়ত আৰু যোগাযোগৰ সুবিধা আছিল, সেই অঞ্চল পোনপ্ৰথমে নিজৰ অধীনলৈ আনিছিল। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰত জলপথৰ সুবিধা থকাৰ বাবে সেই অঞ্চল নিজৰ অধীনলৈ আনিছিল ।

Scroll to Top