ভাৰতবর্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
১। চমু উত্তৰ লিখা-
(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্রীষ্টাব্দত প্রতিষ্ঠা হৈছিল?
উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্রতিষ্ঠা হৈছিল।
(খ) ভাৰতবৰ্ষলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?
উত্তৰঃ ভাৰতবৰ্ষলৈ অহা জলপথ পোনতে ভাস্কো-ডা-গামা নামৰ এজন নাৱিকে আৱিষ্কাৰ কৰে।
(গ) ওলণ্ডাজসকলে ভাৰতবৰ্ষৰ কোন ঠাইত প্রথম দুর্গটো সাজে?
উত্তৰঃ ওলণ্ডাজসকলে ভাৰতবৰ্ষৰ পুলিকটত প্রথম দুর্গটো সাজে।
(ঘ) দ্বিতীয় চালছে বোম্বাই (মুম্বাই) কাক লীজত দিছিল?
উত্তৰঃ দ্বিতীয় চালছে বোম্বাই (মুম্বাই) ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিছিল।
(ঙ) কোনে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰী কৰিছিল?
উত্তৰঃ ফাৰুখছিয়াৰে বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰ্মান জাৰী কৰিছিল।
২। ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
কলম্বাছ উইলিয়াম হকিন্স ভাস্কো-ডা-গামা দ্বিতীয় চাৰ্লছ পুলিকট | আমেৰিকা ইংৰাজ কটকী পতুৰ্গীজ নাৱিক পতুৰ্গীজ ৰাজকিমাৰী ওলণ্ডাজ |
৩। খালী ঠাই পূৰ কৰা-
(ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰপৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়-বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল ।
উত্তৰঃ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬০০ খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়-বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল।
(খ) _____________ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম-কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয় ।
উত্তৰঃ বাণিজ্যবাদৰ দ্বাৰা দেশৰ অৰ্থনৈতিক কাম-কাজ চৰকাৰৰ নিয়ন্ত্ৰণাধীন কৰা হয়।
(গ) ১৬৬১ খ্রীষ্টাব্দত দ্বিতীয় চার্লছে _______________ কোম্পানীক লীজত দিয়ে । ইষ্ট ইণ্ডিয়া
উত্তৰঃ ১৬৬১ খ্ৰীষ্টাব্দত দ্বিতীয় চার্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে।
(ঘ) ১৭১৫ খ্রীষ্টাব্দত মোগল সম্রাট ______________ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰ্মান/অনুমতি প্ৰদান কৰে ।
উত্তৰঃ ১৭১৫ খ্ৰীষ্টাব্দত মোগল সম্রাট ফাৰুখছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/অনুমতি প্ৰদান কৰে ।
(ঙ) __________ফৰাচীসকলৰ মূখ্য কার্যালয় আছিল।
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানী ফৰাচীসকলৰ মূখ্য কাৰ্যালয় আছিল।
৪। সত্য / অসত্য বিচাৰ কৰা-
(ক) ১৮ শতিকাত মোগল সাম্রাজ্য শক্তিশালী আছিল।
উত্তৰঃ অশুদ্ধ ।
(খ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল।
উত্তৰঃ অশুদ্ধ ।
(গ) ভাস্কো-ডা-গামাই ১৪৯২ খ্রীষ্টাব্দত কালিকটত উপস্থিত হৈছিল।
উত্তৰঃ অশুদ্ধ ।
(ঘ) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল।
উত্তৰঃ শুদ্ধ।
(ঙ) বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল ।
উত্তৰঃ শুদ্ধ।
৫। দলত আলোচনা কৰি টোকা প্ৰস্তুত কৰা-
(ক) ইউৰোপীয় বণিজগোষ্ঠীৰ ভাৰতবৰ্ষ আগমনৰ কাৰণ ।
উত্তৰঃ প্রাচীন কালৰপৰাই পাশ্চাত্য জগতৰ লগত ভাৰতবৰ্ষৰ বেহা-বেপাৰৰ সম্পৰ্ক আছিল। মধ্যযুগৰ ভাৰতবৰ্ষৰ মছলা, বস্ত্ৰ, ৰেছম, ধাতব দ্রব্য, সোণ, ৰূপ, মূল্যবান পাথৰ আদিৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল। এইবোৰ সামগ্রী বেছিভাগ স্থলপথেৰে ইউৰোপ পাইছিলগৈ। কিন্তু ১৪৫৩ খ্ৰীষ্টাব্দত তুর্কীসকলে কনষ্টান্টিনোপল (বর্তমান ইস্তানবুল) দখল কৰাত সমস্যাৰ সৃষ্টি হ’ল। ইউৰোপ আৰু প্ৰাচ্যৰ দেশৰ মাজত থকা বেহা-বেপাৰৰ পথ তুর্কীসকলে বন্ধ কৰি দিয়াত ইউৰোপীয় বেপাৰীসকলে ভাৰত আৰু চীন দেশলৈ আহিবলৈ নতুন পথৰ সন্ধান কৰিবলগীয়া হ’ল। ইউৰোপত হোৱা নৱজাগৰণৰ পিছৰপৰা পর্তুগাল আৰু স্পেইনৰ ৰজাসকলে সমগ্ৰ বিশ্বতে নিজৰ দেশৰ নাবিকসকলক দুঃসাহসিক অভিযানলৈ যাবলৈ অনুপ্রাণিত কৰিছিল। এনেদৰে ভাৰতবৰ্ষলৈ বেহা-বেপাৰৰ বাবে অহা ইউৰোপ মহাদেশৰ ভিন ভিন দেশৰ বণিকসকলৰ আগমনৰ বিষয়ে আলোচনা কৰিম।
(খ) বাণিজ্যবাদ বুলিলে কি বুজা? বাণিজ্যবাদ আৰু উপনিবেশবাদৰ মাজত সম্পৰ্ক কি?
উত্তৰঃ ষোল্ল শতিকাৰপৰা ওঠৰ শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যিক প্ৰসাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল। সেই সময়ৰ ইউৰোপৰ প্ৰধান দেশ কেইখনে বৈদেশিক বেহা-বেপাৰত সৰ্বাধিক গুৰুত্ব প্রদান কৰিছিল। সুচল, যোগেদি সোণ, ৰূপ সা আদি আহৰণ কৰি দেশৰ সমৃদ্ধি আৰু সামৰিক নিৰাপত্তা নিশ্চিত কৰাত দেশবোৰে গুৰুত্ব দিছিল। এনেধৰণৰ অৰ্থনৈতিক ধাৰণাক ‘মাৰ্চেন্টিলিজম’ বা বাণিজ্যবাদ বুলি কোৱা হয়। বাণিজ্যবাদৰ প্ৰভাৱত অচিৰেই এনে এক পৰিস্থিতিৰ উদ্ভৱ হ’ল যে সকলো দেশেই নিজৰ উৎপাদিত সামগ্রী বিক্ৰীৰ বাবে বজাৰৰ সন্ধানত নামি পৰিল। সেয়েহে নিজৰ সামগ্ৰী ৰপ্তানি কৰিবৰ বাবে বিভিন্ন দেশত উপনিৱেশ পতাৰ চেষ্টা বা প্রতিযোগিতাত ইউৰোপৰ বেছিভাগ দেশ নামি পৰিল। এই সময়ছোৱাত গ্রেট বৃইটেইন, নেদাৰলেণ্ড, স্পেইন, পর্তুগাল, ফ্রান্স, ডেনমার্ক আদি ৰাষ্টৰ মল অর্থনৈতিক ভেটি আছিল সাম্রাজ্যবাদ।
(গ) ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিজসকলৰ প্ৰভাৱ ।
উত্তৰ: বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত নিমখ, ধপাত, তামোল আদিৰ দৰে সামগ্ৰীৰ একচেটিয়া ব্যৱসায় কৰিছিল। এই সুযোগতে কোম্পানীৰ চাকৰিয়ালসকলেও তেওঁলোকৰ নিজা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছিল। ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল। কোম্পানীৰ চাকৰিয়ালসকলে সূতা আৰু ৰেচমৰ শিপিনীক তেওঁলোকৰ তৈয়াৰী বস্তুবোৰ কম দামত বিক্ৰী কৰিবলৈ জোৰ-জুলুম কৰিছিল। কোম্পানীৰ ভাৰতীয় দালাল, গোমস্তাসকলেও শিপিনীসকলক কোম্পানীৰ প্ৰয়োজন মতে সামগ্রী তৈয়াৰ কৰিবলৈ দি যথেষ্ট কম দামত বিক্রী কৰিবলৈ বাধ্য কৰাইছিল। তেওঁলোকৰ নিৰ্দেশ মানিবলৈ অপাৰগ হ’লে শিপিনীসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁলোকৰ উৎপাদিত সামগ্ৰী অধিক মূল্য দি কিনিব খোজা আন আন ইউৰোপীয় বেপাৰীৰ ওচৰত সামগ্রী বিক্ৰী কৰিবলৈ দিয়া নহৈছিল। সেয়েহে উপায়হীন হৈ বহুতে তেওঁলোকৰ পৰম্পৰাগত বৃত্তি ত্যাগ কৰিছিল। ফলত ভাৰতীয় কুটিৰ উদ্যোগ ক্রমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিল।
৬। ভাৰতৰ এখন মানচিত্র অঙ্কন কৰি পর্তুগীজ, ওলণ্ডাজ, বৃটিছ আৰু ফৰাচীসকলৰ ব্যৱসায়িক ঘাটিবোৰ বহুওৱা
উত্তৰঃ নিজে কৰিবা ।
৭। বৃটিছসকলে প্রবেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ বৃটিছসকলে প্রবেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ হ’ল–
(১) মছলা উদ্যোগ ।
(২) বস্ত্ৰ উদ্যোগ।
(৩) ৰেচম উদ্যোগ ।
(৪) ধাতৱ দ্ৰব্য উদ্যোগ ।
৮। সোতৰ শতিকাৰ শেষ আৰু ওঠৰ শতিকাৰ আৰম্ভণিৰ কালছোৱাত ভাৰতবৰ্ষৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল ‘- উক্তিটোৰ তাৎপর্য ব্যাখ্যা কৰা ।
উত্তৰঃ ১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাত ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল। এই সময়ছোৱাত দুটা দিশত ভাৰতবৰ্ষত গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ সূচনা হৈছিল। তাৰে এটা হ’ল ভাৰতত ৰাজনৈতিক মানচিত্ৰৰ পট পৰিবৰ্তন আৰু আনটো হ’ল আৰ্থ-সামাজিক দিশৰ পৰিবৰ্তন।
বাবৰে প্ৰতিষ্ঠা কৰা মোগল সম্ৰাজ্য ঔৰংজেৱৰ ৰাজত্ব কালত ভাঙোনৰ মুখে ধাবিত হৈছিল। তেওঁৰ কঠোৰ শাসন নীতিয়ে মাৰাঠা, শিখ আৰু জাঠ সকলক মোগলৰ শাসন ওফৰাই পুনৰ স্বাধীন হবৰ বাবে উৎসাহিত কৰিছিল। ১৭০৭ খ্ৰীষ্টাব্দত ঔৰংজেৱৰ মৃত্যুৰ পাছত মোগল ৰাজবংশৰ কোনো এজন সম্রাটে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা বিদ্রোহ দমন কৰি মোগল সাম্রাজ্যক পুনৰ একত্ৰীকৰণ কৰিব পৰা নাছিল। ফলস্বৰূপে মোগল শাসনৰ দুৰ্বলতাৰ সুযোগ লৈ মোগলৰ শাসনাধীন বিভিন্ন স্থানত বহুতো সৰু সৰু স্বাধীন ৰাজ্যৰ উত্থান হয়। এই ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈয়ে ইষ্ট ইন্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত আধিপত্য স্থাপনৰ দিশে অগ্ৰসৰ হয়।