অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা
১। চমু উত্তৰ লিখা-
(ক) স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়?
উত্তৰঃ নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বোলে।
(খ) আশাকর্মী নিয়োগৰ উদ্যেশ্য কি?
উত্তৰঃ আশাকৰ্মী নিয়োেগৰ উদ্যেশ্য হ’ল- গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সু-পৰামৰ্শ দিয়া।
(গ) ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা।
উত্তৰঃ ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম যেনে- ‘কস্তুৰবা গান্ধী বালিকা বিদ্যালয়’।
(ঘ) কলচেণ্টাৰৰ পৰা কি কিষান সেৱা উপলব্ধ হয়?
উত্তৰঃ কিষান কলচেণ্টাৰৰ পৰা আমাৰ দেশৰ কৃষকসকলে ২৪ ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা-পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয়।
২। উত্তৰ লিখা-
(ক) আন্তঃগাঁথনিমূলক কাম-কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্রহণ কৰিছে?
উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়ত ব্য়ৱস্থা, যোগায়োগ ব্য়ৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্য়ালয়, বিজুলি যোগান, টেলিফোন সেৱা আদি প্ৰধান। এইবোৰকে আমি আন্তগাঁঠনিমূলক কাম-কাজ বুলি কওঁ। আন্তগাঁঠনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদি আৰু অত্য়ন্ত আৱশ্য়কীয় সা-সুবিধা, যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভব হব নোৱাৰে। সেইবাবে চৰকাৰে প্ৰধান কাম হিছাপে আন্তগাঁঠনি উন্নত কৰাৰ প্ৰচেষ্ট লয় যাতে কৃষি, উদ্য়োগ, সেৱাকে ধৰি সকলো দিশৰ কাম-কাজবোৰ সফলতাৰে সম্পন্ন হয়।
(খ) যাতায়াত আৰু যোগাযোেগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়?
উত্তৰঃ যাতায়াত ব্যৱস্থা সমাজ এখনৰ উন্নতিৰ প্ৰথম খলপ। কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে। যোগাযোগ ব্যৱস্থাই আজি সমগ্র বিশ্বত এক বৈপ্লালিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। বিজ্ঞান-প্ৰযুক্তিৰ প্ৰভাৱত এই ব্যৱস্থা ইমানেই আধুনিক আৰু সক্রিয় হৈছে যে ঘৰত বহি নিমিষতে আমি পৃথিৱীৰ ইমূৰ-সিমূৰৰ বাতৰি পাবলৈ সক্ষম হৈছোঁ।
বেপাৰ-বাণিজ্য, শিক্ষা, স্বাস্থ্যখণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্যৱস্থাৰ উন্নত সাধনসমূহৰ প্ৰয়োেগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায় ।
(গ) প্ৰযুক্তি বিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলব্ধ হৈছে?
উত্তৰঃ প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ ফলত একেবাৰে ন্যূনতম ব্যয়ত আমি কম্পিউটাৰ বা ম’বাইল ফোনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছো। সুলভইণ্টাৰনেট সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় অনুষ্ঠান-প্রতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছে। ইণ্টাৰনেটৰ সুবিধা প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন উৎসৰ জৰিয়তে ঘৰৰপৰাই শিক্ষা লাভ কৰিবপৰা হৈছে।
৩। খালী ঠাই পূৰ কৰা-
(ক) __________ মানে কোনো কার্য কৰিবৰ বাবে আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে __________উন্নয়ন সম্ভৱ হ’ব নোৱাৰে।
উত্তৰঃ আন্তগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদি আৰু অত্য়ন্ত অৱশ্য়কীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ’ব নোৱাৰে।
(খ) দেশৰ মুঠ __________ উৎপাদন তথা চৰকাৰৰ ___________ সংগ্ৰহত ৰেল সেৱাৰ অবদান অন্য়তম।
উত্তৰঃ দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰেল সেৱাৰ অবদান অন্য়তম।
(গ) সংবিধানে __________ শিক্ষাক শিশুৰ ___________ অধীকাৰ হিছাপে স্বীকৃতি দিছে।
উত্তৰঃ সংবিদানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধীকাৰ হিছাপে স্বীকৃতি দিছে।
(ঘ) উন্নত ________ব্যৱস্থাই কম সময়তেই আমাক অধিক __________ যোগান ধৰে।
উত্তৰঃ উন্নত যোগাযোগ ব্য়ৱস্থাই কম সময়তেই আমাক অধিক তথ্যৰ যোগান ধৰে।
(ঙ) __________ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট __________ আৰু উন্নয়নমুখী কৰি তুলিছে।
উত্তৰঃ বিদ্যুতৰ ব্য়ৱহাৰে আমাক জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে।