পৰিকল্পনা, বাজেট আৰু উন্নয়ন
১। চমু উত্তৰ লিখা –
(ক) সঞ্চয়ৰ অৰ্থ কি?
উত্তৰঃ সঞ্চয়ৰ অৰ্থ হ’ল জমাকৰা ।
(খ) পৰিকল্পনা কাক বোলে?
উত্তৰঃ যিকোনো এটা কৰিবলগীয়া কামৰ চিন্তা আগতীয়াকৈ কৰাকে পৰিকল্পনা বুলি কোৱা হয় ।
(গ) বাজেটৰ অৰ্থ কি?
উত্তৰঃ পৰিকল্পনামতে কামসমূহ ৰূপায়ন কৰিবলৈ কিমান অর্থ বা টকা-পইচাৰ প্ৰয়োজন হ’ব, সেই অৰ্থ ক’ৰ পৰা পাব, কেনেকৈ খৰচ কৰিব আদিৰ হিচাপ যিদৰে কৰা হয় সেয়াই হৈছে বাজেট।
(ঘ) কল্যাণমূলক কাম কাক বোলে?
উত্তৰঃ যিবোৰ কাম কৰিলে দেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয়। সেইবোৰ কামক কল্যাণমূলক কাম বোলে।
(ঙ) নিতি আয়োগ কোন চনত গঠন কৰা হয়?
উত্তৰঃ ২০১৫ চনত নিতি আয়োগ গঠন কৰা হয়।
২। উত্তৰ লিখা-
(ক) কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামক গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে?
উত্তৰঃ চৰকাৰী পৰিকল্পনাত দেশৰ উন্নয়নমূলক কাম-কাজসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। চৰকাৰৰ কাম-কাজসমূহ ৰূপায়ণৰ বাবে চৰকাৰক অৰ্থৰ প্ৰয়োজন হয়। ইয়াৰ ওপৰি আইন-সৃংখলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু দেশৰ প্ৰতিৰক্ষা ব্য়ৱস্থা শক্তিশালী কৰিবলৈ চৰকাৰে বৃহৎ পৰিমানৰ ব্য়য় বহন কৰিব লাগে। এই সমূহৰ পৰা চৰকাৰে অৰ্থ আহৰণ কৰে।
(খ) ভাৰতত পঞ্চবার্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি ‘লক্ষত উপনীত হব বিচৰা হৈছে ?
উত্তৰঃ ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে পাঁচটা লক্ষত উপনীত হব বিচৰা হৈছিল। এইবোৰ হ’ল-
(i) উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা।
(ii) অৰ্থনীতিৰ বিভিন্ন খণ্ডত অধুনিকীকৰণ সুনিশ্চিত কৰা।
(iii) সামাজিক ন্য়ায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰিকৰণৰ লক্ষ্য়ত উপনীত হোৱা।
(iv) আত্মনিৰ্ভৰশীলতা অৰ্জন।
(v) অৰ্থনীতিত অব্য়ৱহৃত বা অৰ্থ ব্য়ৱহৃিত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নিশ্চিত কৰা।
ধনেই হৈছে কৰ।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) নীতি আয়োগৰ অধ্যক্ষ-
(1) ৰাষ্ট্ৰপতি
(ii) বিত্তমন্ত্রী
(iii) প্ৰধানমন্ত্ৰী
(iv) গৃহমন্ত্রী ।
উত্তৰঃ (iii) প্ৰধানমন্ত্ৰী।
(খ) পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল—
(i) ৪ বছৰ
(ii) ৬ বছৰ
(iii) ৮ বছৰ
(iv) ৫ বছৰ
উত্তৰঃ (iv) ৫ বছৰ ।
(গ) পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্রয়োজন হয়-
(ঝ) কৃষি
( ii ) উদ্যোগ
(iii) টকা
(iv) বাণিজ্য
উত্তৰঃ (iii) অৰ্থ।
(ঘ) তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণঃ-
(i) আয়কৰ
(ii) নিগম কৰ
(iii) দ্ৰব্য আৰু সেৱা কৰ
(iv) জৰিমনা
উত্তৰঃ (iv) জৰিমনা।
(ঙ) দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল-
(i) সমূহীয়া অন্তর্ভুক্তিকৃত বৃদ্ধি
(ii) কৃষি
(iii) উদ্যোগিকৰণ
(iv) পথ পৰিবহন
উত্তৰঃ (i) সমূহীয়া অন্তর্ভুক্তিকৃত বৃদ্ধি
৪। খালী ঠাই পূৰ কৰা—
(ক) পৰিয়ালটো সুখে সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক __________ দিব লাগে।
উত্তৰঃ পৰিয়ালটো সুখে সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক গুৰুত্ব দিব লাগে।
(খ) অৰুণিমা এগৰাকী _________ মহিলা।
উত্তৰঃ অৰুণিমা এগৰাকী মৃতব্যয়ী মহিলা।
(গ) প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট _________ থাকে।
উত্তৰঃ প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট বাজেট থাকে।
(ঘ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ __________প্ৰস্তুত কৰি লোৱা হয় ।
উত্তৰঃ চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ বাজেট প্ৰস্তুত কৰি লোৱা হয় ।
(ঙ) কোনো প্রত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে __________।
উত্তৰঃ কোনো প্রত্যক্ষ প্রতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া