মোগলযুগঃ সমাজ আৰু সংস্কৃতি

১। উত্তৰ দিয়া –

(ক) চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ চাচাৰামৰ সমাধি আফগান নেতা ছেছাহে নিৰ্মাণ কৰিছিল।

(খ) আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰা কৰিছিল।

(গ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত?

উত্তৰঃ তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত।

(ঘ) ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি?

উত্তৰঃ ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ’ল-বেবদন খাঁ।

(ঙ) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায়?

উত্তৰঃ অসমত ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায়।

(চ) কি দুটা ভাষাৰ সংমিশ্রনত উর্দু ভাষাৰ সৃষ্টি হৈছিল?

উত্তৰঃ হিন্দুস্থানী আৰু পাৰ্জী ভাষাৰ সংমিশ্ৰনত উর্দু ভাষাৰ সৃষ্টি হৈছিল।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা –

(ক) ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে/ আকবৰে/ বাবৰে।

উত্তৰঃ ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল আকবৰে।

(খ) তাজমহল নির্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে/ শুধ বগা মাৰ্বলেৰে/ ইটা-চিমেন্টেৰে।

উত্তৰঃ তাজমহল নিৰ্মাণ কৰা হৈছিল শুধ বগা মাৰ্বলেৰে।

(গ) অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল ৰমানন্দ/ গুৰু নানক/ শংকৰদেৱ।

উত্তৰঃ অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল শংকৰদেৱ।

(ঘ) মোগল চিত্রশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ/ ছাহজাহানৰ/ ঔৰংগজেৱ শাসন কালত।

উত্তৰঃ মোগল চিত্রশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসন কালত।

(ঙ) তুর্কী ভাষাৰ ‘তুজুক-ই-বাবৰী’ নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ/ আকবৰ/হুমায়ুন।

উত্তৰঃ তুর্কী ভাষাৰ ‘তুজুক-ই-বাবৰী’ নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ।

৩। খালী ঠাই পূৰ কৰা-

(ক) পণিপত্ৰৰ কাবুলবাগ আৰু চম্বলৰ বাবৰে নিৰ্মাণ কৰিছিল।

উত্তৰঃ পাণিপত্ৰৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰে নিৰ্মাণ কৰিছিল।

(খ) ৰ শাসন কালক মোগল স্থাপত্য শিল্পৰ স্বর্ণযুগ বুলি জনা যায়।

উত্তৰঃ ছাহজাহানৰ শাসন কালক মোগল স্থাপত্য শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায়।

(গ) জাহাংগীৰৰ দিনত হৈছিল। শিল্পৰ চৰম বিকাশ

উত্তৰঃ জাহাংগীৰৰ দিনত মোগল চিত্র শিল্পৰ চৰম বিকাশ হৈছিল।

(ঘ) আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম

উত্তৰঃ আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম পার্টী প্রকাশ

(ঙ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল ।

উত্তৰঃ অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ।

৪। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা-

(ক) এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্রকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল?

উত্তৰঃ জাহাংগীৰৰ শাসনকালত মোগল চিত্রশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল। জাহাংগীৰ নিজে এজন চিত্রপ্রেমী আছিল। কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্রাধান্য দিবলৈ তেওঁ চিত্ৰকৰ সকলক আহ্বান জনাইছিল। জাহাংগীৰৰ দিনত ক্ষুদ্ৰ চিত্রশিল্পইও এক সুকীয়া আসন দখল কৰিছিল। বিখ্যাত চিত্ৰকৰ মনচুৰ, মুৰাদ, বিষণদাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল। এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্রান্তত বহুতো চিত্ৰশিল্পৰ বিদ্যালয় গঢ় লৈ উঠিছিল।

(খ) মোগলযুগৰ স্থাপত্য, কলা-সংস্কৃতিলৈ  ছাহজাহানৰ অৱদান।

উত্তৰঃ ছাহজাহানৰ শাসন কালত মোগল স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল।

(খ) মোগলযুগৰ স্থাপত্য, কলা-সংস্কৃতিলৈ ছাহজাহানৰ অৱদান।

উত্তৰঃ ছাহজাহানে চিত্ৰশিল্পৰ জগতলৈ আগবঢ়োৱা অৱদান নগন্য় তেওঁৰ পুত্ৰ দাৰা এজন চিত্ৰশিল্পৰ প্ৰধান পৃষ্ঠপোষক আছিল। আজিও ভাৰতীয় সংস্কৃতিত মোগল চিত্ৰকলাই সমাদৰ লাভ কৰে। ছাহজাহানৰ শাসন কালত মোগল স্থাপত্য় শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। তেওঁ সৌন্দৰ্যৰ সাধক আছিল। ছাহজাহানৰ ৰাজত্বকাল কলা-সংস্কৃতিৰ যোগেদি নদন-বদন হৈ পৰিছিল বাবে এই কালছোৱাক মোগল স্থাপত্য়ৰ ‘স্বৰ্ণযুগ’ বুলি কোৱা হয়। কিন্তু স্থাপত্য়-ভাস্কৰ্য নিৰ্মাণত মুক্তহস্তে খৰচ কৰি শেষৰফালে তেওঁ সৰ্বস্বান্ত হৈ পৰিছিল। ছাহজাহানে নিৰ্মাণ কৰা তাজমহল তেওঁ পন্তী প্ৰেমৰ তেওঁ অমৰ সাক্ষী। স্থাপত্য়-ভাস্কৰ্য আকবৰে মাৰ্বল ব্য়ৱহাৰৰ সূচনা কৰিছিল।

(গ) আকবৰৰ ধৰ্ম নীতিয়ে মোগলযুগক কেনেদৰে প্ৰভাৱিত কৰিছিল?

উত্তৰঃ আকবৰে তেওঁ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে ইবাদতখানা অৰ্থাৎ প্ৰাৰ্থনা গৃহ সজাইছিল। আদিতে এই ইবাদতখানাত সমবেত হোৱা গোড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। পাছলৈ অন্য় ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল। সম্ৰাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলদ্ধি কৰিছিল। সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধৰ্মমত উলিয়াইছিল। ইয়াকে আমি দিন-ই-ই লাহী বুলি জানো। প্ৰথম এই ধৰ্মমতৰ নাম আছিল তউহিদ-ই-ইলাহী। আকবৰৰ শাসন ব্য়ৱস্থাত সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন-ই-ইলাহীক প্ৰয়োগ কৰিছিল। আন ধৰ্মৰ মানুহকো ধৰ্মীয় স্বাধীনতা দিয়াতো তেওঁ ধৰ্ম নীতিৰ এক প্ৰধান বৈশিষ্ট আছিল।

(ঘ) মোগলযুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম লিখা।

উত্তৰঃ মোগলযুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম হ’ল– গুলবেদন বেগম, নুৰজাহান বেগম,ৰৌচনাৰা, জাহানাৰা, মমতাজ মহল, যোধাবাই, মানবাই, জগত গোঁসাই ইত্যাদি। 

 ৫। মোগলযুগৰ ভাৰতৰ স্থাপত্যসমূহ চিত্ৰ সংগ্রহ কৰি এটি এলবাম প্ৰস্তুত কৰা।

৬। তলত দিয়া ছবিবোৰৰ ওপৰত তোমাৰ নিজৰ বহীত দহোটাকৈ বাক্য লিখা-

উত্তৰঃ কামাখ্যা মন্দিৰ: কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। কিছুমান ধৰ্মপুথিমতে কামাখ্যা মন্দিৰ প্ৰাচীন কামৰূপৰ সোঁমাজত আছিল। কথিত আছে যে কামখ্যা মন্দিৰলৈ অহা-যোৱা বাটটো পোন প্ৰথমে নৰকাসুৰে নিৰ্মাণ কৰিছিল।

হুমায়ুনৰ সমাধি: হুমায়ুনৰ সমাধি দিল্লীত আছে। বাবৰৰ পুত্ৰ হুমায়ুনে পাছিয়ান কাৰিকৰ মিৰাক মির্জা গিয়াছৰ হতুৱাই হুমায়ুনৰ সমাধি নিৰ্মাণ কৰাইছিল ।

কুতুবমিনাৰ: কুতুবমিনাৰ দিল্লীত অৱস্থিত। দাস বংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিন আইবাকে প্রখ্যাত কুতুবমিনাৰ সজোৱাৰ কাম আৰম্ভ কৰে। কিন্তু কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য শেষ কৰে ইলটুতমিছে।

মুদ্রা: মুদ্রা বিনিময়ৰ অন্যতম মাধ্যম। প্রচীন কালত মুদ্ৰাৰ সলনি বিনিময় প্ৰথা ব্যৱহাৰ কৰা হৈছিল। সৰহভাগ প্ৰাচীন ভাৰতীয় মুদ্ৰা ৰূপৰ আছিল। মোগল সম্ৰাটসকলে ৰূপ, ব্ৰ’ঞ্জ, তাম আৰু সোণৰ মুদ্ৰা বনাইছিল।

Scroll to Top