অৰণ্যঃ আমাৰ জীৱন ৰেখা

1) অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখন বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা।

উত্তৰঃ অৰণ্যত বাস কৰা প্ৰাণীসমূহে বিভিন্নধৰণে অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে। বহুতো প্ৰাণী, যেনে চৰাই আৰু স্তন্যপায়ী প্ৰাণীয়ে ফল খায় আৰু সেইবোৰৰ বীজসমূহ অৰণ্যৰ বিভিন্ন স্থানলৈ কঢ়িয়াই লৈ যায়। এইদৰে বীজ বিস্তাৰ হোৱাৰ ফলত নতুন উদ্ভিদ গজি উঠাত সহায় হয়। পতংগ, মৌমাখি আৰু চৰাইবোৰে ফুল ফুলা উদ্ভিদৰ পৰাগযোগ প্ৰক্ৰিয়াত সহায় কৰে, যি নতুন উদ্ভিদ সৃষ্টিৰ বাবে গুৰুত্বপূৰ্ণ। প্ৰাণীৰ মল-মূত্ৰ আৰু মৃতদেহবোৰ পচি গৈ বিয়োজক যেনে বেক্টেৰিয়া আৰু ভেঁকুৰৰ দ্বাৰা হিউমাছ নামৰ পুষ্টিকৰ পদাৰ্থলৈ পৰিণত হয়। এই হিউমাছবোৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু নতুন গছ-গছনি বৃদ্ধি পোৱাত সহায় কৰে।

2 ) অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা ।

3) বিয়োজক কি? দুবিধ বিয়োজকৰ নাম লিখা। সিহঁতে অৰণ্যত কি কৰে?

উত্তৰঃ বিয়োজক হ’ল সেইবোৰ অণুজীৱ যিয়ে পচা উদ্ভিদ আৰু প্ৰাণীৰ মৃতদেহক হিউমাচলৈ ৰূপান্তৰিত কৰে। দুবিধ বিয়োজকৰ নাম হ’ল বেক্টেৰিয়া আৰু ভেঁকুৰ।

অৰণ্যত বিয়োজকে মৃত প্রাণী, মৃত উদ্ভিদ, তলসৰা পাতৰ পচন ঘটাই মাটি সাৰুৱা কৰে।

4) বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন-ডাই-অক্সাইডৰ মাজত সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা কি ব্যাখ্যা কৰা।

5) অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় বুজাই লিখা।

6) অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত পাঁচবিধ বস্তুৰ নাম লিখা।

7) খালী ঠাই পূৰ কৰা—

(a) পতংগ, পখিলা, মৌমাখি আৰু চৰায়ে সপুষ্পক উদ্ভিদৰ _______________ সহায় কৰে ।

উত্তৰঃ পতংগ, পখিলা, মৌমাখি আৰু চৰায়ে সপুষ্পক উদ্ভিদৰ পৰাগযোগত সহায় কৰে।

(b) অৰণ্য হ’ল ____________ আৰু ____________ ৰ বিশুদ্ধি কাৰক।

উত্তৰঃ অৰণ্য হ’ল বায়ু আৰু মাটিৰ বিশুদ্ধি কাৰক।

(c) অৰণ্যৰ __________ স্তৰটো সৰু গুল্ম আৰু ঘাঁহ-বনেৰে গঠিত।

উত্তৰঃ অৰণ্যৰ নিম্ন স্তৰটো সৰু গুল্ম আৰু ঘাঁহ-বনেৰে গঠিত।

(d) পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত ______________ৰ বৃদ্ধি কৰে ।

উত্তৰঃ পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত পোষক দ্ৰব্যৰ বৃদ্ধি কৰে ।

৪) আমাৰ পৰা দূৰৈত থকা অৰণ্যবোৰৰ অৱস্থা আৰু ইয়াৰ সমস্যা লৈ আমি চিন্তিত কিয়?

– 9) অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্রয়োজনীয় বুজাই লিখা।

Scroll to Top