গতি আৰু সময়
অনুশীলনীঃ
1.তলৰ গতিসমূহ সৰল ৰৈখিক, বৃত্তীয় বা দোলন গতিত শ্রেণীভুক্ত কৰা।
(a) দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি।
উত্তৰঃ দোলন গতি।
(b) এটা পোন ৰাস্তাৰে বাগী টানি থকা ঘোঁৰাৰ গতি।
উত্তৰঃ সৰল ৰৈখিক গতি ।
(c) ঘূৰণ-দোলনা (Merry-go-round)ত উঠি থকা অৱস্থাত শিশু এটাৰ গতি।
উত্তৰঃ বৃত্তীয় গতি ।
(d) ঢেঁকী পাত (See-saw)ত উঠি থকা অৱস্থাত শিশু এটাৰ গতি।
উত্তৰঃ দোলনৰ গতি।
(e) বৈদ্যুতিক ঘণ্টাৰ হাতুৰীৰ গতি।
উত্তৰঃ দোলন গতি।
(f) এখন পোন দলঙত ৰে’লৰ গতি।
উত্তৰঃ সৰল ৰৈখিক গতি।
2. তলৰ কোনবোৰ উক্তি শুদ্ধ নহয়?
(a) সময়ৰ মৌলিক একক ছেকেণ্ড।
উত্তৰঃ শুদ্ধ।
(b) প্ৰত্যেক বস্তুৱে ধ্ৰুৱক দ্ৰুতিৰে গতি কৰে।
উত্তৰঃ অশুদ্ধ।
(c) দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত জোখা হয়।
উত্তৰঃ শুদ্ধ।
(d) এটা প্রদত্ত দোলকৰ পৰ্যায়কাল ধ্রুবক নহয়।
উত্তৰঃ অশুদ্ধ।
(e) এখন ৰে’লৰ দ্ৰুতি মি/ঘত প্ৰকাশ কৰা হয়।
উত্তৰঃ অশুদ্ধ।
3. এটা সৰল দোলকে 20 বাৰ দুলিবলৈ 32 ছেকেণ্ড সময় লয়। দোলকটোৰ পৰ্যায়কাল নিৰ্ণয় কৰা।
উত্তৰঃ ইয়াত দিয়া আছে, দোলকৰ দোলন সংখ্যা = 20
সময় = 32 ছেকেণ্ড
আমি জানো যে, পৰ্যায় কাল = সময়/দোলনৰ সংখ্যা
= 32/20
= 1.6
∴ নিৰ্ণেয় পৰ্যায় কাল = 1.6 ছেকেণ্ড।
4. দুটা আস্থানৰ মাজৰ দূৰত্ব 240 কি মি। এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লয়। ৰেলখনৰ দ্ৰুতি নিৰ্ণয় কৰা।
উত্তৰঃ দিয়া আছে,
দূৰত্ব = 240 কি.মি.
সময় = 4 ঘন্টা
আমি জানো, দ্ৰুতি = দূৰত্ব/সময়।
= 240/4
= 60
∴ নিৰ্ণেয় দ্ৰুতি 60 কি.মি/ঘণ্টা।
5. ঘড়ীয়ে পুৱা 08.30 বজা সময় দেখুওৱা মুহূৰ্তত এখন গাড়ীৰ দূৰত্বমেতাই 57321.0 কি মি পাঠ দেখুৱায়। যদি পুৱা 08.50 বজাত দূৰত্বমেতাৰ পাঠ 57336.0 কি মিলৈ পৰিৱৰ্তন হয় তেন্তে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। এইখিনি সময়ৰ ভিতৰত কি মি/ মিনিট এককত গাড়ীখনৰ দ্রুতি গণনা কৰা। দ্রুতি কি মি/ ঘ এককতো প্রকাশ কৰা।
উত্তৰঃ দিয়া আছে,
দূৰত্বমেতাৰ আদি পাঠ = 57321.0 কি.মি.
দূৰত্বমেতাৰ শেষ পাঠ = 57336.0 কি.মি.
⸫ গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব = ( 57336.0 –57321.0 ) কি.মি. = 15.0 কি.মি.
ঘড়ীৰ আদি পাঠ = 08:30 AM
ঘড়ীৰ অন্তিম পাঠ = 08:50 AM
মুঠ সময় = (08.50 – 08.30) মিনিট = 20 মিনিট
∴ নির্ণেয় দ্রুতি = 15/20 কি.মি. / মিনিট
= 0.75 কি.মি. / মিনিট
আকৌ, 1 ঘণ্টা = 60 মিনিট
কি মি/ঘ এককত গাড়ীখনৰ দ্ৰুতি = 0.75 x 60 = 45 কি.মি. / ঘণ্টা
∴ গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব = 15.0 কি.মি.
কি মি/ মিনিট এককত গাড়ীখনৰ দ্ৰুতি = 0.75 কি.মি. / মিনিট
কি মি/ঘ এককত গাড়ীখনৰ দ্ৰুতি = 45 কি.মি. / ঘণ্টা
6. চালমাই চাইকেলেৰে ঘৰৰ পৰা বিদ্যালয়লৈ যাবলৈ ১৫ মিনিট সময় লয়। যদি চাইকেলখনৰ দ্ৰুতি ২ মি.\ছে. হয়, তেন্তে ঘৰৰ পৰা বিদ্যালয়খনৰ দূৰত্ব নিৰ্ণয় কৰা।
উত্তৰঃ দিয়া আছে,
চাইকেলৰ দ্রুতি = 2 মি/ছে
সময় = 15 মিনিট = 15 x 60 ছে = 900 ছে
আমি জানো যে,
অতিক্রম কৰা দূৰত্ব = দ্রুতি x সময়
= 2 x 900 মি
= 1800 মি .
∴ ছালমাৰ ঘৰৰপৰা বিদ্যালয়খনৰ দূৰত্ব = 1800 মি .
7. তলত উল্লেখ কৰা অৱস্থাবোৰত গতিৰ দূৰত্ব-সময় লেখৰ আকৃতি দেখুৱা-
(a) ধ্ৰুৱক দ্ৰুতিৰে গতিশীল এখন গাড়ী
(b) ৰাস্তাৰ কাষত ৰৈ থকা এখন গাড়ী
8. তলৰ সমন্ধবোৰৰ কোনটো শুদ্ধ?
(i) দ্রুতি = দূৰত্ব x সময়
(ii) দ্রুতি = সময়/ দূৰত্ব
(iii) দ্রুতি = দূৰত্ব/দূৰত্ব
(iv) দ্রুতি =1/দূৰত্ব x সময়
উত্তৰঃ (ii) দ্রুতি=সময়/ দূৰত্ব
9. দ্ৰুতিৰ মূল একক হ’ল
a)কি.মি b) মি/মিনিট c)কি মি/ঘ d) মি/ছে
উত্তৰঃ d) মি/ছে
10. এখন গাড়ীয়ে 15 মিনিট সময় 40 কি মি/ঘ দ্রুতিৰে আৰু পিছৰ 15 মিনিট 60 কিমি/ঘ দ্রুতিৰে গতি কৰে। গাড়ীখনে অতিক্রম কৰা মুঠ দূৰত্ব হ’ল
(a) 100 কি মি (b) 25 কিমি (c) 15 কি মি (d) 10 কি মি
উত্তৰঃ (b) 25 কিমি
12. চিত্ৰ 4.15 ত A আৰু B দুখন গাড়ী ৰ গতিৰ দূৰত্ব-সময়ৰ লেখ দেখুওৱা হৈছে। কোনখন গাড়ী দ্ৰুততৰ?

উত্তৰঃ A গাড়ীখন দ্ৰুততৰ
13. তলৰ কোনডাল দূৰত্ব-সময়ৰ লেখে বিষম দ্ৰুতিৰে গতিশীল লৰী এখন সূচায়?


উত্তৰঃ (c)