আমাৰ অধিকাৰ

উত্তৰ লিখা-

১। (ক) লিংগ-বৈষম্য মানে কি?

উত্তৰঃ লিংগ-বৈষম্য মানে ল’ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ।

(খ) শিশুৰ অধিকাৰ বুলিলে কি বুজা?

উত্তৰঃ শিশুৰ অধিকাৰ বুলিলে শিশুৱে পাবলগা সকলো অধিকাৰক বুজায়, যেনে- পিতৃ-মাতৃ আৰু পৰিয়ালৰ সৈতে মৰম চেনেহৰে আদৰ যত্নৰে জীৱন-যাপন কৰাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সু-স্বাস্থ্যৰ অধিকাৰ আদি।

(গ) শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা।

উত্তৰঃ শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম হ’ল- “শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন ২০০৯” আৰু “শিশু-শ্ৰমিক আইন ১৯৮৬” ।

(ঘ) অসমত শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ অসমত শিশু সুৰক্ষা দিৱস ৪ মাৰ্চ তাৰিখে পালন কৰা হয়। 

২। খালী ঠাই পূৰ কৰা-

(ক) বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰামান               দেখিলে। 

উত্তৰঃ বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰামান খেতি দেখিলে।

(খ) সিহঁতে বিদ্যালয়খনৰ                    সভাত অংশগ্ৰহণ কৰিলে।

 উত্তৰঃ সিহঁতে বিদ্যালয়খনৰ প্ৰাতঃসভাত অংশগ্ৰহণ কৰিলে।

(গ) আমাৰ দেশৰ চৰকাৰে                  চনত শিশু শ্ৰমিক আইন প্ৰণয়ন কৰে। 

উত্তৰঃ আমাৰ দেশৰ চৰকাৰে ১৯৮৬ চনত শিশু শ্রমিক আইন প্ৰণয়ন কৰে।

(ঘ) ২০০৯ চনত                 শিক্ষাৰ আইন প্ৰবৰ্তন কৰা হয়।

উত্তৰঃ ২০০৯ চনত শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন প্ৰবৰ্তন কৰা হয়।

৩। সত্যনে অসত্য লিখা-

(ক) সিহঁতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল।

উত্তৰঃ সত্য়। 

(খ) সেই অঞ্চলটোৰ জনবসতি সেৰেঙা আছিল।

উত্তৰঃ সত্য়। 

(গ) লিংগ-বৈষম্য মানে ল’ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ।

উত্তৰঃ সত্য়। 

(ঘ) মালালা ইউচফযাই ভাৰতীয় মহিলা।

উত্তৰঃ অসত্য়। 

৪। আকস্মিক বক্তৃতা আয়োজন কৰা—

লিংগ-বৈষম্য, শিশু শ্রমিক, শিশুৰ অধিকাৰ, ক্ষেত্র ভ্রমণ, প্রাতঃসভা, বিদ্যালয়

উত্তৰঃ (নিজে কৰিবা)

৫। প’ষ্টাৰ লিখা-

(ক) শিক্ষা শিশুৰ মৌলিক অধিকাৰ

(খ) ৬ৰ পৰা ১৪ বছৰৰ সকলো শিশুৰ শিক্ষা বাধ্যতামূলক।

Scroll to Top