আমাৰ ৰাষ্ট্ৰীয় পতাকা
১। উত্তৰ লিখা-
(ক) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা ৰং থকাৰ বাবে ত্ৰিৰংগা পতাকা বুলি কোৱা হয়।
(খ) ৰাষ্ট্ৰীয় প্রতীকৰ মোহৰটো আমি ক’ত ক’ত ব্যৱহাৰ কৰোঁ?
উত্তৰঃ ৰাষ্ট্ৰীয় প্রতীকৰ মোহৰটো আমি চৰকাৰী কাগজ- পত্র, ডাক-টিকট, পোষ্টকার্ড আদিত ব্যৱহাৰ কৰোঁ।
(গ) ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস উদ্যাপন কৰে?
উত্তৰঃ ভাৰতে ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে।
(ঘ) ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ তিনিটা নিয়ম।
উত্তৰঃ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা নিয়ম হ’ল-
(১) জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে।
(২) ৰাষ্ট্ৰীয় পতাকাখন টেবুল বা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে।
(৩) পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে- তেনে ওলোমাই থ’ব নালাগে।
(ঙ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱসৰ নাম।
উত্তৰঃ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা দুটা দিৱস হ’ল- স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস।
২। ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি বুজায়? ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
‘ক’ অংশ | ‘খ’ অংশ |
সেউজীয়া বগা গেৰুৱা গাঢ়নীলা | শক্তি আৰু সাহসৰ প্ৰতীক। উৰ্বৰতা, সমূদ্ধি আৰু মংগলময়তাৰ প্ৰতীক। আকাশ আৰু সমুদ্ৰক বুজায়। সত্য় আৰু শান্তিৰ প্ৰতীক। |
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
সেউজীয়া বগা গেৰুৱা গাঢ়নীলা | উৰ্বৰতা, সমূদ্ধি আৰু মংগলময়তাৰ প্ৰতীক। সত্য় আৰু শান্তিৰ প্ৰতীক। শক্তি আৰু সাহসৰ প্ৰতীক। আকাশ আৰু সমুদ্ৰক বুজায়। |
৩। খালী ঠাই পূৰ কৰা-
(ক) মহাত্মা গান্ধীৰ জন্মদিনটো ______________হিচাপে পালন কৰা হয়।
উত্তৰঃ গান্ধী জয়ন্তী।
(খ) জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত বুলি পৰিচিত।
উত্তৰঃ নেহৰু খুড়া।
(গ) ২৬ জানুৱাৰীত ______________ পালন কৰা হয়।
উত্তৰঃ গণতন্ত্ৰ দিৱস।
(ঘ) ______________জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়।
উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ।
(ঙ) আমাৰ ৰাষ্ট্ৰীয় প্রতীকটো হ’ল _______________।
উত্তৰঃ অশোক স্তম্ভ।
৪) তলত দিয়া ৰাষ্ট্ৰীয় পতাকাখন শুদ্ধ ৰঙেৰে বোলোৱা-
(তোমালোকে নিজে কৰিবা)