আগতে নিজে নিকা হ'
উত্তৰ লিখা-
(ক) পদ্যটিৰ ৰচক কোন?
উত্তৰঃ পদ্যটিৰ ৰচক হ’ল অম্বিকাগিৰী ৰায়চৌধুৰী।
(খ) কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হবলৈ কৈছে?
উত্তৰঃ কবিয়ে আনক ধোৱাৰ আগতে নিজকে নিকা হ’বলৈ কৈছে।
(গ) কবিৰ মতে নিজক নিকা কৰিবলৈ হলে কি কি কৰিব লাগে?
উত্তৰঃ কবিৰ মতে নিজক নিকা কৰিবলৈ হ’লে নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি ল’ব লাগে।
(ঘ) কবিৰ মতে আনক সঁচা কথা কবলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে?
উত্তৰঃ কবিৰ মতে আনক সঁচা কথা ক’বলৈ উপদেশ দিয়াৰ আগতে নিজে সচা ক’ব লাগে।
তলৰ শব্দবোৰৰ অৰ্থ শব্দ-সম্ভাৰ আৰু অভিধানত চাই শিকোঁ আহা-
নিকা – পৰিস্কাৰ, নিৰ্মল।
পখালি- পানী দ্বাৰা নিকা কৰি ধুই লোৱা।
দৃঢ়তা – কঠিনতা,স্থিৰতা।
আত্মিক- মানসিকতা,ভাবনা।
কবিৰ মতে জীৱনত কেনেকৈ ধন-সোণ জমা কৰিব পাৰি লিখা।
উত্তৰঃ কবিৰ মতে নিজকে নিকা কৰি, নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি, সঁচা কথা কৈ আৰু নিজ সত্যত চলি নিজৰ ৰূপত দৃঢ় হৈ ধন – সোণ জমা কৰিব পাৰি।
পদ্যকেইফাঁকি বুজাই লিখা ।
(ক) নিজৰ হিয়া -মনৰ মলি ধুই পখালি ল ‘ –
উত্তৰঃ এই পদ্যফাঁকিত মানুহৰ মনৰ মাজত থকা বেয়া ভাৱ আৰু বেয়া চিন্তা ধাৰা আদি মনৰ পৰা দূৰ কৰি মনটো শুদ্ধ কৰি ল’বলৈ কোৱা হৈছে।
(খ) আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক ‘
উত্তৰঃ এই পদ্যফাঁকিত আনক সচাঁ কথা ক’বলৈ কোৱাৰ আগতে যে নিজে সঁচা কথা ক’ব লাগে সেই কথাকে কোৱা হৈছে।
তলৰ শব্দ কেইটাৰে বাক্য ৰচনা কৰা।
হিয়া – মন ধুই পখালি দৃঢ়তা নিকা
হিয়া – মন – তেওঁ হিয়া-মন দি কামটো কৰিল।
ধুই পখালি – আমি আমাৰ মনৰ বেয়া ভাৱ চিন্তা বোৰ ধুই পখালি লব লাগে।
দৃঢ়তা – দৃঢ়তা থাকিলে সকলো কাম কৰিব পাৰি।
নিকা – আমি সদায় নিকা হৈ থাকিব লাগে।
তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ।
সত্য – অসত্য ।
নিজৰ – আনৰ।
জমা – খৰচ ।
আত্মীয় – অনাত্মীয়।
নিকা – লেতেৰা।