সৰল যন্ত্র
অনুশীলনী-
১। যন্ত্ৰ কাক বোলে?
উত্তৰঃ কিছুমান কাম নিজৰ অংগ-প্রত্যংগেৰে কৰা হয় । অংগ-প্রত্যংগৰে বলে নোৱৰা কামবোৰৰ বাবে কিছুমান আহিলাৰ সহায় লওঁ। এনে আহিলাক যন্ত্র বোলে।
২। সৰল যন্ত্ৰ কেইবিধ কি কি?
উত্তৰঃ সৰল যন্ত্ৰ মূলতঃ তিনিবিধ-
ক) চকা
খ) লিভাৰ
গ) হেলনীয়া তল
৩। চকা ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম লিখা।
উত্তৰঃ চকা ব্য়ৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম হৈছে 一 চাইকেল, মটৰ চাইকেল, গাড়ী আদি।
8। হেলনীয়া তল কি? এই তলে আমাক কেনেদৰে সহায় কৰে?
উত্তৰঃ এখন কাঠ বা তেনে কোনো কঠিন বস্তুৰ এটা মূৰ সমতলত বা মাটিত ৰাখি আনটো মূৰ ওখকৈ ৰাখিলে এখন হেলনীয়া তল পোৱা যায়। এনে তল ব্য়ৱহাৰ কৰি চাপৰ ঠাইৰ পৰা ওখ ঠাইলৈ কম বল প্ৰয়োগ কৰি গধুৰ বস্চু চোঁচৰাই নিব পাৰি।
৫। ঘৰত ব্যৱহাৰ কৰা কেইবিধমান লিভাৰ শ্ৰেণীৰ সৰল যন্ত্ৰৰ নাম লিখা।
উত্তৰঃ ঘৰত ব্য়ৱহাৰ কৰা কেইবিধমান লিভাৰ শ্ৰেণীৰ সৰল যন্ত্ৰৰ নাম হ’ল 一 কেঁচী, চেপেনা, বেলচা, তামোল কটা চৰ্ত আদি।