শৰীৰ আৰু স্বাস্থ্য

প্ৰশ্নাৱলী-

১। ইন্দ্রিয় কাক বোলে?

উত্তৰঃ শৰীৰৰ বিভিন্ন কাম কৰিবলৈ ভিন ভিন অংগ আছে। এইবোৰক ইন্দ্রিয় বোলে ।

২। জ্ঞানেন্দ্রিয় পাঁচটা  কি কি?

উত্তৰঃ জ্ঞানেন্দ্রিয় পাঁচটা হ’ল- চকু, কাণ, নাক, জিভা আৰু ছাল।

৩। হাওঁফাওঁৰ কাম কি?

উত্তৰঃ হাওঁফাওঁৰ সহায়ত দেহত দূষিত হোৱা তেজ শোধন কৰা হয়।

৪। হৃদযন্ত্ৰৰ কাম কি?

উত্তৰঃ হৃদযন্ত্রই দেহৰ বিভিন্ন অংশত তেজ চলাচল কৰাত সহায় কৰে।

৫। মগজুৱে কি কৰে?

উত্তৰঃ মগজুয়ে চিন্তা কৰা উপৰিও দেহৰ সকলো কাম-কাজ পৰিচালনা কৰে।

৬। স্বাস্থ্য বুলিলে কি বুজা?

উত্তৰঃ শৰীৰৰ সকলো অংগ প্রত্যংগই নিজৰ কাম বিলাক সুচাৰুৰূপে চলাই থাকিব পৰা অৱস্থাকে স্বাস্থ্য বুলি কোৱা হয়। 

৭। মানুহৰ কৰ্মেন্দ্ৰিয় বুলি কাক কোৱা হয়?

উত্তৰঃ হাত আৰু ভৰিক মানুহৰ কৰ্মেন্দ্ৰিয় বোলা হয়।

Scroll to Top