আামাৰ পৃথিৱীখন

প্ৰশ্নাৱলী-

১। পৃথিৱীৰ আকৃতি কেনেকুৱা?

উত্তৰঃ পৃথিৱীখনৰ আকৃতি গোলাকাৰ, উত্তৰ আৰু দক্ষিণ মেৰু অলপ চেপেটা।

২। পৃথিৱীৰ কালিৰ কিমান অংশ মাটি আৰু পানীয়ে আগুৰি আছে?

উত্তৰঃ পৃথিৱীৰ মুঠ কালিৰ প্ৰায় দহ ভাগৰ ৭ অংশ পানী আৰু দহ ভাগৰ ৩ অংশ মাটিয়ে আগুৰি আছে ।

৩। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কি?

উত্তৰঃ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান তৃতীয় ।

৪। মহাদেশ কেইখনৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ মহাদেশ সাতখন- এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আফ্ৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা।

৫। পৃথিৱীৰ কোনটো গতি সম্পূর্ণ কৰিবলৈ এবছৰ লাগে?

উত্তৰঃ পৃথিৱীৰ বার্ষিক গতি সম্পূর্ণ কৰিবলৈ এবছৰ লাগে।

৬। পৃথিৱীৰ মহাসাগৰ কেইখন আৰু কি কি?

উত্তৰঃ  পৃথিৱীৰ মহাসাগৰ ৫ খন- প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।

৭। পৃথিৱীৰ দৈনিক আৰু বার্ষিক গতি কাক বোলে? এই দুয়োবিদ গতিৰ ফলত কি কি হয় লিখা।

উত্তৰঃ ‘স্ক্রু’ এটা খোলাৰ সময়ত ঘূৰাৰ নিচিনাকৈ পৃথিৱীখনেও বাঁওহতীয়াকৈ এপাক মাৰোতে এদিন সময় লাগে। পৃথিৱীৰ এই গতিক দৈনিক গতি বোলে।আনহাতে, দৈনিক গতিৰ বাহিৰেও পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে বছৰত এপাক ঘূৰে। পৃথিৱীখনৰ এই গতিক বার্ষিক গতি বোলে। দৈনিক গতিৰ বাবেই পৃথিৱীত দিন-ৰাতি হয়। আৰু বার্ষিক গতিৰ বাবে পৃথিৱীত ঋতু পৰিবৰ্তন হয়।

Scroll to Top