অমলপ্ৰভা দাস

পাঠটো শুদ্ধ উচ্চাৰনেৰ পঢ়া আৰু তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া।

(ক) অমলপ্রভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল?

উত্তৰঃ অমলপ্ৰভা দাসৰ পিতৃৰ নাম হল ডা° হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম হল হেমপ্ৰভা।

(খ) অমলপ্রভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল?

উত্তৰঃ অমলপ্ৰভা দাসে ১০ বছৰ বয়সৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল।

(গ) তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল ?

উত্তৰঃ তেখেতে শৰণীয়া পাহাৰত তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদিৰ উদ্যোগ পাতিছিল।

(ঘ) এই উদ্যোগবােৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল?

উত্তৰঃ তেখেতে এই উদ্যোগবোৰে সেই সময়ৰ ডেকা-ডেকেৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি ভাবিছিল।

(ঙ) চৰকাৰে অমলপ্রভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল ?

উত্তৰঃ চৰকাৰে অমলপ্ৰভা দাসক ‘পদ্মবিভূষণ’ সন্মান দিবলৈ বিচাৰিছিল।

তলৰ কথাখিনি কোনে , কাক , কিয় , কৈছিল কোৱা আৰু লিখা।

‘‘মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ, তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সন্মান ল’ব নােৱাৰিম, কিয়নাে ই মােৰ মনলৈ অহংকাৰ ভাব আনি দিব। তাৰ বাবে মােক অনুগ্রহ কৰি মার্জনা কৰে যেন।”

উত্তৰঃ উক্ত কথাষাৰ চিঠিযোগে অমলপ্ৰভা দাসে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুক ১৯৫৫ চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক সমাজহিতকৰ কামৰ স্বীকৃতিস্বৰূপে ‘পদ্মবিভূষণ’ সন্মান প্ৰদান কৰিব বিছৰাত কৈছল।

স্কুলীয়া জীৱনত অমল প্রভা দাসে পঢ়াৰ উপৰি মাক, দেউতাকক কি কি কামত সহায় কৰিছিল?

উত্তৰঃ স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক ফুলনিত ফুল ৰোৱা, পানী দিয়া আদি কামত সহায় কৰিছিল।

কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল?

উত্তৰঃ কটন কলেজত সেই সময়ত ল’ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল। সেয়েহে অমলপ্ৰভা পঢ়িবলৈ দিয়া নাছিল।

শৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ অসমৰ ডেকা-ডেকেৰীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে তেখেতে শৰণীয়া পাহাৰত উদ্যোগ স্থাপন কৰিব বিচাৰিছিল।

তলৰ যুক্তাক্ষৰকেইটাৰে একোটাকৈ শব্দ লিখা।

ব্ৰু – ডিব্ৰুগড়।

ষ্ট্ৰ – ৰাষ্ট্ৰ।

স্ব – স্বাৱলম্বী।

ণ্ঠ – মণ্ঠন

ষ্ণ – বিষ্ণু।

ম্ৰ -নম্ৰ।

ন্থ – গ্ৰন্থকাৰ।

শ্ৰ – আশ্ৰয়।

ন্ম – সন্মান।

প্ল – বিপ্লৱ।

এটা শব্দত প্ৰকাশ কৰোঁ আহা

(ক) সমাজত সেৱা কৰা লোক – সমাজসেৱক।

(খ) দেশক ভালপোৱাৰ মানুহ – দেশপ্ৰেমিক।

(গ) বিপ্লৱ কৰোঁতাজন – বিপ্লৱী।

(ঘ) দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক – শ্বহীদ।

(ঙ) নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক – আত্মনিৰ্ভৰশীল

উদাহৰণৰ দৰে শব্দ গঠন কৰা।

উদাহৰণ – নম্ৰ – নম্ৰতা

(ক) সাধু – সাধুতা।

(খ) ভদ্ৰ – ভদ্ৰতা।

(গ) দৃঢ় – দৃঢ়তা।

(ঘ) শিক্ষক – শিক্ষকতা।

(ঙ) সাৰ্থক – সাৰ্থকতা।

(চ) মূৰ্খ – মূৰ্খতা।

(ছ) সৰল – সৰলতা।

(জ) উজ্জ্বল – উজ্জ্বলতা।

অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।

উদাহৰণ- কথা – অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ’ব লাগে।

কঠা – পাঁচ কঠাই এবিঘা মাটি হয়।

পাত: গছৰ পাতবোৰ সেউজীয়া।

পাট:শুৱালকুছিত কাপোৰ তৈয়াৰ কৰা হয়।

হাত: সকলো কাম নিজ হাতেৰে কৰিব লাগে ।

হাট: আমাৰ ইয়াত এখন সাপ্তাহিক হাট বহে।

ল’ৰা:ল’ৰা-ছোৱালীবোৰে খেলি আছে।

লৰা: তেওঁ লৰা-লৰিকৈ যাব ওলালে।

ছুটী:বিদ্যালৈ ছুটীৰ পিছত সকলো ঘৰলৈ গল।

চুটি :তেওঁৰ কাপোৰখন চুটি।

গাঁও:আমাৰ গাঁও খন বৰ ধুনীয়া।

গাওঁ:মই গান গাওঁ।

গড়: তেখেতৰ গড় আয় কম।

গঁড়: অসমৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যায়াত।

উত্তৰ দিয়া ।

•চন্দ্রপ্রভা শইকীয়ানীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ?

উত্তৰ: চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ১৯০১ চনৰ ১৬ মাৰ্চত দৈশিঙৰি গাঁৱত হৈছিল।

•তেখেতে প্রাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল?

উত্তৰ: তেখেতে প্ৰাথমিক শিক্ষা পেহীয়েকৰ ঘৰত গৈ লাভ কৰিছিল।

•চন্দ্রপ্রভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছােৱালীবিলাকৰ বাবে কি কৰিছিল?

উত্তৰ: চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে প্ৰাথমিক স্কুল আৰম্ভ কৰিছিল।

•তেখেতক পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল?

উত্তৰ: তেখেতক উপ-পৰিদৰ্শকে পুনৰ পঢ়া-শুনা আৰম্ভ কৰাৰ বাবে সুবিধা কৰি দিছিল।

•তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল?

উত্তৰ: তেখেতে নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিল।

Scroll to Top