বল আৰু চাপ
1. বস্তৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া।
উত্তৰঃ ঠেলাঃ ফুটবল খেলুৱৈ এজনে ফুটবলটো কিক্ মাৰা।
টনাঃ কুৱাৰ পৰা পানী তোলা
2. বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ’ল-
(ক) ৰবৰৰ বল এটাক হেঁচা দি তাৰ আকাৰ সলনি কৰা।
(খ) বাঁহৰ কামি এচটাক ধনুলৈ পৰিবৰ্তন কৰা।
3. তলৰ উক্তিবোৰত খালী স্থান পূৰ কৰা:
(ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি বছীডাল টানিব লাগে।
(খ) এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে আকৰ্ষণ কৰে।
(গ) বোজাই কবা ট্রলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ঠেলিব লাগিব।
(ঘ) এডাল চুম্বকব উত্তব মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰে।
4. এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টোৱাই টানি ধৰে। তেওঁ নিক্ষেপ কৰা কাঁড়পাত লক্ষ্যলৈ ধৱমান হয়। এই কথাখিনিৰ আধাৰত তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰ কৰা।
পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ।
ক) ধনুখন টানিবলৈ ধনুধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটায়।
খ) ধনুখন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল পেশীয় বলৰ উদাহৰণ।
গ) কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে স্পৰ্শ বলৰ উদাহৰণ।
ঘ) কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে মাধ্যাকৰ্ষণ আৰু বায়ুৰ বাবে হোৱা ঘৰ্ষণ।
5. তলৰ অৱস্থাসমূহত বল প্রয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্রয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা। প্রতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা।
(ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা।
উত্তৰঃ কাৰক – হাতৰ আঙুলি
বস্তু – নেমু টেঙা টোৰ ৰস
পৰিণতি- আকৃতিৰ পৰিবৰ্তন আৰু ৰসৰ গতি।
(খ) টুথপেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা।
উত্তৰঃ কাৰক- আঙুলি
বস্তু- টুথ পেষ্ট টিউব
পৰিণতি- আকৃতিৰ পৰিবৰ্তন
(গ) বেৰৰ হাঁকোটাৰ পৰা ওলোমাই থোৱা স্প্রিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে।
উত্তৰঃ কাৰক- গধুৰ ভাৰ
বস্তু- স্প্রিং
পৰিণতি- আকৃতিৰ পৰিবৰ্তন
(ঘ) নির্দিষ্ট উচ্চতাত প্রতিষ্ঠাপিত দণ্ড এডাল অতিক্রম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা।
উত্তৰঃ কাৰক- পেশী
বস্তু- খেলুৱৈ
পৰিণতি- গতিৰ অৱস্থাৰ পৰিবৰ্তন
6. কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰিৰে পিটি সজুঁলি তৈয়াৰ কৰে। হাতুৰিৰে মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে ?
উত্তৰঃ হাতুৰিৰ ফলত হোৱা বলৰ ফলত লো আৰু লোৰ আকৃতি সলনি হয় আৰু প্ৰয়োজনীয় সঁজুলিৰ আকৃতিত গঠন কৰিব পাৰি।
7. ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘহিঁ লৈ , বেৰত হেঁচি ধৰা হ’ল। দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে। বেলুন আৰু বেৰখনত মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে।
উত্তৰঃ স্থিতি বৈদ্যুতিক বল ।
8. মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় ইয়াৰ গতি অৱস্থাৰ পৰিবৰ্তন ঘটাব পৰা নাই আলোচনা কৰা ।
উত্তৰঃ মাটিৰ পৰা কিছু ওপৰত পানীপূৰ্ণ বাল্টি এটা দাঙি ধৰি থকা অৱস্থাত বাল্টিটোৰ ওপৰত দুই ধৰণৰ বলে ক্ৰিয়া কৰে-
ক)পেশীয় বল
খ) মধ্য়াকৰ্ষণ বল
বাল্টিটো যেতিয়া দাড়ি ৰাখো, তেতিয়া বাল্টিটোৰ তাপৰত প্রয়োগ হোৱা মাধ্যাকর্ষণ বলৰ সমান পেশীয় বল প্রয়োগ কৰো । ফলত বাল্টিটোৰ ওজনৰ সমান বল প্রয়োগ হয়। ফলত বাল্টিটোৰ গতি অৱস্থাৰ কোনো পৰিৱৰ্তন নহয়।
9. কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে। নিক্ষেপস্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা ?
উত্তৰঃ ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধ হ’ল –
ক) পৃথিৱীৰ মাধ্যাকৰ্ষণ বল ।
খ) বায়ুমণ্ডলৰ ফলত সৃষ্টি হোৱা ঘৰ্ষণ বল।
10. ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলে ভিতৰৰ বায়ুখিনি বুদ্বুদ আকাৰে ওলাই যোৱা দেখা যায়। আনহাতে বাল্বৰ ওপৰৰ চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে। ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ হৈছে-
(a) পানীৰ চাপ।
(b) পৃথিৱীৰ মাধ্যাকর্ষণ বল।
(c) ৰবৰৰ বাল্বটোৰ আকৃতি
(d) বায়ুমণ্ডলীয় চাপ।
উত্তৰঃ ঘ) বায়ুমণ্ডলীয় চাপ।