প্ৰগতিৰ সোণালী বাট
১। পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পঢ়া।
২। উত্তৰ দিয়া।
(ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ কি?
উত্তৰঃ হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰ খন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ হ’ল অঞ্চলটোৰ মহিলাসকলে তাত আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল ।
(খ) প্ৰদৰ্শনীখন কোনে পাতিছিল?
উত্তৰঃ প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলা সকলে পাতিছিল ।
(গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল?
উত্তৰঃ মানুহে ভিৰ কৰা বিপণিখনত এড়ী-পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল।
(ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে?
উত্তৰঃ অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ একো একোটা ক্ষুদ্র উদ্যোগ গঢ়ি তুলিছিল ।
(ঙ) স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়?
উত্তৰঃ স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়।
(চ) এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়?
উত্তৰঃ এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সূলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়।
(ছ) ২০০১ চনটো কি বর্ষ হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰঃ ২০০১ চনটো আন্তর্জাতিক নাৰী সৱলীকৰণ আৰু সমমর্যদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল ।
(জ) উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি?
উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটিৰ শিল্পটোৰ নাম হ’ল বয়ন শিল্প।
(ঝ) প্রাক্-স্বাধীন কালতেই নাৰীক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল?
উত্তৰঃ প্ৰাক্-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিক ভাবে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল ।
৩। চমুকৈ বর্ণনা কৰা।
(ক) আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে?
উত্তৰঃ আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ এই গোটবোৰে অতি সহজ-সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈয়ে দুখীয়া পৰিয়ালৰ কিছু মহিলা আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে।
(খ) পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকী নাম হল গাৰ্গী আৰু মৈত্ৰেয়ী।
গাৰ্গী, মৈত্ৰেয়ীৰ নিচিনা প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলাই ধৰ্ম-আলোচনা, সভা-সমিতি আদিত পুৰুষৰ সমানেই অংশ গ্ৰহণ কৰাৰ কথা ইতিহাসে ৰিঙিয়াই কয়। কিন্তু এইবোৰ ভাৰতৰ নাৰী সমাজৰ সুদীৰ্ঘ ইতিহাসত এক জিলিঙনিহে মাথোন। বিভিন্ন কাৰণত নাৰী সমাজলৈ ধীৰগতিত আমানিশাৰ অন্ধকাৰ নামি আহিল আৰু এটা সময়ত তেওঁলোকৰ কাম-কাজ ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হৈ পৰিল।
(গ) মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্রত মহাত্মা গান্ধীৰ প্রথম পদক্ষেপ কি আছিল?
উত্তৰঃ মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ।
(ঘ) মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সৱৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে গংগা বেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৱৰ্মতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল।
৪। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা।
উত্তৰঃ ভাৰত চৰকাৰেও নাৰী সবলীকৰণৰ বিভিন্ন আঁচনি হাতত লৈ নাৰীৰ হকে বিশেষভাবে কাম কৰাৰ কিছুমান প্রতিষ্ঠান গঢ়ি তুলিছে। সেইবোৰৰ ভিতৰত ‘উত্তৰ-পূব উন্নয়ন আৰু বিত্তীয় নিগম’, ‘কেন্দ্রীয় সমাজ কল্যাণ পৰিষদ’, ‘বাষ্ট্রীয় মহিলা আয়োগ’ আদিয়ে প্রধান। এই সংস্থাসমূহে নাবীৰ শিক্ষা, বৃত্তিমূলক প্রশিক্ষণ, আর্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্রতি চকু ৰাখে। ‘ইন্দিৰা মহিলা যোজনা’ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তিপ্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্রহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। এনে সুবিধা গ্রহণ কৰি অসমৰ চুকে-কোণে অনেক আত্মসহায়ক গোট গঢ়ি উঠিছে আৰু মহিলাসকলৰ মাজত স্বাৱলম্বনৰ এক অভূতপূর্ব জাগৰণৰ সৃষ্টি কৰিছে।
৫। তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা।
বিপণি, ক্রেতা, সুপ্ত, অফুৰন্ত, টনকিয়াল, সমমর্যাদা, প্রদর্শন, স্বাৱলম্বী, গঠনাত্মক, পদমর্যাদা, পদক্ষেপ, আন্তর্জাতিক।
উত্তৰঃ বিপণী – দোকান।
ক্রেতা – কিনোতা।
সুপ্ত – লুকাই থকা।
অফুৰন্ত – যাৰ শেষ নাই।
টনকিয়াল — আর্থিকভাৱে সবল।
সমমৰ্যাদা — সমান অধিকাৰ।
প্ৰদৰ্শন — দেখুওৱা কাৰ্য।
স্বাৱলম্বী — স্ব-নিৰ্ভৰশীল।
গঠনাত্মক — গঠনমূলক।
পদমৰ্যাদা — বিষয় ভাৰ গৌৰৱ।
পদক্ষেপ —- ব্যৱস্থা গ্ৰহণ কৰা।
আন্তৰ্জাতিক — বহু জাতিৰ মাজত থকা, সকলো ৰাষ্ট্ৰৰ মাজত থকা।
৬। “অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে”一এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল?
উত্তৰঃ মহাত্মাগান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল’-অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে’।
৭। বুজাই কোৱা আৰু লিখা।
(ক) আত্মসহায়ক গোট আৰু ইয়াৰ কাম-কাজ।
উত্তৰঃ একোটা অঞ্চলৰ মহিলাসকলে একো একোটা সৰু গোটত ভাগ হৈ কিছুমান ক্ষুদ্র উদ্যোগ গঢ়ি তোলে। সেইবোৰেই আত্মসহায়ক গোট। এই গোটবোৰে স্থানীয় সহজলভ্য সম্পদ বিলাকক লৈ অতি সহজ-সৰল পদ্ধতিৰে নানা আকর্ষণীয় আৰু প্ৰয়োজনীয় সামগ্রী উৎপাদন কৰে আৰু সুলভমূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰে । এই গোটবোৰে সহজতে লাৰু, পিঠা, আচাৰ, কাহুদি, খৰিচা আদিৰ উপৰি হাতে সজা বেগ, পুতলা, মমবাতি, বাঁহ-বেতৰ সামগ্ৰী আৰু নিত্য ব্যবহার্য ভিন ভিন বস্তু উৎপাদন কৰিব পাৰে ।
(খ) নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম।
উত্তৰঃ নাৰী সবলীকৰণৰ বিভিন্ন আচঁনিসমূহ হ’ল- উত্তৰ পূৱ উন্নয়ন আৰু বিত্তীয় নিগম,’কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’ আদিয়ে প্ৰধান। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। ‘ইন্দিৰা মহিলা যোজনা’ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তিপ্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়।
(গ) কি কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ’ব পাৰে।
উত্তৰঃ মহিলা সকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰে। নিজ হাতেৰে বনুৱা বস্তু, নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ’ব পাৰে।
Updated on: 19/09/2025