ফুলকোঁৱৰৰ গীত

১. গীতটিৰ কাহিনীভাগ

অসমীয়া লোক-সংস্কৃতিৰ এক অমূল্য সম্পদ হ’ল ‘ফুলকোঁৱৰৰ গীত’। এই গীতটিৰ কাহিনীভাগ অতি আমোদজনক। ফুলকোঁৱৰ আছিল এজন ৰাজকুমাৰ। তেওঁ এখন যান্ত্ৰিক কাঠৰ পখী ঘোঁৰাত উঠি দেশ-বিদেশ ভ্ৰমণ কৰিছিল। এই কাঠৰ ঘোঁৰাটো উৰিব পৰা ক্ষমতা সম্পন্ন আছিল, যাৰ সহায়ত কোঁৱৰে ছমাহৰ বাট মাত্ৰ এদিনতে অতিক্ৰম কৰিছিল।

এদিন তেনেদৰে ঘোঁৰাত উঠি যাওঁতে তেওঁ এগৰাকী মালিনীৰ ফুলনিত আহি পৰে। মালিনীৰ সেই ফুলনিখন দীৰ্ঘদিন ধৰি শুকাই আছিল। কিন্তু ফুলকোঁৱৰৰ হাতৰ পৰশ পোৱাৰ লগে লগে মৰহি যোৱা বাৰীখনত নতুন প্ৰাণৰ সঞ্চাৰ হয়। গছবোৰে শিপা ধৰি, কলি পেলাই জাতিষ্কাৰ হৈ ফুলেৰে ভৰি পৰে। মালিনীয়ে নিজৰ বাৰীৰ এই অভূতপূৰ্ব পৰিৱৰ্তন দেখি আচৰিত হয় আৰু ফুলকোঁৱৰৰ আগমনত নিজৰ ভাগ্য উদয় হোৱা বুলি অনুভৱ কৰে।

২. ক — পাঠভিত্তিক ক্ৰিয়া 

শব্দাৰ্থ মিলাই লিখা

শব্দ

অৰ্থ

টিপা

আঙুলি বা হাতেৰে মৰা চেপা

শাল

এমূৰ-জোঙা চুটি খুঁটি

চলি

চাঁচি এৰুওৱা পাতল কাঠ

শূল

এমূৰ-জোঙা লোৰ অস্ত্ৰ বিশেষ

দশা

ভাগ্য বা অৱস্থা

শঁখা

শংখ (মুখেৰে বজোৱা বাদ্য)

তমস্কাৰ

পৰিপাটি বা জাতিষ্কাৰ

চমু প্ৰশ্নোত্তৰ

(ক) ফুলকোঁৱৰ উঠি যোৱা ঘোঁৰাটো কিহৰ আছিল?
উত্তৰ: ফুলকোঁৱৰ উঠি যোৱা ঘোঁৰাটো কাঠৰ পখী ঘোঁৰা আছিল।

(খ) ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক’ত পৰিছিল?
উত্তৰ: ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনীৰ বাৰীত পৰিছিল।

(গ) ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে?
উত্তৰ: ডেউকা থকা বা উৰিব পৰা কাঠৰ পখী ঘোঁৰাত উঠি ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে পালে।

(ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে?
উত্তৰ: ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলালে।

বহলাই লিখা / বুজাই লিখা

(ক) ‘ই বোলে মালিনী সি বোলে মালিনী তোৰ দশা ভাল হ’ল’ — মালিনী কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে?
উত্তৰ: ইয়াত মালিনী বুলি বাৰীৰ মালি বা গছ-ফুলৰ তত্ত্বাৱধান লোৱা গৰাকীক বুজোৱা হৈছে। মালিনীৰ দশা ভাল হোৱা বুলি কোৱা হৈছে কাৰণ ফুলকোঁৱৰৰ আগমনে মালিনীৰ বাৰ বছৰীয়া শুকান আৰু মৰহি যোৱা ফুলনিখনলৈ পুনৰ যৌৱন ঘূৰাই আনিলে। তেওঁৰ পৰশত ফুলবোৰ জকজমককৈ ফুলি উঠিল।

(খ) ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল?
উত্তৰ: ফুলকোঁৱৰৰ হাতৰ পৰশত শুকাই থকা গছবোৰে পুনৰ সজীৱতা লাভ কৰিলে। বাৰ বছৰীয়া শুকান বাৰীত তেওঁৰ হাতেৰে টিপা মৰাৰ লগে লগে শিপা ধৰিলে আৰু সকলোবোৰ গছে একেলগে কলি পেলালে। এনেদৰে সমগ্ৰ বাৰীখন ফুলৰ সুবাস আৰু সৌন্দৰ্যৰে পৰিপাটি বা তমস্কাৰ হৈ পৰিল।

(গ) শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল?
উত্তৰ: ফুলবোৰ ফুলাৰ আগতে কেইবাটাও স্তৰ পাৰ হৈছিল। প্ৰথমে কোঁৱৰৰ টিপাত গছে শিপা ধৰিলে, তাৰ পিছত গছে পাত মেলিবলৈ আৰম্ভ কৰিলে। পাত ধৰাৰ পিছত গছে কলি পেলালে আৰু শেষত ফুলবোৰ সম্পূৰ্ণৰূপে ফুলি উঠিল।

(ঘ) বাৰ বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ’ল?
উত্তৰ: বাৰ বছৰ ধৰি যি ফুলৰ বাৰী শুকাই মৰুভূমিৰ দৰে হৈ আছিল, ফুলকোঁৱৰৰ আগমনে সেই বাৰীখনৰ পৰিৱেশ সম্পূৰ্ণ সলনি কৰি দিলে। মৰা গছত জীৱন ঘূৰি আহিল আৰু চাৰিওফালে সেউতী, মালতী, তগৰ, গুটিমালী আদি ফুলেৰে তিৰ্বিৰাই উঠিল।

‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

‘ক’ অংশ

‘খ’ অংশ

জেউতি চৰিলে

ফুলৰে তিৰ্বিৰ দেখি

ফুলনি বাৰীত থাকোঁতে কোঁৱৰে

ই পাহি সিপাহি লেখি

কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে

সৱালৈ মাৰিলে শাল

তগৰ গুটিমালী

সবেও পেলালে কলি

কৰে হৰি হৰি

উৰি যাওঁ উৰি যাওঁ কৰিল

৩. খ — ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

চন্দ্ৰবিন্দু ( ঁ ) থকা শব্দসমূহ

গীতটিৰ পৰা চন্দ্ৰবিন্দু থকা কিছুমান শব্দ তলত দিয়া হ’ল:

  • ঘোঁৰা

  • যাওঁ

  • শঁখা

  • কোঁৱৰে

  • থাকোঁতে

শুদ্ধ শব্দ বহুৱাই বাক্য পূৰণ

(ক) মই সদায় স্কুললৈ যাওঁ
(খ) ৰতনে সদায় ফুটবল খেলে।
(গ) গোলাপ ফুলপাহি টিস্টিকীয়া ৰঙা।

গীতত ব্যৱহৃত পুৰণি ৰূপ আৰু বৰ্তমান ৰূপ

পুৰণি ৰূপ

বৰ্তমান ৰূপ

কৰিল

কৰিলে

শঁখা

শংখ

সৱালৈ

সকলোলৈ

একেদিনে

এদিনতে

সৱেও

সকলোৱে

বজাল

বজালে

বিশেষ্য পদ বাছি উলিওৱা

পাঠটিত থকা কিছুমান বিশেষ্য পদ হ’ল:
কাঠ, পখী ঘোঁৰা, বাট, মালিনী, বাৰী, ফুলকোঁৱৰ, ভৰি, টিপা, সেউতী, মালতী, তগৰ, গুটিমালী, শিপা।

ধ্বন্যাত্মক বা অনুকাৰ শব্দৰ ধাৰণা

যিবোৰ শব্দই কোনো শব্দ বা ধ্বনিক অনুকৰণ কৰে, তাক ধ্বন্যাত্মক বা অনুকাৰ শব্দ বোলে।
উদাহৰণ: তিৰ্বিৰ, ঢং ঢং, টং টং, কা কা, কল কল, ফট ফট।

৪. গ — জ্ঞান সম্প্ৰসাৰণ

মুখেৰে ফুঁ দি বজোৱা বাদ্যসমূহ

অসমীয়া সংস্কৃতিত মুখেৰে ফুঁ দি বজোৱা কেইবিধমান উল্লেখযোগ্য বাদ্য হ’ল:

  • শংখ

  • বাঁহী

  • পেঁপা

  • গগনা

  • ক্লৰিনেট

  • মাউথ অৰ্গেন

  • শিং

অসমীয়া লোকগীতৰ প্ৰকাৰ আৰু উদাহৰণ

  • নিচুকনি গীত: শিশুক টোপনি নিয়াবলৈ গোৱা গীত।

  • বিয়ানাম: বিয়াৰ বিভিন্ন অনুষ্ঠানত গোৱা গীত।

  • বিহুগীত: ৰঙালী বিহুৰ সময়ত গোৱা আনন্দৰ গীত।

  • বনগীত: প্ৰকৃতিৰ বুকুত কাম কৰাৰ সময়ত গোৱা গীত।

আবৃত্তি

ককা আৰু নাতি-ল’ৰা
কবি: যতীন্দ্ৰ নাথ দুৱৰা

৫. ঘ — প্ৰকল্প (Project Work)

অসমৰ বিভিন্ন প্ৰচলিত লোকগীতৰ চানেকি:

  • নিচুকনি গীত: “জোনবাই এ এটি তৰা দিয়া…”

  • বিয়ানাম: কইনা উলিয়াই দিওঁতে গোৱা কৰুণ ৰসৰ গীত।

  • নাওখেলৰ গীত: নাও বাই যাওঁতে ছন্দ মিলাই গোৱা গীত।

  • গোৱালপৰীয়া লোকগীত: প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠত জনপ্ৰিয় হোৱা লোকসংগীত।

Scroll to Top