মৌৰ্যযুগৰ পৰবৰ্তী ভাৰতবৰ্ষ
১। উত্তৰ দিয়া-
(ক) শুংগবংশৰ পাছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল?
উত্তৰঃ শুঙ্গবংশৰ পিছত কান্ব নামৰ এটা ৰাজবংশৰ ৰজাই উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল।
(খ) সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল?
উত্তৰঃ সাতবাহনসকলে ভাৰতৰ দক্ষিণ ভাৰতত ৰাজত্ব কৰিছিল।
(গ) কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়?
উত্তৰঃ কলিংগ ৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায়।
(ঘ) ‘ত্ৰিৰাজ্য’ বুলিলে কোন কেইখন ৰাজ্যক বুজায়?
উত্তৰঃ ত্ৰিৰাজ্য’ বুলিলে চোল, চেৰা আৰু পাণ্ড্য এই তিনিটা ৰাজ্যক বুজায় ।
(ঙ) কুষাণ বংশৰ সৰ্বশ্রেষ্ঠ ৰজা কোন আছিল?
উত্তৰঃ কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কণিষ্ক।
২। উত্তৰ লিখা-
(ক) সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যক সম্পর্ক স্থাপন হৈছিল?
উত্তৰঃ সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন কৰিছিল।
(খ) কণিষ্কৰ শাসনকালত বৌদ্ধ ধর্ম কেইটা ভাগত ভাগ হৈছিল? নাম দুটা উল্লেখ কৰা ।
উত্তৰঃ কণিষ্কৰ শাসনকালত বৌদ্ধ ধর্ম ২ টা ভাগত ভাগ কৰা হৈছিল। ভাগকেইটা হৈছে – হীনযান আৰু মহাযান ।
(গ) সংগম সাহিত্য কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ সংগম সাহিত্য দুই প্ৰকাৰৰ আৰু সেইকেইটা হৈছে -বৰ্ণনাত্মাক আৰু নীতিশিক্ষামূলক ।
(ঘ) কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম।
উত্তৰঃ কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম হ’ল- মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা ।
(ঙ)মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম ।
উত্তৰঃ মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ’ল নলা আৰু কৃত্ৰিম জলাশয় ।
(চ) মৌৰ্যসকলৰ পৰৱৰ্তী গাওঁবিলাকত কি কি বৃত্তিজীৱি লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা।
উত্তৰঃ মৌৰ্যসকলৰ পৰৱৰ্তী যুগৰ গাঁৱবিলাকত কুমাৰ, কমাৰ ,বাঢ়ৈ, শিপিনী আদি বৃত্তিজীৱী লোকে বাস কৰিছিল ।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই চোৱা –
| ‘ক’ অংশ | ‘খ’ অংশ |
(ক) মহামেঘ বাহন | (ক) মিনাণ্ডাৰ |
| (খ) অন্ধ্ৰৰ আন এটা নাম | (খ) গান্ধাৰ শিল্পই |
| (গ) ইন্দো-গ্ৰীকসকলৰ বিখ্যাত ৰজা | (গ) তামিল কবি সন্মিলনৰ সাহিত্য় |
| (ঘ) কণিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল | (ঘ) সাতবাহন |
| (ঙ) সংগম সাহিত্য | (ঙ) কলিঙ্গ |
উত্তৰঃ
| ‘ক’ অংশ | ‘খ’ অংশ |
| (ক) মহামেঘ বাহন | (ঙ) কলিঙ্গ |
| (খ) অন্ধ্ৰৰ আন এটা নাম | (ঘ) সাতবাহন |
| (গ) ইন্দো-গ্ৰীকসকলৰ বিখ্যাত ৰজা | (ক) মিনাণ্ডাৰ |
| (ঘ) কণিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল | (খ) গান্ধাৰ শিল্পই |
| (ঙ) সংগম সাহিত্য | (গ) তামিল কবি সন্মিলনৰ সাহিত্য় |
৪। শুদ্ধ উত্তৰ বাছি উলিওৱা-
(ক) সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্রথে/সিমুকে/বাসুদেবে।
উত্তৰঃ সিমুকে।
(খ) যবন বুলি শুঙ্গ/ইন্দো-গ্রীক/কান্বসকলক কোৱা হৈছিল।
উত্তৰঃ ইন্দো-গ্ৰীক।
(গ) গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল হিন্দুধর্ম/বৌদ্ধধর্ম/জৈনধর্ম।
উত্তৰঃ বৌদ্ধধৰ্ম।
(ঘ) গণ্ডোফর্ণিছ কুষাণ/পহ্লব/শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।
উত্তৰঃ পহ্লৱ।
(ঙ) জাতক হৈছে গল্প/কবিতা/উপন্যাস।
উত্তৰঃ গল্প।
৫। সত্য নে অসত্য বাছি উলিওৱা –
(ক) কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ।
উত্তৰঃ সত্য।
(খ) অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল।
উত্তৰঃ অসত্য।
(গ) সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল।
উত্তৰঃ অসত্য।
(ঘ) মিনাণ্ডাৰে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল।
উত্তৰঃ অসত্য।
(ঙ) প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল।
উত্তৰঃ সত্য।
৬। তলত দিয়া বিষয়বোৰৰ ওপৰত চমু টোকা লিখা। (৫০ টা শব্দৰ ভিতৰত )
(ক) অৰ্থনীতি, সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰি কণিষ্কৰ ৰাজত্বকাল বৰ্ণনা কৰা।
(খ) মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা আছিল বৰ্ণনা কৰা।