উদ্ভিদৰ প্ৰজনন

১) খালী ঠাই পূৰ কৰাঃ-

(ক) উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাক _______________ বোলে।

উত্তৰঃ অংগ প্ৰজনন ।

(খ) এপাহ ফুলত পুং বা স্ত্রী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক _______________বোলে।

উত্তৰঃ একলিংগী ফুল ।

(গ) একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰপৰা পৰাগ ৰেণু একেপাহ বা একেধৰণৰ আন এপাহৰ গর্ভমুণ্ডলৈ স্থানান্তৰিত হোৱাকে ________________বুলি জনা যায়।

উত্তৰঃ পৰাগযোগ ।

(ঘ) পুং আৰু স্ত্রী জননকোষৰ মিলনক ________________ বোলে।

উত্তৰঃ নিষেচন ।

(ঙ) বীজৰ বিস্তাৰণ _______________, _______________ আৰু ____________________জৰিয়তে হয়।

উত্তৰঃ বতাহ, পানী,আৰু দ্বাৰা প্ৰাণীৰ ।

২) অযৌন প্রজননৰ বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া।

উত্তৰঃ  অংগজ বংশ বিস্তাৰঃ ই এক ধৰণৰ অযৌন প্রজনন য’ত নতুন উদ্ভিদবোৰ শিপা, কাণ্ড, পাত আৰু মুকুলৰ পৰা পোখা মেলি সৃষ্টি হয়। যিহেতু উদ্ভিদৰ অংগজ অংশৰ পৰা এই বংশ বৃদ্ধি হয় সেয়ে ইয়াক অংগজ বংশ বিস্তাৰ বুলি কোৱা হয়।

মুকুলন বা মুকুলোদগমঃ ইষ্টকোষটোৰ পৰা সৰু টেমুনাৰ দৰে ওলাই অহা অংশবোৰক মুকুল বোলে। ক্রমশঃ মুকুলবোৰৰ বৃদ্ধি হয় আৰু মূল কোষটোৰ পৰা বিচ্ছিন্ন হৈ নতুন ইষ্টকোষৰ গঠন হয়।

বিভাজন: যেতিয়া পানী আৰু পোষক দ্রব্য যথেষ্ট পৰিমাণে পায়, তেতিয়া শেলাইবোৰৰ বৃদ্ধি হয় আৰু বিভাজনৰ দ্বাৰা ইহঁত খৰতকীয়াকৈ সংখ্যাত বাঢ়ি যায়। কোনো এবিধ শেলাই দুই বা ততোধিক টুকুৰালৈ বিভাজন হ’ব পাৰে।

ৰেণু গঠনঃ প্রতিটো ৰেণু প্ৰতিকূল অৱস্থা যেনে উচ্চ উষ্ণতা আৰু নিম্ন আর্দ্রতা আদিৰ পৰা ৰক্ষা পাবলৈ এখন কঠিন ৰক্ষাকাৰী আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। সেই কাৰণে সিহঁতে বহু সময় ধৰি বাচি থাকিব পাৰে। অনুকূল অৱস্থাত, এই ৰেণু অংকুৰিত হয় আৰু প্ৰতিটো ৰেণুৰ পৰা এডাল নতুন ভেঁকুৰজাতীয় উদ্ভিদৰ বিকাশ হয়।

৩) যৌন প্রজনন বুলিলে তুমি কি বুজা বহলাই লিখা।

উত্তৰঃ উদ্ভিদ প্রজনন অংগত যথাক্রমে পুংজননকোষ আৰু স্ত্রী জননকোষ উৎপন্ন হয়। দুই বিপৰীত জননকোষৰ মিলন বা নিষেচনৰ ফলত যোজনকোষ গঠিত হয়। এই পর্যায়ক্রমে ভ্রূণ আৰু পৰবৰ্তী কালত পূৰ্ণাংগ উদ্ভিদে বিকাশ লাভ কৰে। এই জটিল প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হোৱা উদ্ভিদে পিতৃ আৰু মাতৃ দুয়োৰে চৰিত্ৰৰ উপৰি সুকীয়া বৈশিষ্ট্যও বহন কৰে। উদ্ভিদে এইদৰে যৌন প্রজনন সংঘটিত কৰে। 

৪) অযৌন আৰু যৌন প্রজননৰ মাজৰ প্ৰধান পার্থক্যসমূহ বর্ণনা কৰা।

উত্তৰঃ যৌন আৰু অযৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্য হল –

যৌন প্ৰজনন

অযৌন প্ৰজনন

১. যৌন প্ৰজননত বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়।

১. অযৌন প্ৰজননত বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি নহয়।

২. পুৰুষ আৰু স্ত্রী উভয় জনন কোষৰ প্ৰয়োজন

২. একেটা লিংগৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হয়।

৩. জাইগ’টৰ সৃষ্টি হয়।

৩. জাইগ’টৰ সৃষ্টি নহয়।

৫) এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰা।

৬) স্ব-পৰাগযোগ আৰু ইতৰ-পৰাগযোগৰ মাজৰ পার্থক্য লিখা।

উত্তৰঃ পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণু স্থানান্তৰিত হোৱাকে পৰাগযোগ বোলে। যদি পৰাগৰেণু একেপাহ ফুলৰে গৰ্ভমুণ্ডত পৰে তেতিয়া তাক স্ব-পৰাগযোগ বোলে। যেতিয়া এপাহ ফুলৰ পৰাগৰেণু একেজোপা উদ্ভিদৰ অইন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে বা আন এডাল একে উদ্ভিদৰ ফুলৰ গৰ্ভমুণ্ডত পৰে তেতিয়া তাক ইতৰ পৰাগযোগ বোলে ।

৭) ফুলৰ নিষেচন প্রক্রিয়া কেনেকৈ ঘটে লিখা।

উত্তৰঃ পৰাগধানীত থকা পৰাগৰেণুৱে পুংজননকোষ উৎপন্ন কৰে। এডাল স্ত্রী কেশৰত গৰ্ভমুণ্ড, গৰ্ভদণ্ড, আৰু গর্ভাশয় বা ডিম্বাশয় থাকে। গর্ভাশয়ে এটা বা বহুত ডিম্বক ধাৰণ কৰে। স্ত্রী জননকোষ বা কণী ডিম্বক এটাত গঠন হয় । যিহেতু পৰাগ ৰেণুবোৰ পাতল, সিহঁতক বতাহ বা পানীয়ে সহজে কঢ়িয়াই নিব পাৰে। কীট-পতংগবোব ফুলত পৰে আৰু সিহঁতৰ দেহত পৰাগ ৰেণুবোৰ কঢ়িয়াই লৈ যায়। ইয়াৰে কিছুমান পৰাগ ৰেণু একেজাতীয় এটা ফুলৰ গৰ্ভমুণ্ডত লাগি ধৰিব পাৰে। পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণু স্থানান্তৰিত হোৱাকে পৰাগযোগ বোলে । পুং আৰু স্ত্রী জননকোষৰ মিলন প্রক্রিয়াটোক নিষেচন বুলি কোৱা হয় । যোজন কোষটো এটা ভ্রূণলৈ বিকশিত হয়।

৮) বীজৰ বিস্তাৰণৰ বিভিন্ন প্রকাৰবোৰ বৰ্ণনা কৰা।

উত্তৰঃ বায়ু, পানী লগতে প্রাণীয়েও উদ্ভিদৰ ফল আৰু বীজ কঢ়িয়ায়। চজিনা আৰু মেপলৰ পাখিযুক্ত বীজ , ঘাঁহৰ পাতল বীজ বা অ’কৰ (মদাৰ) শুঙাল বীজ আৰু চুলি সদৃশ নোমযুক্ত সূর্যমুখী ফুলৰ ফল বহুদূৰলৈ বতাহত উৰি যাব পাৰে। কিছুমান বীজ পানীৰ দ্বাৰা বিস্তাৰিত হয়। এইবোৰ ফল বা বীজৰ নাৰিকলৰ নিচিনা বাহিৰ ফালে স্পঞ্জ বা আঁহযুক্ত আৱৰণ থকা বাবে ভাহি থাকিব পাৰে। কিছুমান বীজৰ প্ৰাণীৰ দ্বাৰা বিস্তাৰণ হয়, বিশেষকৈ হাকোটাৰ সৈতে থকা কাঁইটীয়া বীজবোৰ প্ৰাণীৰ দেহত লাগি ধৰে আৰু বহুদূৰলৈ প্রাণীয়ে এইবোৰক কঢ়িয়াই নিয়ে। উদাহৰণ হ’ল অগৰা আৰু ইউৰেনা। যেতিয়া কিছুমান ফল হঠাৎ জোকাৰণিৰ দ্বাৰা ফাটি যায় তেতিয়াও কিছুমান বীজৰ বিস্তাৰণ হয়। এই বীজবোৰ মূল উদ্ভিদ জোপাৰপৰা দূৰলৈ সিঁচৰতি হয়।

৯) ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা:

 ১নং স্তম্ভ     

  ২নং স্তম্ভ

 (ক) মুকুল   

 (i) মেপল 

(খ) চকু  

(ii) সৰ্পিল শেলাই 

(গ) বিভাজন 

 (iii) ইষ্ট

(ঘ)পাখি  

 (iv) পাউৰুটীত হোৱা ভেঁকুৰ 

(ঙ) ৰেণু 

(vi) আলু

 

 (vii) গোলাপ 

উত্তৰঃ

১নং স্তম্ভ 

  ২নং স্তম্ভ

(ক) মুকুল 

(iii) ইষ্ট

(খ) চকু  

(vi) আলু

(গ) বিভাজন 

(ii) সৰ্পিল শেলাই

(ঘ)পাখি 

(i) মেপল 

(ঙ) ৰেণু 

 (iv) পাউৰুটীত হোৱা ভেঁকুৰ 

১০) শুদ্ধ উত্তৰটোত (✔) চিন দিয়া ।

ক) এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ’ল-

(i) পাত           (ii) কাণ্ড             (iii) শিপা                (iv) ফুল

উত্তৰঃ ফুল ।

খ) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক কি বুলি জনা যায় ?

(i) নিষেচন         (ii) পৰাগযোগ         (iii) প্ৰজনন          (iv) বীজৰ গঠন

উত্তৰঃ নিষেচন।

গ) পুৰঠ ডিম্বাশয়ে গঠন কৰে

(i) বীজ          ( ii) পুংকেশৰ       (iii) স্ত্ৰীকেশৰ         (iv)ফল

উত্তৰঃ বীজ।

ঘ) ৰেণুধাৰী উদ্ভিদ হ’ল

(i) গোলাপ       (ii) পাউৰুটীৰ ভেঁকুৰ      (iii) আলু         (iv) আদা

উত্তৰঃ গোলাপ।

ঙ) পাতেগজাৰ প্ৰজনন ঘটোৱা অংগটো হ’ল–

(i) কাণ্ড       (ii) পাত       (iii) শিপা        (iv) ফুল

উত্তৰঃ পাত ।

Scroll to Top