ড° বাণীকান্ত কাকতি
উত্তৰ দিয়া।
(ক) নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে?
উত্তৰঃ নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে।
(খ) বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্ম-নিয়োগ কৰিছিল?
উত্তৰঃ বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্ম- নিয়োগ কৰিছিল।
(গ) নতুন ডাক্তৰ বুলি কাক কোৱা হৈছিল?
উত্তৰঃ নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছিল।
(ঘ) তেখেতে কি চিকিৎসা কৰিছিল?
উত্তৰঃ তেখেতে হোমিওপেথিক চিকিৎসা কৰিছিল।
(ঙ) বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম হল ‘Assamese- Its Formation and Development’ (অসমীয়া ভাষাৰ গঠন আৰু বিকাশ’)।
প্ৰশ্নঃ ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল, চমুকৈ লিখা।
উত্তৰঃ ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ বহুতে তেওঁক হাঁহিছিল আৰু অশিক্ষিত লোকসকলক কৈছিল তেওঁ হেনো ডক্টৰ আৰু তেওঁ চিকিৎসা কৰিব পাৰে। তেওঁলোকৰ কথা শুনি তেওঁৰ ওচৰত চিকিৎসা বিচাৰি গৈছিল।
অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা।
ঈৰ্ষা পৰায়ন- হিংসা কৰিয়া ,চকু চৰহা।
আয়ত্ত – অধীনত অনা, অধিকৃত,আহৰণ।
সাধনা – আৰাধনা।
থতমত -বিবুধি হোৱা অৱস্থা, উচক খাই উঠা।
পৰিস্থিতি -পাৰিপাৰ্শ্বিক অৱস্থা।
নিষ্ঠা – শ্ৰদ্ধা।
একান্ত – একাগ্ৰ।
সুখ্যাতি – সুনাম।
আত্ম-নিয়োগ – স্বনিযুক্তি।
প্ৰবল – বহুত,বেগেৰে।
চৰ্চা -আলোচনা কৰা।
গতি-গোত্ৰ -প্ৰকৃতি, চলন, চাল-চলন।
তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা।
নিষ্ঠা—-ষ্ঠ = ষ+ঠ
বিজ্ঞানী—–জ্ঞ =জ+ঞ
ডক্টৰ—-ক্ট = ক+ট
তলৰ আঁচ টনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা।
(ক) ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা-বিজ্ঞানী আছিল।
উত্তৰঃ তেখেত এগৰাকী ভাষা-বিজ্ঞানী আছিল।
(খ) ৰহিম পঢ়া-শুনা মনোযোগেৰে কৰে।
উত্তৰঃ সি পঢ়া-শুনা মনোযোগেৰে কৰে।
(গ) নীলাই গান গাই ভাল পায়।
উত্তৰঃ তাই গান গাই ভাল পায়।
বাক্য ৰচনা কৰা :
সহজ-সৰলভাৱে – চাৰে আমাক সকলো কথা সহজ-সৰলভাৱে শিকায়।
প্ৰবল – আজিৰ বতাহ জাক প্ৰবল।
চিকিৎসা – ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিওপেথিক চিকিৎসা কৰিছিল।
দৃঢ়মনা – দৃঢ়মনা মানুহে জীৱনৰ সকলো বাধা অতিক্ৰম কৰিব পাৰে।
আঁতিগুৰি – ডক্টৰ বাণীকান্ত কাকতিয়ে সকলো কথা আঁতিগুৰি মাৰি জানিব বিছাৰিছিল।
কৌতুক-প্ৰিয় – ৰাহুল এজন কৌতুক-প্ৰিয় ল’ৰা, সেয়েহে সকলো বন্ধু ওচৰলৈ আহে।
জোকৰ মুখত চূণ – মাতৃৰ ওচৰত ধৰা পৰি ল’ৰাজনৰ মুখ জোকৰ মুখত চূণ হোৱা দৰে হ’ল।
থতমত খা – ডক্টৰ বাণীকান্ত কাকতিৰ উপস্থিত বুদ্ধিত বাকীলোকবোৰে থতমত খাইছিল।
এটা শব্দত প্ৰকাশ কৰোঁ আহা।
(ক) যি শিক্ষা দান কৰে
উত্তৰঃ শিক্ষক।
(খ) যি ৰোগীক চিকিৎসা কৰে
উত্তৰঃ চিকিৎসক।
(গ) যি ভাষা চৰ্চা কৰে
উত্তৰঃ ভাষা বিজ্ঞানী।
(ঘ) একে সময়তে হোৱা
উত্তৰঃ সমসাময়িক।
(ঙ) একান্ত মনে চিন্তা কৰা
উত্তৰঃ একাগ্ৰ।
(চ) যি শিক্ষা গ্ৰহণ কৰে
উত্তৰঃ ছাত্ৰ।
বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
জ্ঞান – অজ্ঞান।
সৰল – জটিল।
সাধাৰণ – অসাধাৰণ।
চোকা – ভোটা।
ৰোগী – সুস্থ।
সুখ্যাতি – কুখ্যাতি।
Updated On: 11/09/2025