প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
অনুশীলনী-
১) ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা
স্তম্ভ-১ | স্তম্ভ-২ |
( i ) পত্ৰৰন্ধ | ( a ) পানী শােষণ |
( ii ) জাইলেম | ( b ) প্ৰম্বেদন |
( iii) চুলি শিপা | ( c ) আহাৰ পৰিবহণ |
( iv ) ফ্ল’ৱেম | ( d ) পানী পৰিবহন |
( c) আহাৰ পৰিবহণ |
উত্তৰঃ
স্তম্ভ-১ | স্তম্ভ-২ |
i) পত্ৰৰন্ধ্ৰ | ( b ) প্ৰস্বেদন |
ii) জাইলেম | (d) পানী পৰিবহণ |
iii) চুলি শিপা | ( a ) পানী শােষণ |
iv) ফ্ল’ৱেম | ( e) কাৰ্ব’হাইড্ৰেট পৰিবহণ |
২) খালী ঠাই পূৰ কৰা-
(i) —————– ৰ দ্বাৰা হৃদ্যন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।
উত্তৰঃ ধমনীৰ ।
(ii) ———— কোষত হিম’গ্লবিন পোৱা যায়।
উত্তৰঃ লোহিত ৰক্ত কোষত।
(iii) ধমনী আৰু সিৰাবোৰ —————— জালিকাৰ দ্বাৰা সংলগ্ন।
উত্তৰঃ কৈশিক ।
(iv) হৃদযন্ত্ৰৰ সুসংহত প্ৰসাৰণ আৰু সংকোচনক ————- বোলা হয়।
উত্তৰঃ হৃদস্পন্দন ।
(v) মানুহৰ প্ৰধান বর্জিত দ্রব্য —————– হ’ল।
উত্তৰঃ ইউৰিয়া ।
(vi) ঘামত পানী আৰু ————— থাকে।
উত্তৰঃ নিমখ ।
(vii) জুলীয়া অৱস্থাত বৃক্কই অপসাৰণ কৰা বৰ্জিত দ্রব্যক ——————– বোলা হয়।
উত্তৰঃ মূত্ৰ ।
(viii) শোষণ টানৰ জৰিয়তে পানী গছৰ উচ্চতালৈ পৰিবহণ হোৱাৰ কাৰণ হ’ল ————–— ।
উত্তৰঃ প্ৰস্বেদন।
৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(a) উদ্ভিদত পানী পৰিবহন হয়,
(i) জাইলেইম (ii) ফ্ল’ৱেম (iii) পত্ৰৰন্ধ্ৰ (iv) চুলি শিপাৰ দ্বাৰা
উত্তৰঃ জাইলেম।
b) শিপাৰ দ্বাৰা পানীৰ শোষণ বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদক ৰখা হয়-
(i) ছাঁত (ii) কম পোহৰত (iii) ফেনৰ তলত (iv) পলিথিন মোনাৰে ঢাকি থলে
উত্তৰঃ (iii) ফেনৰ তলত ।
৪) উদ্ভিদ বা প্রাণীৰ উপাদানসমূহৰ পৰিবহণৰ কিয় প্রয়োজন ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহণৰ প্ৰয়োজন কাৰণ-
(i) জীৱৰ প্ৰয়োজনীয় পানী আৰু খাদ্যসমূহ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ কৰিব লগা হ’য়।
(ii) শৰীৰত সৃষ্টি হোৱা অপ্রয়োজনীয় দ্রব্যসমূহো বৰ্জনৰ বাবে নিৰ্দিষ্ট অংগলৈ পৰিবহণ কৰিব লগা হ’য়।
৫) যদি তেজত অনুচক্রিকা নাথাকে তেতিয়া কি হ’ব?
উত্তৰঃ যদি তেজত অনুচক্ৰিকা নাথাকে তেনেহ’লে তেজ খমলা নাবান্ধে।
৬) পত্ৰৰন্ধ্ৰ কি? পত্ৰবন্ধৰ দুটা কাম উল্লেখ কৰা।
উত্তৰঃ গছৰ পাতত থকা সৰু সৰু ছিদ্ৰবোৰকে পত্ৰৰন্ধ্ৰ বোলে।
পত্ৰৰন্ধ্ৰৰ দুটা কাম –
(i) পত্ৰৰন্ধ্ৰই বায়ুমণ্ডলৰ লগত গেছ বিনিময় কৰে।
(ii) উদ্ভিদৰ শিপাই শুহি লোৱা অতিৰিক্ত পানীভাগ পত্ৰৰন্ধ্ৰই বাষ্প আকাৰে বায়ুমণ্ডলত এৰি দিয়ে।
৭) প্রস্বেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰেনে? ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ভিদে খনিজ পোষক দ্ৰব্য আৰু পানী মাটিৰপৰা শোষণ কৰে। যিমান পানী শোষণ কৰে সেই সকলোখিনি উদ্ভিদে ব্যৱহাৰ নকৰে। পাতৰ পৃষ্ঠত থকা পত্ৰৰন্ধ্ৰৰ মাজেৰে প্ৰস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা পানী বাষ্পীভূত হয়।
৮) তেজৰ উপাদানসমূহ কি কি?
উত্তৰঃ তেজৰ উপাদানসমূহ হ’ল- প্লাজমা, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, আৰু অনুচক্রিকা ।
৯) শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্রয়োজন?
উত্তৰঃ তেজ এবিধ তৰল পদাৰ্থ যি ৰক্ত নলীৰে প্ৰৱাহিত হয়। তেজে হজম হোৱা খাদ্য কণাসমূহ ক্ষুদ্রান্ত্ৰৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে। ই হাঁওফাঁওৰ পৰা অক্সিজেন শৰীৰৰ কোষবোৰলৈ কঢ়িয়াই নিয়ে আৰু শৰীৰত সৃষ্টি হোৱা অপ্রয়োজনীয় দ্রব্যসমূহো দেহৰ পৰা বৰ্জন কৰায়।
১০) কিহে তেজৰ ৰঙা ৰং প্ৰদান কৰে?
উত্তৰঃ হিম’গ্লবিনে তেজৰ ৰঙা ৰং প্ৰদান কৰে।
১১) হৃদযন্ত্ৰৰ কাৰ্য বর্ণনা কৰা।
উত্তৰঃ হৃদযন্ত্র এনে এটা অংগ যি অবিৰতভাৱে স্পন্দন কৰি থাকে আৰু তেজৰ লগতে অন্যান্য দ্রব্য কঢ়িয়াই নিয়াত পাম্পৰ দৰে কাৰ্য সম্পাদন কৰে।
১২) বর্জিত দ্রব্য দেহৰপৰা উলিয়াই দিয়াটো কিয় প্রয়োজন?
উত্তৰঃ বৰ্জিত দ্ৰব্য়বোৰ বিষাক্ত আৰু সেয়ে এইবোৰক শৰীৰৰ পৰা উলিয়াই দিয়াটো প্ৰয়োজন।
১৩) মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আঁকা আৰু তাৰ বিভিন্ন অংশসমূহ চিহ্নিত কৰা।
উত্তৰঃ তোমালোকে নিজে কৰিবা।