যুগমীয়া শৰাইঘাট

২। উত্তৰ দিয়া।

(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল ?

উত্তৰঃ অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক।

(খ) বর্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?

উত্তৰঃ বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ’ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক।

(গ) ৰামসিংহ কোন আছিল?

উত্তৰঃ ৰামসিংহ ৰাজপুতৰ ৰজা আছিল।

(ঘ) তেওঁ কিয় অসমলৈ আহিছিল?

উত্তৰঃ তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল।

(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল।

(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল?

উত্তৰঃ লাচিতৰ অধীনত এক লক্ষ্য সৈন্য আছিল।

(ছ) মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?

উত্তৰঃ মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা।

(জ) মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল?

উত্তৰঃ মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল।

(ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?

উত্তৰঃ ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ সংখ্যাৰ কথা বুজাবলৈ গৈছিল।

(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল?

উত্তৰঃ লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠাইছিল।

8। পাঠত থকাৰ দৰে সংলাপবোৰ লিখা।

(ক) কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল?

উত্তৰঃ কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰিলে। লাচিতৰ তেতিয়া ভীষণ জ্বৰ। জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু-চিঞৰি ক’লে, “অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থ’বা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা।” লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। শবাইঘাটৰ যুঁজত ৰামসিংহ পৰাজিত হ’ল।

(খ) অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কি কৈছিল?

উত্তৰঃ অসম এৰি যাবৰ সময়ত ৰামসিংহই কৈ গ’ল, “ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।

(গ) কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল?

উত্তৰঃ কোনোবাই যুদ্ধৰ কামত মন এবি ইফাল-সিফাল কৰে বুলি লাচিত বৰফুকনে পোন প্রথমে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি ঘোষণা কৰিছিল, “যুদ্ধৰ কামত পাছ হুহঁকিলে মই এই হেংদানেৰে তাক দুডোখৰ কবি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।”

(ঘ) বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল?

উত্তৰঃ বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰপৰা স্বৰ্গদেউক , “বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ’ব বুলি উপদেশ দিছিল ।

Updated On – 06/09/2025

Scroll to Top