পৰিৱেশ প্ৰদূষণ
১। উত্তৰ লিখা-
(ক) পৰিৱেশ প্ৰদূষণ মানে কি বুজা?
উত্তৰঃ অলাগতিয়াল পদার্থ বা বস্তু কিছুমান বায়ু, পানী আৰু মাটিৰ লগত মিহলি হৈ পৰিবেশ দূষিত কৰে । এনেদৰে দুষিত হোৱা পৰিবেশক পৰিবেশ প্ৰদূষণ বুলি কোৱা হয়।
(খ) প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ প্ৰদূষণ চাৰি প্ৰকাৰৰ-
(ক) বায়ু প্ৰদূষণ
(খ) মাটি প্ৰদূষণ
(গ)পানী প্ৰদূষণ
(ঘ) শব্দ প্ৰদূষণ
(গ) বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা।
উত্তৰঃ বায়ু প্ৰদূষণৰ দুটা কাৰণ হল:
(ক) যান- বাহন আৰু কল – কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ ফলত বায়ু প্ৰদূষণ হয়।
(খ) পেট্ৰল, ডিজেল, কেৰাচিন আদি ইন্ধন দহনৰ ফলত বায়ু প্ৰদূষণ হয়।
(ঘ) পানী প্রদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে যিকোনো দুটা দিশ উল্লেখ কৰা।
উত্তৰঃ ১। দূষিত পানী খোৱাৰ ফলত আমাৰ নানা ধৰণৰ বেমাৰ-আজাৰ হ’ব পাৰে। উদাহৰণ-
হিচাপে কলেৰা, জণ্ডিচ, ডিচেন্ট্রি, টাইফয়েড আদি ৰোগ দূষিত পানীৰ পৰাই হয়।
২। নদ-নদী বা পুখুৰীৰ পানী দূষিত হ’লে তাত থকা মাছ বা আন জীৱবোৰ নাশ হ’ব পাৰে।
(ঙ) মাটি প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ মাটি প্ৰদূষণৰ দুটা প্ৰধান কাৰণ হ’ল— ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অতিমাত্ৰা ব্যৱহাৰ ফলত মাটি প্ৰদূষিত হয় ।
শাক-পাচলিৰ পেলনীয়া অংশ, ঘৰুৱা আৱৰ্জনা, পেলনীয়া খাদ্য, মলমূত্ৰ আদি আৱৰ্জনাবোৰ মাটিত য’তে ত’তে পেলোৱাৰ ফলত সেইবোৰ গেলি-পচি গৈ নানা বীজাণুৰ সৃষ্টি হৈ মাটি প্ৰদূষিত কৰে।
(চ) পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়?
উত্তৰঃ মানুহৰ বিভিন্ন কাৰ্যৰ বাবে সৃষ্টি হোৱা অত্যধিক শব্দই পৰিৱেশত শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। সেইবোৰ হৈছে-
(ক) অপ্রয়োজনত ডাঙৰকৈ গাড়ীৰ হৰ্ণ বজোৱা।
(খ) ডাঙৰকৈ মাইক, ৰেডিঅ’, মিউজিক ছিষ্টেম, বাদ্যযন্ত্র আদি বজোৱা।
(গ) ফটকা, আতচ্বাজী আদি ফুটোৱা।
২। খালী ঠাই পূৰ কৰা—
(ক) পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক………বুলি কোৱা হয়।
উত্তৰঃ প্ৰদূষক ।
(খ) ইন্ধন জ্বলালে বায়ুমণ্ডলত……….গেছৰ পৰিমাণ বাঢ়ি যায়।
উত্তৰঃ কাৰ্বন ডাইঅক্সাইড ।
(গ) কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি………….ৰ ব্যৱহাৰ কৰিব লাগে।
উত্তৰঃ জৈৱিক ।
(ঘ) শব্দ প্ৰদূষণৰ ফলত মানুহৰ ……….. শক্তি কমি যাব পাৰে।
উত্তৰঃ শ্ৰৱণ ।
(ঙ) পৰিৱেশৰ সকলোবোৰ উপাদান ……….. আমাৰ সকলোৰে দায়িত্ব।
উত্তৰঃ সংৰক্ষণ ।
৩। তলৰ বাক্যবোৰ শুদ্ধকৈ লিখা-
(ক) যান-বাহনৰপৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে।
উত্তৰঃ যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে।
(খ) উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব নালাগে।
উত্তৰঃ উদ্যোগৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব লাগে।
(গ) সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা, পেট্ৰ’ল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে।
উত্তৰঃ সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা, পেট্ৰ’ল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব নালাগে।
(ঘ) পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰি।
উত্তৰঃ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি।
(ঙ) বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে।
উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে।
৪। বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল’ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল’ব পৰা দুটা ব্যৱস্থা হ’ল-
(ক) গছ- গছনি ৰুই বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি ।
(খ) কল কাৰখানাত ওখ চিমনি ব্যৱহাৰ কৰা উচিত ।
৫। পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ পানী প্ৰদূষণ ৰোধ কৰাৰ বাবে তিনিটা ব্যৱস্থা হ’ল-
(ক) কল-কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা, গেলা-পচা বস্তু নদী বা পুখুৰীত পেলাব নালাগে।
(খ) ঘৰুৱা বৰ্জিত পানী, জাবৰ-জোঁথৰ পুখুৰীত পেলাব নালাগে।
(গ) পুখুৰীৰ পানীত মাজে সময়ে চুণ, পটাছ, ব্লিচিং পাউদাৰ আদি দিব লাগে।
৬। মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখা।
উত্তৰঃ গেলা-পচা বস্তু, আৱৰ্জনা আদি মাটিত পুতি থ’ব লাগে। কৃষিকার্যত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি তাৰ ঠাইত জৈৱ সাৰ প্ৰয়োগ কৰিব লাগে।
৭। শব্দ প্ৰদূষণৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে?
উত্তৰঃ শব্দ প্ৰদূষণৰ ফলত মানুহৰ স্বাস্থ্যত নানান ধৰণৰ সমস্যাৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত শ্ৰৱণশক্তি হ্ৰাস পোৱা, অনিদ্ৰা, মূৰৰ বিষ, ৰক্তচাপ বৃদ্ধি, মানসিক চাপ আদি প্ৰধান। ইয়াৰোপৰি শব্দ প্ৰদূষণে শিশুৰ শিকন প্ৰক্ৰিয়াত বাধা জন্মায় আৰু সামাজিক জীৱনত অসুবিধা সৃষ্টি কৰে ।