দুৰ্যোগ আৰু আমি

১। উত্তৰ লিখা –

(ক) প্রাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা।

উত্তৰঃ প্ৰাকৃতিকভাবে হোৱা তিনিটা দুৰ্যোগৰ নাম হ’ল – বানপানী, ভূমিকম্প, ভূমিস্খলন ।

(খ) কৃত্রিম বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ’ব পাৰে?

উত্তৰঃ কৃত্রিম বানপানীৰ প্ৰকোপ অধিক হ’লে, মানুহ আৰু প্ৰাণীৰ বহুতো ক্ষতি হয়। মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি, গছ-গছনি, প্রাণী আদি পানীত উটি যায়। মানুহ গৃহহাৰা হয় আৰু সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়।

(গ) বনজুইৰ সৃষ্টি কেনেকৈ হয়?

উত্তৰঃ বনজুই মানে হাবিত লগা জুই। বনজুইৰ সৃষ্টি খুব কম পৰিমাণেহে প্ৰাকৃতিকভাৱে হয়। গছ-গছনিৰে ভৰপূৰ হাবিত বজ্রপাত পৰিলে গছ-গছনিত জুই লাগি বনজুইৰ সৃষ্টি কৰিব পাৰে। ই কেতিয়াবা ক্ষন্তেকীয়া হ’বও পাৰে।কাৰণ ডাঙৰ বৰষুণ আহিলে এই জুই নুমাই যাব পাৰে। কেতিয়াবা আকস্মিকভাবে শিলে শিলে ঘঁহনি খাই তাৰ পৰা উৎপত্তি হোৱা জুই হাবিত থকা গছৰ শুকান পাত, ঠাল ঠেঙলি আদিত লাগি জ্বলি উঠিব পাৰে। ফলত গোটেই হাবিত জুই বিয়পি পৰিব পাৰে।

(ঘ) ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা।

উত্তৰঃ একেৰাহে বৰষুণ, ধুমুহা-বতাহ হ’লে বনানি ধ্বংসকৰণ, খননকার্য আদিৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলন সৃষ্টি হয়। নদীৰ বাঢ়নী পানীৰ প্ৰবল সোঁতত বিস্তৰভাৱে – ভূমিস্খলন হ’লে নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ গছ-গছনি, মানুহৰ ঘৰ-দুৱাৰ, সা- সম্পত্তি, খেতি পথাৰ আদি নৈৰ বুকুত জাহ যায়। নদীত গৰাখহনীয়া হৈ নাইবা পাহাৰৰ মাটি, শিল আদি বিস্তৃতভাৱে খহি পৰি ভূমিস্খলন হয়।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’    

 ‘খ’

ভূমিস্খলন 

খৰাং  

বনজুই

ভূমিকম্প  

বানপানী  

জলাশয়বোৰ শুকাই যায়।

 পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে।

জলাশয়বোৰ পানীৰে উপচি পৰে।

বিস্তৃতভাৱে মাটি, বালি শিল আদি খহি পৰে।

হাবিত লগা জুই।

উত্তৰঃ

‘ক’

 ‘খ’

ভূমিস্খলন 

বিস্তৃতভাৱে মাটি, বালি শিল আদি খহি পৰে।

খৰাং

জলাশয়বোৰ শুকাই যায়।

বনজুই

হাবিত লগা জুই।

ভূমিকম্প

পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে।

বানপানী

জলাশয়বোৰ পানীৰে উপচি পৰে।

৩। তলত দিয়া দুৰ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা-

(ক) খৰাং

উত্তৰঃ খৰাং, এনে এটা দুৰ্যোগ য’ত বানপানীৰ সম্পূৰ্ণ বিপৰীত পৰিস্থিতিৰ সৃষ্টি হয়। বহুত দিন বৰষুণ নিদিয়াৰ ফলত ভূ-পৃষ্ঠ আৰু ভূ-গৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যায়। মাটি শুকাই যোৱাৰ ফলত ফাঁট মেলে। মানুহ, প্রাণী, চৰাই-চিৰিকটি আৰু উদ্ভিদৰ পানীৰ অভাৱ হয়। গছ-গছনিবোৰ শুকাই যায়। পানীৰ অভাৱত কৃষকে খেতি-বাতি কৰিব নোৱাৰে। খেতি-বাতি নোহোৱাৰ ফলত খাদ্যসামগ্ৰীৰ অভাৱ হয়।

(খ) ভূমিস্খলন

উত্তৰঃ একেৰাহে বৰষুণ, ধুমুহা-বতাহ হ’লে বনানি ধ্বংসকৰণ, খননকার্য আদিৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলন হয়। নদীৰ বাঢ়নী পানীৰ প্ৰবল সোঁতত বিস্তৰভাৱে ভূমিস্খলন হ’লে নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ গছ-গছনি, মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি, খেতি পথাৰ আদি নৈৰ বুকুত জাহ যায়। নদীত গৰাখহনীয়া হৈ নাইবা পাহাৰৰ মাটি, শিল আদি বিস্তৃতভাৱে খহি পৰি ভূমিস্খলন হয়। পাহাৰত হোৱা ভূমিস্খলনৰ ফলত পাহাৰ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ঘৰ-দুৱাৰ, দোকান-পোহাৰ আদি ভাঙে। কেতিয়াবা মানুহ আৰু প্ৰাণী মাটিত পোত গৈ মৃত্যুমুখত পৰে।

(গ) ভূমিকম্প

উত্তৰঃ পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠিলে আমি ভূমিকম্প অহা বুলি কওঁ। ভূমিকম্প কোনো আগজাননী নিদিয়াকৈ আহে। ই হ’ল সম্পূর্ণ প্রাকৃতিক কাৰণত হোৱা এটা পৰিঘটনা। ভূমিকম্পৰ প্ৰাৱল্য কেতিয়াবা খুব কম হয় বাবে আমি হয়তো ভূমিকম্প অহা গমেই নাপাও। ইয়াৰ প্ৰাৱল্য কেতিয়াবা মজলীয়া ধৰণৰ আৰু কেতিয়াবা খুব বেছি হ’ব পাৰে।

৪) পাৰ্থক্য লিখা-

(ক) খৰাং আৰু বানপানী

উত্তৰঃ বৰষুণৰ পৰিমাণ কমি যোৱা, জলবায়ুৰ পৰিৱৰ্তন আদিৰ বাবে খৰাং হয়। অতিৰিক্ত বৰষুণ, নদীৰ বান্ধ ভাঙিলে বানপানী হয়। খৰাংৰ ফলত খেতি পথাৰ শুকাই যায়, খাদ্যৰ নাটনি হয়, পানীৰ অভাৱ হয় । বানপানীৰ ফলত ঘৰ-দুৱাৰ, বাট-পথ আদি ডুব যায়, খেতি পথাৰ নষ্ট হয়, মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি হয়, বেমাৰ আজাৰ হয়।

(খ) প্রাকৃতিক দুর্যোগ আৰু মানৱসৃষ্ট দুর্যোগ।

উত্তৰঃ প্ৰাকৃতিক দুৰ্যোগ প্ৰাকৃতিক কাৰণত সৃষ্টি হয় আনহাতে মানৱসৃষ্টি দুৰ্যোগ মানুহৰ অসাৱনতাৰ ফলত সংঘটিত হয় । প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ হ’ল – ভূমিকম্প, বানপানী, ধুমুহা, খৰাং, আগ্নেয়গিৰিৰ উদগীৰণ আদি। আনহাতে মানৱসৃষ্টি দুৰ্যোগৰ উদাহৰণ হ’ল- উদ্যোগিক দুৰ্ঘটনা, ৰেল দুৰ্ঘটনা আদি।

৫। খালী ঠাই পূৰ কৰা –

(ক) ১৯৫০ চনত অসমত ডাঙৰ ————  হৈছিল।

উত্তৰঃ ভূমিকম্প ।

(খ) বনানীকৰণৰ যোগেদি  —————- ৰোধ কৰিব পাৰি।

উত্তৰঃ ভূমিস্খলন ।

(গ) বজ্রপাত পৰি প্ৰাকৃতিকভাৱে হাবিত ———লাগে।

উত্তৰঃ জুই ।

(ঘ) বাঘজান তৈলখাদৰ বিস্ফোৰণ এটা ——— দুর্ঘটনা।

উত্তৰঃ উদ্যোগিক ।

৬) দুৰ্যোগ বুলিলে কি বুজাব বিচাৰিছে?

উত্তৰঃ দুৰ্যোগ হৈছে এক আকস্মিক, প্ৰাকৃতিক বা মানৱসৃষ্ট ঘটনা । যাৰ ফলত সমাজ, জনজীৱন, পৰিৱেশ বা অৰ্থনীতিত ব্যাপক ধ্বংস, ক্ষয়ক্ষতি আৰু দুৰ্গতি দেখা দিয়ে। 

Scroll to Top