অসমৰ সাস্কৃতি
১। উত্তৰ লিখা-
(ক) মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম হ’ল- নামঘৰ আৰু কীর্তন।
(খ) চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা।
উত্তৰঃ চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম হৈছে- সাতসৰী, মাদলি, গলপতা, জোনবিৰি ।
(গ) তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্য যন্ত্ৰৰ নাম লিখা।
উত্তৰঃ তিনিবিধ নৃত্যৰ আৰু নৃত্য লগত জড়িত বাদ্যযন্ত্ৰ নাম হৈছে- ভোৰতাল নৃত্য- ভোৰতাল, বিহুগীত- ঢোল,সত্ৰীয়া নৃত্য- খোল ।
(ঘ) চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা।
উত্তৰঃ চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম হ’ল- তেলপিঠা, তিলপিঠা, ঘিলাপিঠা আৰু টেকেলিপিঠা ।
(ঙ) শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা।
উত্তৰঃ শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম হ’ল- ৰংঘৰ আৰু তলাতল ঘৰ।
(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা।
উত্তৰঃ মন্দিৰ: কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ
দৌল: শিৱদৌল, জয়দৌল
সত্ৰ: কমলাবাৰী সত্ৰ আৰু আউনী আটি সত্ৰ
২। খালী ঠাই পূৰ কৰা-
(ক) ব’হাগত—————পালন কৰা হয়।
উত্তৰঃ বহাগ বিহু।
(খ) খেৰাই পূজা————পালন কৰে।
উত্তৰঃবড়ো সকলে
(গ) বিহু————————জাতীয় উৎসৱ।
উত্তৰঃ জাতীয়
(ঘ) মিছিংসকলে————-পালন কৰে।
উত্তৰঃ আলি- আই-লৃগাং।
(ঙ) কৰম পূজা————পালন কৰে।
উত্তৰঃ আদিবাসী সকলে ।
৩। অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে দহটা বাক্য লিখা।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ অসমীয়া সংস্কৃতিলৈ অৱদানসমূহ:
(ক) নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া জাতিক একত্ৰিত কৰিছিল।
(খ) বৰগীত, অঙ্কীয়া নাট, ভাওনা, আৰু সত্ৰীয় নৃত্যৰ সৃষ্টি কৰি অসমৰ কলা-সংস্কৃতি চহকী কৰিছিল।
(গ) নামঘৰ আৰু সত্ৰ স্থাপন কৰি অসমীয়া সমাজত ধৰ্মীয় আৰু সামাজিক পৰিৱেশ সৃষ্টি কৰিছিল।
(ঘ) অসমীয়া ভাষাত সাহিত্য সৃষ্টি কৰি ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰে।
(ঙ) জাতিভেদ প্ৰথাৰ বিৰুদ্ধে মাত মাতি সমাজ সংস্কাৰ কৰিছিল।
(চ) অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰিছিল।
(ছ) একশৰণ নাম ধৰ্মই অসমীয়া সমাজত শান্তি আৰু একতাৰ বাণী প্ৰচাৰ কৰিছিল।
(জ) চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰতো নতুনত্ব আনিছিল।
(ঝ) পৰিৱেশ ৰক্ষাৰ ওপৰতো গুৰুত্ব দিছিল।
(ঞ) শংকৰদেৱৰ আদৰ্শ আৰু শিক্ষা আজিও অসমীয়া সমাজৰ বাবে প্ৰাসংগিক হৈ আছে।
৪। চমুটোকা লিখা-
(ক) বিহু
উত্তৰঃ অসমৰ জাতীয় উৎসৱ ‘বিহু’। জাতি-ধর্ম নির্বিশেষে সকলো অসমীয়াই বিহু উৎসৱ পালন কৰে। জাতীয় উৎসৱ বিহু কৃষিভিত্তিক উৎসৱ। অসমৰ শতকৰা পয়সত্তৰ ভাগ মানুহ কৃষিৰ লগত জড়িত বাবে জাতি- জনজাতি সকলোৱেই মিলি এই উৎসৱ মানে। বিহু তিনিটা- ব’হাগ মাহত বহাগ বা ৰঙালী বিহু, মাঘত মাঘ বিহু বা ভোগালী বিহু আৰু কাতিত কাতি বিহু। ব’হাগত কৃষকে পথাৰত ন-গুটি সিঁচে আৰু মাঘত খেতি চপায়। কাতিত ভৰা পথাৰ এখন কামনা কৰে আৰু খেতিডৰা পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ চাকি জ্বলায়।
(খ) পুতলা নৃত্য
উত্তৰঃ অসমৰ সংস্কৃতিৰ জগতখনত অতি প্রাচীন কালৰেপৰা প্ৰচলিত হৈ অহা এটা নাট্য অনুষ্ঠান হৈছে পুতলা নাচ । সুত্ৰধাৰৰ সহায়ত পুতলাবোৰক নচুওৱা হয়। ৰামায়ণ, মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়।
(গ) অসমীয়া ভাষা
উত্তৰঃ অসমৰ স্থানীয় ভাষা অসমীয়া। ভাষাই সংস্কৃতিৰ ভেটি টনকিয়াল কৰে আৰু সকলোকে একগোট কৰি এখন বহল সমাজ গঢ়ি তোলাত সহায় কৰে। ভাষাটোৰ দুটা ৰূপ- এটা কথিত আৰু এটা লিখিত। অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে নানা গীত-পদ যেনে-বিহুনাম, আইনাম, বিয়ানাম, নিচুকনি গীত আদি কথিত ৰূপত প্রচলিত হৈ আছিল। এতিয়া এইবোৰ লিখিত ৰূপত পোৱা যায়।
(ঘ) সত্ৰীয়া নৃত্য
উত্তৰঃ সত্ৰীয়া নৃত্য অসমৰ এক প্ৰধান শাস্ত্ৰীয় নৃত্য। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হ’ল। কেৰালাৰ কথাকলি, উৰিষ্যাৰ ওডিচি নৃত্যৰ দৰে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় মৰ্যদা পাবলৈ সক্ষম হ’ল। এই নৃত্যই এতিয়া সমগ্ৰ ভাৰততে সন্মান পাইছে।
(ঙ) উৎসৱ-পাৰ্বণ
উত্তৰঃ প্রতি জাতি-জনজাতিৰ নিজা নিজা জাতীয় উৎসৱ আছে, যিবোৰ জাতিৰ সকলোৱে মিলি উদযাপন কৰে। উৎসৱবোৰ কৃষিৰ লগত জড়িত বাবেই বিভিন্ন জাতি-জনজাতিৰ লোকসকলে নিজা নিজা ৰীতি-নীতিৰে তেওঁলোকে উৎসৱবোৰ পালন কৰে। কিছুমান উৎসৱ ধৰ্মৰ সৈতেও জড়িত। যেনে- ইছলামধর্মীলোকে ঈদ পালন কৰে। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে বৰদিন পালন কৰে। শিখ ধৰ্মাৱলম্বী লোকে গুৰুনানকৰ জন্মদিনটো গুৰুনানক জয়ন্তী হিচাপে পালন কৰে। বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধদেৱৰ জন্ম, সিদ্ধিলাভ তথা মৃত্যু তিথিটো বুদ্ধ পূর্ণিমা হিচাপে পালন কৰে।
৫। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
‘ক ’অংশ | ‘খ’ অংশ |
তেজপুৰ কামৰূপ গোৱালপাৰা ধুবুৰী কাছাৰ | ভূৱন পাহাৰ মন্দিৰ টেগবাহাদুৰৰ গুৰুদ্বাৰ অগ্নিগড় পোৱামক্কা সূৰ্য পাহাৰ |
উত্তৰঃ
‘ক ’অংশ | ‘খ’ অংশ |
তেজপুৰ | অগ্নিগড় |
কামৰূপ | পোৱামক্কা |
গোৱালপাৰা | সূৰ্য পাহাৰ |
ধুবুৰী | টেগবাহাদুৰৰ গুৰুদ্বাৰ |
কাছাৰ | ভূৱন পাহাৰ মন্দিৰ |
৬। এখন শৰাইৰ ছবি আঁকা