দেশ মহাদেশৰ কথাঃ জাপান
অনুশীলনী– ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি?
উত্তৰঃ পৃথিৱীৰ মহাদেশবোৰৰ নাম -এছিয়া, ইউৰোপ, আফ্রিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টার্কটিকা বা কুমেৰু মহাদেশ।
(খ) সম্পূৰ্ণৰূপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম কি?
উত্তৰঃ সম্পূৰ্ণৰূপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম ওচেনিয়া।
(গ) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম এণ্ডিজ পর্বতমালা।
(ঘ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম ছাহাৰা মৰুভূমি।
(ঙ) পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম নীল নদী।
(চ) পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম আমাজন নদী।
(ছ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম এছিয়া মহাদেশ।
২) চমুটোকা লিখা-
ক) এছিয়া মহাদেশ
উত্তৰঃ এছিয়া হ’ল পৃথিৱীৰ বৃহত্তম মহাদেশ। পৃথিৱীৰ মুঠ মাটিভাগৰ ১/৩ অংশ এই মহাদেশখনে সামৰি আছে। এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলার্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা-পশ্চিমাকৈ কর্কট-ক্রান্তি ৰেখা গৈছে।
খ) ইউৰোপ মহাদেশ
উত্তৰঃ ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি সৰু। এই মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা-পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত। মহাদেশখনৰ তিনিওফাল পানীৰে আগুৰা। আপ্স (Alps) হ’ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পর্বতমালা।
গ) আফ্ৰিকা মহাদেশ
উত্তৰঃ এছিয়াৰ পাছতেই দ্বিতীয় সর্ববৃহৎ মহাদেশ হ’ল আফ্রিকা। বিষুৱৰেখা মহাদেশখনৰ প্ৰায় সোঁমাজেদি গৈছে। গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশ দুয়োটা গোলার্ধতে প্রায় সমানভাৱে বিস্তৃত হৈ আছে। এইখনেই একমাত্র মহাদেশ যাৰ মাজেৰে কৰ্কট-ক্রান্তি, মকৰ-ক্ৰান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে ।
ঘ) উত্তৰ আমেৰিকা
উত্তৰঃ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ’ল উত্তৰ আমেৰিকা। এক ঠেক ভূ-খণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ-লাগি আছে। এই ঠেক ভূ-খণ্ডক পানামা যোজক বুলি কোৱা হয়। এই মহাদেশখন সম্পূৰ্ণৰূপে উত্তৰ গোলার্ধত অৱস্থিত। ৰকি উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালা।
অনুশীলনী – 2
১. তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) জাপান দেশখনৰ দুটা প্রধান বিশেষত্ব উল্লেখ কৰা।
উত্তৰঃ জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব হ’ল:
(ক) জাপান এখন সম্পূৰ্ণৰূপে দ্বীপ দেশ।
(খ) জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ।
(খ) জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ?
উত্তৰঃ জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত হনছুৱেই হৈছে আটাইতকৈ ডাঙৰ।
(গ) জাপানৰ এখন সমতলভূমিৰ নাম লিখা।
উত্তৰঃ জাপানৰ এখন সমতলভূমিৰ নাম কাণ্টো।
(ঘ) জাপানত অনুভূত ঋতুকেইটা কি কি?
উত্তৰঃ জাপানত অনুভূত হোৱা ঋতুকেইটা হ’ল: শীত, বসন্ত, গ্রীষ্ম আৰু শৰৎ।
(ঙ) কোনটো ঋতুক ‘ফল’ বুলি কোৱা হয়?
উত্তৰঃ জাপানৰ শৰৎ ঋতুক ‘ফল’ বুলি কোৱা হয়।
(চ) জাপানৰ ক’ত ক’’ত সৰলবৰ্গীয় গছ পোৱা যায়?
উত্তৰঃ পাহাৰীয়া শীতল ঠাইবোৰত সাধাৰণতে সৰলবৰ্গীয় গছ পোৱা যায়।
ছ) জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে?
উত্তৰঃ জাপানৰ বেছিভাগ মানুহে ছিন্তু’ ধর্ম পালন কৰে।
জ) জাপানত শিক্ষিতৰ হাৰ কিমান?
উত্তৰঃ জাপানত শিক্ষিতৰ হাৰ ৯৯ শতাংশ।
২) জাপানক কিয় ‘দ্বীপ দেশ’ বুলি কোৱা হয়?
উত্তৰঃ এছিয়া মহাদেশৰ পূব সীমাত অৱস্থিত জাপান এখন বিশেষ দেশ। এই দেশখন সৰু-বৰ বহুতো দ্বীপৰ সমষ্টি। সেইকাৰণে জাপানক কিয় ‘দ্বীপ দেশ’ বুলি কোৱা হয়?
৩) জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ। দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ এক বৃহৎ অংশ উদ্যোগে আগুৰি আছে। জাপানৰ প্ৰধান উদ্যোগ অঞ্চল ৰাজধানী ট’কিঅ।