অৰূপৰ আৱেদন

উত্তৰ দিয়া-

(ক) অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল?

উত্তৰঃ অৰূপে পেট-চলা অসুখৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল।

(খ) অৰূপৰ পেট-চলা ৰোগ কিয় হৈছিল?

উত্তৰঃ গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ গৈ অৰূপৰ পেট-চলা ৰোগ হৈছিল।

(গ) অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰী গৰাকীয়ে কি কৈছিল?

উত্তৰঃ চিঠিখন পঢ়ি উঠি শিক্ষয়িত্রী বাইদেৱে ক’লে- “অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ। কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ’লে ছুটী মঞ্জুৰীৰ বাবে আৱেদনহে কৰিব লাগে। আৱেদনক ‘দখাস্ত’ বুলিও কোৱা হয়।

(ঘ) আৱেদনক আৰু কি বুলি কয়?

উত্তৰঃ আৱেদনক আৰু দৰ্খাস্ত বুলি কোৱা হয়।

(ঙ) অৰূপে পঢ়া স্কুলখনৰ নাম কি?

উত্তৰঃ অৰূপে পঢ়া স্কুলখনৰ নাম হ’ল- নৱজ্য়োতি আদৰ্শ প্ৰাথমিক বিদ্য়ালয়।

(চ) অৰূপে কি বিচাৰি আৱেদন কৰিছিল

উত্তৰঃ অৰূপে ছুটী মঞ্জৰি বিচাৰি আৱেদন কৰিছিল।

২। শব্দবোৰৰ অর্থ লিখোঁ আহা:

ব্যস্ত, খতি, পেট – চলা, ছুটী, মঞ্জৰি , একান্ত, শৈলী, শিৰোনামা।

উত্তৰঃ ব্যস্ত – কোনো এটা কামত লাগি থকা।

খতি – কাম বন্ধ থকা, হানি।

পেট – চলা- বেছিকৈ শৌচ কৰা ৰোগ।

ছুটী – অৱসৰ, কামৰ পৰা লোৱা সাময়িক অব্য়াহতি।

মঞ্জৰি – সন্মতি বা গ্ৰহণ কৰা।

একান্ত – অতি নম্র ভাবৰ ধৰণ বা একাগ্ৰ।

শৈলী – প্ৰণালী।

শিৰোনামা – যিকোনো পত্ৰৰ ওপৰৰ অংশত লিখা নাম , ঠিকনা আদি।

‘অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল খতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি?’- এই প্রশ্নটো কোনে, কেতিয়া, কাক কৰিছিল?

উত্তৰঃ অৰূপৰ পেট-চলা অসুখ হোৱাত সি দহ দিন স্কুলত অণুপস্থিত আছিল আৰু ইমান দিনৰ পিছত তাক স্কুলত দেখি ৰেহানা খাতুন বাইদেৱে অৰূপক উক্ত প্ৰশ্নটি কৰিছিল।

 স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আৱেদন কৰিব লাগে?

উত্তৰঃ স্কুলত অনুপস্থিত থাকিলে শ্রেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আৱেদন কৰিব লাগে।

পাঠটিত থকা অতীত কাল বুজোৱা ক্রিয়া পদবােৰ বিচাৰি উলিয়াই লিখা।

উত্তৰঃ পাঠটিত থকা অতীত কাল বুজোৱা শব্দবোৰ হৈছে-  হৈছিল, গৈছিলোঁ, খুৱাইছিল, নাছিলোঁ, নোৱাৰিলো, জনালোঁ।

 তলৰ বাক্য়বোৰৰ কাষত দুটাকৈ পদ দিয়া আছে। তাৰে এটাহে বাক্য়টোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন ‘X’ চিন দিয়া। তাৰ পাছত খাপ খোৱা পদটোৰে বাক্য়টো পুনৰ লিখা।

(ক) মই কাইলৈ গুৱাহাটিলৈ যাম / গৈছিলোঁ।

উত্তৰঃ যাম।

(খ) সৌৱা, চৰাইবোৰ আকাশত উৰিছে / উৰিছিল।

উত্তৰঃ উৰিছে।

(গ) যোৱাবেলি আমাৰ ইয়াত বানপানী হ’ব / হৈছিল।

উত্তৰঃ হৈছিল।

(ঘ) আহা, আমি ঘৰলৈ যাওঁ / গৈছিলো।

উত্তৰঃ যাওঁ।

(ঙ) মই কিতাপ পঢ়ো / পঢ়ে।

উত্তৰঃ পঢ়ো।

(চ) তুমি কি কৰিছে / কৰিছা।

উত্তৰঃ কৰিছা।

(ছ) তেওঁ ধান দাইছা /দাইছে।

উত্তৰঃ দাইছে।

(জ) আমি ছবি আঁকিছিলো / আঁকিছিল।

উত্তৰঃ আঁকিছিলো।

(ঝ) তোমালোকে গীত গাইছিল / গাইছিলা।

উত্তৰঃ গাইছিলা।

(ঞ) তেওঁলোকে বল খেলিছিল / খেলিছিলা।

উত্তৰঃ খেলিছিল।

(ট) দেউতা আজি আহি পাম / পাব।

ত্তৰঃ পাব।

(ঠ) সিহঁতে কাইলৈ চিনেমা চাব / চাম।

উত্তৰঃ চাব।

(ড) আমি বৰশী বাম / বাব।

উত্তৰঃ বাম।

সিপিঠিৰ ক্ৰিয়া – কলাপটোত তোমালোকে লিখা শুদ্ধ বাক্যবোৰ কাল অনুসৰি ভাগে ভাগে লিখা।

অতীত কাল

বৰ্তমান কাল

ভৱিষ্যত কাল

মণিকা কালি স্কুললৈ আহিছিল

মই কিতাপ পঢ়োঁ।

মই কাইলৈ গুৱাহাটীলৈ যাম।

তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পূৰোৱা-

(ক) যোৱাবেলি আমি বনভোজ খাবলৈ গৈছিলো।আমাৰ লগত ছাৰ-বাইদেউ সকলো গৈছিল। বাটত তেখেতসকলে আমাক বৰ ভাল কথা কৈছিল। মাজে মাজে আমি গান গাইছিলো, ফূৰ্তি কৰিছিলো আৰু কৌতূক শুনি হাঁহিছিলো

(খ) পছোৱা বতাহ বলিছে। সৌৱা পথাৰত এজাক গৰখীয়া ল’ৰাই খেলি আছে। তেওঁলোকৰ কেইজনমানে হাউগুদু খেলিছে। আন কেইজনমানে চিলা উৰাইছে। এজনে আকৌ গছৰ তলত বহি বাহি বজাইছে। আন এজনে আঁহতৰ পাতেৰে টুপী সাজিছে

(গ) মা কাইলৈ মামাহঁতৰ ঘৰলৈ যাব। তাত তেওঁ কেইদিনমান থাকিব। মাহীদেউৰ বিয়াৰ পাছতহে উভতি আহিব। আহোঁতে মোলৈ লাৰু-পিঠা আনিব

Scroll to Top