শাক-পাচলিৰ বাগিচা
১। চমু উত্তৰ দিয়া-
(ক) দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখা।
উত্তৰঃ দুবিধ কেঁচাই খোৱা পাচলিৰ নাম হ’ল- অমিতা আৰু গাজৰ ।
(খ) দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম লিখা।
উত্তৰঃ দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম হ’ল- পানীলাউ, কোমোৰা।
(গ) দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম লিখা।
উত্তৰঃ দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম হ’ল- মূলা আৰু গাজাৰ।
(ঘ) মাহজাতীয় শস্য দুবিধৰ নাম লিখা।
উত্তৰঃ মাহজাতীয় শস্য দুবিধৰ নাম হ’ল- ৰহৰ আৰু মটৰমাহ।
(ঙ) তেলজাতীয় শস্য দুবিধৰ নাম লিখা।
উত্তৰঃ তেলজাতীয় শস্য দুবিধৰ নাম হ’ল- সৰিয়হ আৰু বেলি ফুল।
(চ) ধানজাতীয় শস্য দুবিধৰ নাম লিখা।
উত্তৰঃ ধান জাতীয় শস্য দুবিধৰ নাম হ’ল- আহু আৰু শালি।
(ছ) মচলাজাতীয় শস্য দুবিধৰ নাম লিখা।
উত্তৰঃ মছলাজাতীয় শস্য দুবিধৰ নাম হ’ল- আদা আৰু নহৰু।
(জ) দুবিধ খেতিৰ সঁজুলিৰ নাম লিখা।
উত্তৰঃ দুবিধ খেতিৰ সঁজুলিৰ নাম হ’ল- নাঙল আৰু কাচি।
২। শুদ্ধ নে অশুদ্ধ লিখা-
(ক) খেতি কৰিবলৈ প্ৰথমতে মাটিডৰা ভালকৈ চহাব লাগে।
উত্তৰঃ শুদ্ধ।
(খ) ঘেঁহু অসমৰ প্ৰধান শস্য।
উত্তৰঃ অশুদ্ধ।
(গ) সৰিয়হ এবিধ মাহজাতীয় শস্য।
উত্তৰঃ অশুদ্ধ।
(ঘ) আজিকালি মাটি চহ কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়।
উত্তৰঃ শুদ্ধ।
(ঙ) খেতি-বাতি কৰি বহুলোকে জীৱিকা নিৰ্বাহ কৰে।
উত্তৰঃ শুদ্ধ।
৩। ধান খেতি কৰিবলৈ হ’লে কি কি কৰিব লাগে?
উত্তৰঃ ধান খেতি কৰিবলৈ প্ৰথমে মাটিডৰা চহাব লাগিব। তাৰ পাছত মাটিডৰাত বীজ সিচিব লাগিব। প্ৰয়োজন মতে সাৰ আৰু পানী দিব লাগিব। তাৰ পিছত কঠিয়া ৰুৱ লাগিব। কীট-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰিবলৈ প্ৰয়োজন অনুসৰি কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগে।
৪। কি কি উপায়েৰে খেতি পথাৰত পানী যোগান ধৰা হয়?
উত্তৰঃ খেতি পথাৰত কৃত্রিমভাৱে পানী যোগান ধৰা হয়। বিদ্যুৎ বা ডিজেল চালিত পাম্পৰ সহায়ত নৈ, পুখুৰী আৰু নলীনাদৰ পৰা পানী নি খেতি পথাৰত যোগান ধৰা হয়।
৫। শীতল ভঁৰাল কি? শীতল ভঁৰালত কি কি খাদ্য বস্তু ৰখা হয় আৰু কিয় ৰখা হয়?
উত্তৰঃ শীতল ভঁৰাল হৈছে সোনকালে নষ্ট হৈ নোযোৱাকৈ শাক-পাচলি, ফল-মূল আদি এক নির্দিষ্ট উষ্ণতাত শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে শীতল ভঁৰাল।
শীতল ভঁৰালত শাক-পাচলি, ফল-মূল, আদি খাদ্য বস্তু ৰখা হয়। খাদ্য বস্তুবোৰ সোনকালে নষ্ট হৈ নাযাবৰ বাবে শীতল ভঁৰালত ৰখা হয় ।