আমাৰ প্ৰাকৃতিক সম্পদ
অনুশীলনী-
১। সম্পদ বুলিলে কি বুজা?
উত্তৰঃ যিবোৰ বস্তুৰ পৰা প্ৰয়োজনীয় সামগ্ৰী আহৰণ কৰা হয়, সেইবোৰক সম্পদ বোলা হয়।
২। কৃষিজাত সম্পদৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰঃ কৃষিজাত সম্পদৰ তিনিটা উদাহৰণ হৈছে – ধান, মাহ আৰু সঁৰিয়হ।
৩। সম্পদৰ ব্যৱহাৰত আমি কিয় সচেতন হ’ব লাগে?
উত্তৰঃ প্রাকৃতিক সম্পদ অযথা খৰচ কৰিব নালাগে। মানুহে হকে-বিহকে জীৱ-জন্তুৰ চিকাৰ কৰি থকা ফলস্বৰূপে পৃথিৱীৰ পৰা বহুতো প্ৰাণী বিলুপ্ত হৈ গৈছে আৰু বহুতো প্রাণী বিলুপ্ত হ’বলৈ ওলাইছে। জধে-মধে গছ-গছনি কাটি তহিলং কৰাৰ ফলত এতিয়া বৰষুণৰ মাত্ৰা কমি গৈছে আৰু বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বাঢ়িছে। এয়া বিপদজনক। প্ৰকৃতিৰ বিষম পৰিৱৰ্তন ঘটিলে জীৱ জগত জীয়াই নাথাকিব। সেয়েহে সম্পদৰ ব্য়ৱহাৰত আমি সচেতন হ’ব লাগে।
৪। ইন্ধন কাক বোলে? গোটা ইন্ধন, জুলীয়া ইন্ধন আৰু গেছীয় ইন্ধনৰ দুটাকৈ উদাহৰণ দিয়া
উত্তৰঃ যিবোৰ বস্তু পুৰিলে তাপশক্তি পোৱা যায় সেইবোৰক ইন্ধন বোলে।
গোটা ইন্ধন হৈছে – কয়লা, কাঠ ।
জুলীয়া ইন্ধন – পেট্ৰল, ডিজেল ।
গেছীয় ইন্ধন – প্ৰডিউচাৰ গেছ, ক’ল গেছ ।
৫। এল পি জিত কি গেছ থাকে?
উত্তৰঃ এল পি জি ত সাধাৰণতে বিউটেন গেছ থাকে।
৬। প্রাকৃতিক গেছত থকা প্ৰধান গেছটোৰ নাম কি?
উত্তৰঃ প্রাকৃতিক গেছত থকা প্ৰধান গেছটোৰ নাম হ’ল- মিথেন গেছ।
৭। কয়লাৰ পৰা কি কি গেছীয় ইন্ধন প্ৰস্তুত কৰিব পাৰি?
উত্তৰঃ কয়লাৰ পৰা প্ৰডিউচাৰ গেছ, ক’লগেছ, ওৱাটাৰ গেছ আদি গেছীয় ইন্ধন প্রস্তুত কৰিব পাৰি।
৮। পেট্রলিয়ামৰ শোধন কৰিলে পোৱা পাঁচটা ইন্ধনৰ নাম আৰু ব্যৱহাৰ লিখা।
উত্তৰঃ কেৰাচিন জুই জ্বলাবলৈ ব্য়ৱহাৰ কৰা হয়। ডিজেল গাড়ী-মটৰৰ ইন্ধন হিচাপে ব্য়ৱহাৰ কৰা হয়। মটৰচাইকেল আৰু গাড়ীৰ ইঞ্জিনত ব্য়ৱহাৰ কৰা হয়। আলকাতৰা ৰাস্তা-ঘাটৰ মেৰামতিৰ কামত ব্য়ৱহাৰ কৰ হয়। মম পোহৰৰ উৎস হিচাপে ব্য়ৱহাৰ কৰা হয়।
৯। দেশৰ নাগৰিকসকল সম্পদ হয় নে?
উত্তৰঃ দেশৰ নাগৰিকসকল সম্পদ হয়।
১০। দুটা খনিজ সম্পদৰ নাম লিখাঁ।
উত্তৰঃ দুটা খনিজ সম্পদ হ’ল—কয়লা আৰু পেট্র’লিয়াম।