ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

1. মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল?

উত্তৰ: – মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল ড. লক্ষ্মণস্বামী মডালিয়াৰ।

২. মাধ্যমিক শিক্ষা কি?

উত্তৰ:-মাধ্যমিক শিক্ষা হল প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ বিকাশৰ মূল চাবিকাঠি। বয়স সন্ধি কৰাৰ বাবে যি শিক্ষাৰ ব্যৱস্থা কৰা হয়, সেই শিক্ষাক মাধ্যমিক শিক্ষা বোলা হয়।মাধ্যমিক শিক্ষাই কিশোৰ কিশোৰী সকলৰ ভৱিষ্যত জীৱনৰ কাৰণে প্ৰস্তুত কৰি তোলে।

* ১৯৫২, ২৩ ছেপ্টেম্বৰ – মাধ্যমিক শিক্ষা আয়োগ গঠন হয়।

3.মুডালিয়াৰ আয়োগৰ সৰ্বমুঠ আয়োগৰ সদস্য কেইগৰাকী?

উত্তৰ : 9 গৰাকী।

৪.মুডালিয়াৰ আয়োগৰ কেইজন বিদেশী শিক্ষাবিদ আছিল?

উত্তৰঃ ২ জন বিদেশী শিক্ষাবিদ আছিল- i) প্ৰয়েছাৰ জন ক্ৰিষ্টি।

ii) ড. কেনেথ ৰাষ্ট উইলিয়ামছ।

5. ড. লক্ষ্মণস্বামী কোন আছিল?

উত্তৰ:– মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য।

6. ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল?

উত্তৰ:– 1947 চনৰ 15 আগষ্ট তাৰিখে।

7. স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী কোন আছিল?

উত্তৰ:– স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী হল ড. মৌলানা আব্দুল কালাম আজাদ।

8.কিমান চনৰ,কোন তাৰিখে কোনে মাধ্যমিক শিক্ষা আয়োগখনৰ আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰিছিল?

উত্তৰ:– 1952 চনৰ 6 অক্টোবৰ তাৰিখে শিক্ষামন্ত্ৰী ড. মৌলানা আব্দুল কালাম আজাদে মাধ্যমিক শিক্ষা আয়োগখন আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰিছিল

প্ৰশ্ন: 1952-53 চনৰ মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ লক্ষসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ:- ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগখনৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ হ’ল—

(ক) ব্যক্তিত্বপূর্ণ বিকাশ সাধন

(খ)নেতৃত্বৰ প্ৰশিক্ষণ

(গ) গণতান্ত্রিক নাগৰিকত্বৰ ধাৰণা

(ঘ) চৰিত্ৰ গঠনৰ শিক্ষা

(ঙ) বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষা

প্ৰশ্ন:কুঠাৰী আয়োগে আগবঢ়োৱা জাতীয় শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা?

উত্তৰ: শিক্ষক দেশৰ সামাজিক পৰিবৰ্তন আৰু বিকাশ সাধনৰ প্ৰধান আহিলা স্বৰূপে গণ্য কৰিব পাৰি।প্ৰচলিত শিক্ষা ব্যৱস্থা উদ্দেশ্য আৰু ইয়াৰ আন আন দিশত গণতান্ত্ৰিক আৰু সমাজবাদী সমাজৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ আক আমূল পৰিবৰ্তন সাধনৰ প্ৰয়োজন শিক্ষাৰ এনেদৰে বিকাশ কৰিব লাগিব জাৰ জৰিয়তে আমাৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি তুলিব পাৰি।শিক্ষাৰ মাধ্যমিক জাতীয় বিকাশৰ এনেবোৰ লক্ষ্য আৰু উদ্দেশ্য আয়োগে চিনাক্তকৰণ কৰি তুলিছে এই ক্ষেত্ৰত আয়োগৰ বিশ্লেষণ তলত বহুল ভাৱে ডাঙি ধৰা হল:-

i)শিক্ষা আৰু উৎপাদনমুখিত:- শিক্ষা আৰু অৰ্থনৈতিক উৎপাদন ওত: প্ৰোত ভাৱে জৰিত।জাতীয় বিকাশৰ বাবে বিশাল সম্পদ উদঘাটন কৰিবলৈ হলে শিক্ষক উৎপাদনৰ লগত সংযোগ কৰিব লাগিব।এই উদ্দেশ্য আগত ৰাখি আয়োগে তলত দিয়াঁ পৰামৰ্শসমূহ আগবঢ়াইছিল –

ক) বিজ্ঞান ভিত্তিক শিক্ষা :- শিক্ষা আৰু সংস্কৃতি সকলোতে আমি বিজ্ঞানক প্ৰয়োগ কৰিব লাগে। বিজ্ঞানৰ প্ৰয়োগৰ মাজেৰে মুঠ জাতীয় আয় বৃদ্ধি কৰিব লাগে।

খ)কৰ্ম অভিজ্ঞতা:গৃহ, স্কুল, কৰ্মশালা আদি যিকোনো উৎপাদন মূলক পৰিস্থিতি অংশগ্ৰহণ কৰা কাৰ্যই হৈছে কৰ্ম অভিজ্ঞতা।কৰ্ম অভিজ্ঞতাই আধুনিক শিক্ষাৰ থকা কৰ্ম বি মুখিতাৰ দুৰ্বলতা দুৰ কৰিব পাৰে।

গ) বৃক্তি মুখি শিক্ষা:বুলিলে এনে শিক্ষাক বুজায় যাৰ দ্বাৰা শিক্ষাৰ্থী কোনো নিৰ্দিষ্ট পেচা বা পেশাগত কাৰ্যৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান অৰ্জন কৰে।

ঘ)বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন:শিক্ষাৰ্থীক বৈজ্ঞানিক দৃষ্টিভংগী আৰু প্ৰযুক্তিগত দক্ষতা প্ৰদান কৰি সমাজ আৰু ৰাষ্ট্ৰৰ অগ্ৰগতিৰ বাবে প্ৰস্তুত কৰা।

ii)শিক্ষা সামাজিক আৰু জাতীয় সংহতি:স্বাধীন ভাৰতত মুক্ত ৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰবৰ্তিত হৈছে।আয়োগে কৈছিল যে শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য হব শিক্ষাৰ্থীৰ মনত জাতীয় সং জাগ্ৰত কৰা।এই উদ্দেশ্য আয়োগে আগবঢ়োঁৱা পৰামৰ্শ সমূহ আছিল:

ক)সাধাৰণ বিদ্যালয় স্থাপন:দেশৰ সকলো শ্ৰেণীৰ লোকে যাতে শিক্ষাৰ সমান সুবিধা লাভ কৰিব পাৰে তাৰ বাবে সাধাৰণ বিদ্যালয় স্থাপন কৰা।

খ)সামাজিক আৰু জাতীয় সেৱা:শিক্ষাৰ প্ৰত্যেক স্তৰতে সামাজিক আৰু জাতীয় সেৱা বাধ্যতামূলক কৰি তোলা।

গ)ভাষা নীতি গড় দি তোলা:পাৰস্পৰিক সংযোগ স্থাপন কৰোঁতে সহজ হোৱাকৈ ভাষা নীতি গড় দি তোলা।

ঘ) জাতীয় সচেতনতা:শিক্ষাৰ্থীৰ মনত জাতীয় ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ গঢ়ি তোলা।

ঙ)আন্তৰ্জাতিক বুজাপুৰাৰ বাবে শিক্ষা:শিক্ষাৰ জৰিয়তে বিভিন্ন দেশ, জাতি আৰু সংস্কৃতিৰ মাজত সম্প্রীতি, ভাতৃত্ব আৰু সহযোগিতা সৃষ্টি কৰা।

iii)শিক্ষা আৰু আধুনিকীকৰণ:বৰ্তমান সময়ত দ্ৰুত গতিত সামাজিক পৰিবৰ্তন ঘটিছে।শেই লক্ষ্য ৰাখি শিক্ষা ব্যবস্থাৰ ও পৰিবৰ্তন কৰাটো আবশ্যক।এই ক্ষেত্ৰত আয়োগে কিছুমান উদ্দেশ্য ডাঙি ধৰিছে।যেনে –

ক)জ্ঞানৰ বিস্ফোৰণ:নতুন সমাজৰ লগত খাপ খোৱাকৈ এক নতুন শিক্ষা পদ্ধতিৰ প্ৰয়োজন।

খ) দ্ৰুত সামাজিক পৰিবৰ্তন:শিক্ষাৰ ক্ষেত্ৰত বিকাশশীল আৰু গতিশীল নীতি গ্ৰহণ কৰা।

গ)দ্ৰুত অগ্ৰগতিৰ প্ৰয়োজন: সামাজিক সমস্যা সমাধানৰ বাবে দ্ৰুত ভাৱে অগ্ৰগতি সাধন কৰা।

ঘ)আধুনিকীকৰণ আৰু শিক্ষাৰ অগ্ৰগতি:সমাজৰ দ্ৰুত আধুনিকীকৰণৰ কাৰণে আওকলি শিক্ষা ব্যৱস্থা সলনি কৰা।

iv)সামাজিক,আধ্যাত্মিক আৰু নৈতিক মূল্যবোধ:সমাজৰ প্ৰতি দায়বদ্ধ কৰি তুলিবৰ বাবে শিক্ষাৰ্থী সকলৰ মাজত কিছুমান সাৰ্বজনীন সামাজিক ,নৈতিক আৰু আধ্যাত্মিকতাৰ উপৰত জাগ্ৰত কৰি তোলা ।

প্ৰশ্ন:আয়োগ খনে স্কুলীয়া শিক্ষা কেইবছৰ হোৱাৰ কথা কৈছিল?

উত্তৰ: কুঠাৰী আয়োগে কৈছিল যে বিদ্যালয় শিক্ষা ১০ বছৰীয়া হ’ব লাগিব — ইয়াৰ ভিতৰত ৭ বছৰ প্ৰাথমিক শিক্ষা আৰু ৩ বছৰ মাধ্যমিক শিক্ষা ধৰা হৈছিল।

প্ৰশ্ন:কৰ্ম অভিজ্ঞতা বুলিলে কি বুজা?

উত্তৰ: আয়োগৰ মতে কৰ্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃক্তিমূলক সকলোবোৰ বিষয়ৰ শিক্ষাৰ সভিছেদ্য অংগ হব লাগে।গৃহ,স্কুল,কৰ্মশালা,ফাৰ্ম,ফেক্টোৰী নাইবা আন যিকোনো উৎপাদন মূলক পৰিস্থিতিত অংশগ্ৰহণ কৰা কাৰ্যই হৈছে কৰ্ম অভিজ্ঞতা।ইয়াৰ দ্বাৰা শিক্ষাৰ্থীয়ে নিজৰ শৈক্ষিক জ্ঞানক প্ৰয়োগ কৰি বাস্তৱ জীৱনৰ লগত তুলনা কৰি শিকিব পাৰে।ইয়াৰ উদ্দেশ্য হ’ল শিক্ষাৰ্থীক বাস্তৱ জীৱনৰ সমস্যা, পৰিস্থিতি আৰু কৰ্মৰ সৈতে পৰিচিত কৰাই দিয়া।ইয়াৰ জৰিয়তে শিক্ষাৰ্থী সকলে হাত-কামে শিকিব পাৰে যাৰ ফলত শিক্ষা আনন্দময় হয় আৰু বহু দেৰিলৈকে মনত ৰখাত সহায় হয়।

প্ৰশ্ন:’ অপাৰেচন ব্লেকবোৰ্ড ‘ কি?

উত্তৰ: অপাৰেচন ব্লেকবোৰ্ড হল এটা আঁচনি যাৰ জৰিয়তে সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰয়োজনীয় সাঁ – সুবিধা দিয়াৰ ব্যৱস্থা কৰা।এই ব্যৱস্থা সমূহৰ বিশেষ উল্লেখযোগ্য সমূহ হল – স সময়ৰ উপযোগী কৈ দুটা ডাঙৰ কোঠা,পুতলা, ব্লেকবোৰ্ড, মানচিত্ৰ, সাৰ্ত আৰু আন আন সঁজুলি সমূহ যোগান ধৰা।প্ৰত্যেকখন বিদ্যালয়তে দুজনকৈ শিক্ষক নিয়োগ কৰা আৰু তাৰে এগৰাকী মহিলা হোৱাটো বাঞ্চনীয়।পাৰিলে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্ৰত্যেক শ্ৰেণীৰ বাবে এজনকৈ শিক্ষকৰ ব্যৱস্থা কৰা।

Scroll to Top