শাক-পাচলি
অনুশীলনী-
১। উদ্ভিদৰ কি কি অংশ পাচলি হিচাপে পাওঁ?
উত্তৰঃ গাজৰৰ শিপা অংশ, ওলকবিৰ গা-গছ অংশ , লাই শাকৰ পাত অংশ, বক ফুলৰ ফুল অংশ, অমিতাৰ ফল অংশ আমি পাচলি হিচাপে খাওঁ।
২। বতৰ অনুসৰি কিয় ভিন ভিন শস্যৰ খেতি কৰা হয়?
উত্তৰঃ সকলো শাক-পাচলি সকলো সময়তে নহয়। কাৰণ কিছুমান শাক-পাচলিৰ খেতিৰ বাবে বতৰ গৰম (উষ্ণ) হ’ব লাগে। পানীও সৰহ পৰিমাণে লাগে। সেইবাবে কিছুমান শাক-পাচলিৰ খেতি বাৰিষা কালত আৰু কিছুমান শাক-পাচলিৰ খেতি খৰালি কালত কৰা হয়।
৩। বাৰিষা আৰু খৰালি কালত হোৱা দহবিধকৈ শাক-পাচলিৰ নাম লিখা।
উত্তৰঃ বাৰিষা কালত দহবিধ শাক-পাচলিৰ নাম হৈছে- মৰিচা শাক, ভেন্দি, পানীলাও, ভাত কেৰেলা, কোমোৰা, লেচেৰা, পটল, ভোল, তিয়ঁহ আৰু ৰঙালাউ |
খৰালি কালত হোৱা দহবিধ শাক-পাচলিৰ নাম হৈছে- লাই, পালেং, আলু, কবি, মূলা, পানীলাও, , ওলকবি, বন্ধাকবি, গাজৰ আৰু বিলাহী।
৪। তলত দিয়া শাক-পাচলিবোৰৰ কি কি অংশ খোৱা হয় লিখা-
লাই, পালেং, পানীলাও, গাজৰ, কোমোৰা, বকফুল, মূলা, ওলকবি, কচু, বীন, মটৰ, উৰহী, স্কোৱাচ, বিলাহী।
উত্তৰঃ লাই – পাত অংশ।
পালেং – পাত অংশ ।
পানীলাউ – ফল অংশ।
গাজৰ – শিপা অংশ।
কোমোৰা – ফল অংশ।
বকফুল – ফুল অংশ।
মূলা – শিপা অংশ।
ওলকবি – শিপা অংশ।
কচু – শিপা অংশ।
বীন – ফল অংশ ।
মটৰ – ফল অংশ।
উৰহী – ফল অংশ।
স্কোৱাচ – ফল অংশ।
বিলাহী – ফল অংশ।
৫। কিছুমান বীজ গজিবলৈ পানীত তিয়াই ৰখা হয়। কিয়?
উত্তৰঃ কিছুমান শাকৰ গুটি বা বীজৰ বাকলি (চোকোৰা) টান। ইয়াক পানীত তিয়াই বাকলি কোমল কৰা হয় যাতে সোনকালে গজালি মেলে।
৬। শুদ্ধনে অশুদ্ধ লিখা-
ক) আমি লাই শাকৰ পাত অংশ খাও।
উত্তৰঃ শুদ্ধ।
খ) শাক-পাচলি কেৱল ৰান্ধিয়ে খাব পাৰি।
উত্তৰঃ অশুদ্ধ।
গ) কিছুমান বনৰীয়া শাক পাচলি আছে।
উত্তৰঃ শুদ্ধ।
ঘ) ভেন্দি জাৰকালি হোৱা শাক-পাচলি।
উত্তৰঃ অশুদ্ধ।
ঙ) কিছুমান শাকৰ গুটি সিঁচিলেই গজালি ওলায়।
উত্তৰঃ শুদ্ধ।